আমাৰ কিডনীটোৱে সঠিকভৱে কাম নকৰিলে, অৰ্থাত্ পানী আৰু বিষাক্ত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ কৰাত বাধা আহি পৰে। ফলত বিষাক্ত আৱৰ্জনা জমা হৈ শৰীৰৰ সংকটাৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত আমাৰ মৃত্যুও হ’ব পাৰে। কিডনীয়ে শৰীৰৰ জলভাগৰ মান আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইয়াৰ লগতে কেতবোৰ হৰম’নো উত্পাদন কৰে। যিবোৰে শৰীৰৰ ভালেমান অংগৰ ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে। সেয়ে শৰীৰত কিডনীৰ গুৰুত্ব অপৰিহাৰ্য।
কিডনীৰ ৰোগ হ’লে বহুদিনলৈ কোনো লক্ষণ দেখা নাযাব পাৰে। সেইবাবে নিয়মিতভাৱে তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাব লাগে। তেজত ক্ৰিয়েটিনিন আৰু ব্লাড ইউৰিয়া নাইট্ৰ’জেনৰ মাত্ৰা বৃদ্ধি হ’লে কিডনীৰ ৰোগ তথা বৈকল্যৰ আৰম্ভণি হৈছে বুলি বুজিব পাৰি। স্বাভাৱিক অৱস্থাত প্ৰস্ৰাৱত প্ৰ’টিন নিঃসৰিত নহয়, কিন্তু প্ৰস্ৰাৱ পৰীক্ষা কৰিলে যদি দেখা যায় যে প্ৰ’টিন নিঃসৰিত হৈছে, তেনেহ’লে কিডনীৰ ৰোগ তথা বৈকল্যৰ আৰম্ভণি সূচায়। তলত কেতবোৰ সম্বাৱ্য লক্ষণ উল্লেখ কৰা হৈছে। ইয়াৰ যিকোনো এটা ধৰা পৰিলে তত্কালীনভাৱে চিকিত্সকৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় চিকিৎসা কৰা উচিত।
কিডনী ৰোগৰ মাত্ৰা বৃদ্ধি হ’লে নিম্নোল্লেখিত ওপৰঞ্চি লক্ষণসমূহ দেখা দিব পাৰে-
জিএনআৰচি স্বাস্থ্য।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা