বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি বিশ্বত প্ৰতি বছৰে ১.৭২ কোটি লোকৰ হৃদজনিত ৰোগত মৃত্যু হয়। বিভিন্ন হৃদৰোগৰ ভিতৰত ‘কৰনাৰী আৰটেৰি ডিজিজ’ হৈছে হৃদজনিত ৰোগত মৃত্যুৰ মূল কাৰণ। এই ৰোগত উন্নত, অনুন্নত তথা উন্নয়নশীল দেশসমূহতো মৃত্যুৰ হাৰ সমানে বিয়পি আছে আৰু প্ৰতি বছৰে যথেষ্টসংখ্যক লোক আক্ৰান্ত হয়। এই বিষয়ে অধিক জানিবলৈ আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডা: বিপ্লৱ পালক।
সৰ্বসাধাৰণ মানুহে হাৰ্ট এটেক বুলি কয় যদিও চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক মায়’কাৰ্ডিয়েল ইনফাৰ্কচন, আনষ্টেবল এনজিনা বা একুট কৰোনাৰী আদি নামেৰে জনা যায়। আমাৰ হাৰ্টে যিদৰে গোটেই শৰীৰত তেজ পাম্প কৰি পঠিয়ায়, ঠিক তেনেকৈ হাৰ্টটো সঠিককৈ চলি থাকিব পৰাকৈ ইয়াক তেজৰো প্ৰয়োজন হয়। হাৰ্টক তেজ যোগান ধৰা ধমনীবোৰক কৰনাৰী ধমনী বুলি কোৱা হয়। এই কৰনাৰী ধমনীবোৰ যেতিয়া আংশিকভাৱে বা সম্পূৰ্ণবোৰ বন্ধ হয়, তেতিয়া হৃদপিণ্ডৰ মাংসপেশীবোৰৰ তেজ যোগানত ব্যাঘাত জন্মে আৰু কিছু দেৰি তেনেকৈ থাকিলে হাৰ্ট এটেক হয়।
হাৰ্ট এটেক প্ৰধানত: আমাৰ কৰণাৰী ধমনীবোৰত চৰ্বী জমা নহয়। ইয়াৰ বাবে কমেও ৫-১০ বছৰৰ প্ৰয়োজন। এই চৰ্বী জমা হোৱাৰ মূল কাৰণ হৈছে ধপাতযুক্ত সামগ্ৰী সেৱন (বিড়ি, চিগাৰেট, চাধা) আৰু মদ্যপান আদি। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি। শাৰিৰীক পৰিশ্ৰমৰ অভাৱ আৰু অত্যাধিক চিন্তা বা হতাশাত ভোগাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে। কিছু সংখ্যক ব্যক্তি আকৌ বংশগতভাৱেও হাৰ্ট এটেকত আক্ৰান্ত হয়। যদি বুকুৰ ঠিক মাজতে হঠাতে সাংঘাতিক বিষ অনুভৱ হয় আৰু যদি সেই বিষটো হাতলৈ বিয়পি পৰে বা ডিঙিটো চেপা মাৰি ধৰে, তেন্তে সেইটো হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। বহু মানুহৰ আকৌ ঘাম বেছিকৈ নিৰ্গত হয়, হৃদস্পন্দন বাঢ়ি যায় বা শ্বাস-প্ৰশ্বাসত অসুবিধা হয়। সৰ্বসাধাৰণ লোকে প্ৰায়েই এইবোৰ লক্ষণ গেছৰ বাবে হয় বুলি ধৰি লয়। কিন্তু এনে ধৰণৰ লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
আমি সদায় পুৱাৰ সাঁজ আহাৰ বেছিকৈ খাব লাগে। দুপৰীয়াৰ সাঁজ অলপ কম আৰু নিশাৰ সাঁজ তাতকৈও কমকৈ খাব লাগে। নিশা শাৰিৰীক পৰিশ্ৰম কম হোৱাৰ বাবে বেছিকৈ খালে আহাৰৰ উপাদানসমূহ চৰ্বী আকাৰেৰে আমাৰ শৰীৰত জমা হয়। আমি সদায় যথেষ্ট পৰিমাণে শাক-পাচলি আৰু পানী খাব লাগে। অত্যাধিক চৰ্বীযুক্ত খাদ্য হৃদপিণ্ডৰ বাবে ক্ষতিকাৰক। অত্যাধিক ঘিউ, তেল, চকলেট, আইচক্ৰীম আদিও শৰীৰৰ বাবে অপকাৰী।
