একজিমা কি?
একজিমা এবিধ ছালৰ ৰোগ। এই ৰোগত ছালখন খহতা চকলা চকল শুকানভাৱ হয়। অতি বেছিকৈ খজুৱতি হয়।
এই ৰোগ হোৱাৰ কাৰণ কি?
এই ৰোগ সাধাৰণতে হাইপাৰ চেঞ্চিটিভিটি বা এলাৰ্জিৰ বাবে হয়। ইয়াৰ ফলত ছালত পোৰনি উঠে আৰু এনে দহনৰ ফলত চকলা চকল শুকান বগা হৈ পৰে আৰু খজুৱায়।
এই ৰোগৰ লক্ষণ আৰু উপসৰ্গবোৰ কি?
এই ৰোগত ছাল শুকান, চকলা চকল আৰু ৰঙা হৈ পৰে। অতি বেছি খজুৱতি হয়। এই অৱস্থা অতি বেছি হয় যেতিয়া গৰম বেছি হয়, হেঁচা পৰে বা সেই ঠাইবোৰ খজুৱালে।
কোন বয়সত এই ৰোগ বেছিকৈ হয়?
কেঁচুৱা আৰু শিশুসকলৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায় যদিও ডাঙৰ লোকৰো এই ৰোগ হব পাৰে।
ছালত কোন কোন অংশত এই ৰোগ হব পাৰে?
আঠুৰ পিছফালে, কিলাকুটিৰ ভাঁজত, মনিবন্ধনী, ডিঙি, গেৰুৱা, ভৰি আদিত সাধাৰণতে এই ৰোগ হয়। কেঁচুৱাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত গালত বা মুখত আৰম্ভ হৈ কেইমাহমানৰ পাছত আন অংশলৈ প্ৰসাৰিত হব পাৰে।
এই ৰোগ হোৱাৰ ভয় কাৰ বেছি?
যিসকল লোকৰ জ্বৰ হৈ আছে বা হাঁপানি আছে, তেনেলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। পৰিয়ালত কাৰোবাৰ যদি এই ৰোগ আছে, শ্বাসনলীত এলাৰ্জি আছে, সেইসকলৰো একজিমা হব পাৰে।
এই ৰোগ বৃদ্ধি হবগৈ পাৰেনে?
প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত এই ৰোগ বৃদ্ধি হোৱাৰ কাৰণ বেলেগ বেলেগ হয়।
এই অৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব লাগে?
ইয়াৰ উপসৰ্গবোৰ কমাই ৰাখিবলৈ ওপৰত উল্লেখ কৰা কথাকেইটা নিয়ন্ত্ৰণত ৰাখিব লাগিব।
এই ৰোগৰ দীৰ্ঘকালীন প্ৰতিক্ৰিয়াবোৰ কি?
এই ৰোগৰ চিকিত্সাৰ পাৰ্শ্বক্ৰিয়াবোৰ কি?
এই ৰোগৰ চিকিত্সাত ব্যৱহূত টপিকেল ষ্টেৰয়েড মলম আৰু ঔষধবোৰে খজুৱতি আৰু চেকেণ্ডৰী স্কিন কণ্ডিছন বৃদ্ধি কৰিব পাৰে। দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ই ছাল পাতল কৰি পেলাব পাৰে। ব্যৱহূত এন্টিবায়টিকৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন পাৰ্শ্বক্ৰিয়া হব পাৰে। এন্টিহিষ্টামিনে টোপনীৰ ভাব বৃদ্ধি কৰিব পাৰে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 7/13/2020
গ্ৰীষ্মত ছাল সতেজ কৰি ৰখাৰ উপায়- ফলাহাৰ
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
আমি অতিৰিক্ত ভিটামিন খাব লাগেনে?
ঋতু বিশেষ ছালৰ যতন