সুস্থ-সবল জীৱন-ধাৰণ প্ৰণালীয়ে হৈছে হাৰ্ট এটেক প্ৰতিৰোধ কৰাৰ মূল চাবি-কাঠি। ধপাতজাতীয় বা নিচাজাতীয় সামগ্ৰী বৰ্জন কৰা, সদায় শাৰিৰীক পৰিশ্ৰম বা ব্যায়াম কৰা, সময়মতে প্ৰাকৃতিক খাদ্য খোৱা আৰু হাঁহি-ধেমালিৰে জীৱন-নিৰ্বাহ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কমি যায়। লগতে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটোও প্ৰয়োজনীয়। সাধাৰণতে কোনো তেজৰ ধমনী আংশিক বা সম্পূৰ্ণৰূপে বন্ধ হ’লে হাৰ্ট এটেক হয়। গতিকে আমি সোনকালে সেই তেজৰ নলী খোলাৰ ব্যৱস্থা কৰিব লাগে। ওচৰত যদি কোনো কাৰ্ডিঅ’ কেথলেব থাকে, তেন্তে এনজিঅ’প্লাষ্টি কৰি তেজৰ ধমনীবোৰ খুলি দিব লাগে। নতুবা দূৰ অঞ্চলত এনেকুৱা এটেক হ’লে এবিধ দৰৱ ১২ ঘন্টাৰ ভিতৰত দিব পাৰিলে তাৎক্ষণিকভাৱে এই বন্ধ নলী খোল খোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত আক্ৰান্ত ব্যক্তিৰ হৃদৰোগ বা মগজুৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি। আনহাতে হৃদৰোগ থকা মানুহৰ যদি উচ্চ ৰক্তচাপ থাকে, তেন্তে তেওঁৰ ৰক্তচাপ ১২০/৮০ ৰ তলত থকাটো কাম্য। ঠিক তেনেকৈ ডায়েবেটিছ থকা মানুহৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি। উল্লেখনীয় দিশটো হ’ল ডায়েবেটিছ ৰোগীৰ বুকুৰ বিষ নোহোৱালৈকেও হাৰ্ট এটেক হ’ব পাৰে। ইয়াক আমি ছাইলেন্ট মায়’কাৰ্ডিয়াল ‘ইনফাৰ্কচন’ বুলি কওঁ। মানুহৰ কোনো এটা ধমনীত চৰ্বী জমা হোৱাৰ ফলত কিছুমান ঠাই চেপা খাই যায় আৰু সেই চেপা খোৱা ঠাইডোখৰ বেলুন ফুলাই বহলাই দি তাঁৰৰ জালি, যাক আমি ষ্টেন্ট বুলি কওঁ সেইটো বহাই দিয়াকে এঞ্জিঅ’প্লাষ্টি বুলি কোৱা হয়। এই কামটো সাধাৰণতে ৰোগীজনক অজ্ঞান নকৰাকৈ আৰু কটা-ছিঙা নকৰাকৈ কৰা হয়। আনহাতে, বাইপাছ ছাৰ্জাৰীত ৰোগীজনক সম্পূৰ্ণ অজ্ঞান কৰি বুকু কাটি কৰা হয়। ইয়াৰ তেজৰ ঠেক হোৱা ধমনীত এটা বেলেগ সিৰা বা ধমনী কাটি আনি লগাই দিয়া হয়। হাতেৰে এঞ্জিঅ’গ্ৰাফী কৰাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল-পৰীক্ষাটো শেষ হোৱাৰ পিচ মূহুৰ্তত মানুহজনে বহিব, থিয় হ’ব বা খোজ কাঢ়িব পাৰে। ইয়াত ৰক্তপাতৰ পৰিমাণ খুব কম হয় আৰু বহি:বিভাগৰ পৰীক্ষা হিচাপে ইয়াক কৰিব পৰা যায় আৰু ইয়াৰ বিষ কমকৈ হয়।
লিখক: ডা: বিপ্লৱ পাল, সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
আমলখি
কৰোনাৰি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি?
উদ্ভিদজ পথ্যই কলেষ্ট্ৰৰেলৰ সমস্যা মুক্ত কৰিব?
আমি খোৱা পানীটুপিও হৃদৰোগৰ কাৰক হ’ব পাৰে