সংজ্ঞা
কিডনিৰ শিল সৰু সৰু গোটা শিলৰ দৰে পদাৰ্থ। এটা বা সৰু সৰু বহুত এনে টুকুৰা কিডনিত হ’ব পাৰে।
আন নাম
ৰেনেল কেলকুলি, নেফ্ৰলিথিয়াছিছ, কিডনি পাথৰ।
কিবা পদাৰ্থৰ বাবে যেতিয়া প্ৰস্ৰাৱ অতি ঘন হয়, তেতিয়া কিডনিত শিল হ’ব পাৰে। সেই পদাৰ্থবোৰে সৰু সৰু ক্ৰিষ্টেল বা দানা তৈয়াৰ কৰে আৰু সেইবোৰ লগ লাগি ডাঙৰ এটুকুৰা শিললৈ ৰূপান্তৰিত হয়। মূত্ৰনলীৰ ফালে তললৈ নামি নহালৈকে ইয়াৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাযায়। নামি আহিলে বিষ আৰম্ভ হয়। এই বিষ সাধাৰণতে অতি তীব্ৰ হয়। কাষেৰে নামি আহি কৰঙনৰ চুকলৈ যায়। কিডনি পাথৰ প্ৰায়েই হোৱা দেখা যায়। ৭০ বছৰ বয়সৰ ভিতৰত ৫ শতাংশ মহিলা আৰু ১০ শতাংশ পুৰুষৰ কমেও এবাৰ এই ৰোগ হোৱা দেখা যায়। এবাৰ এই ৰোগ হ’লে পিছত আকৌ এনে ৰোগ হোৱাটো বেছি সংখ্যকৰ মাজত পৰিলক্ষিত হয়। সময়্তকৈ আগতে জন্ম পোৱা শিশুৰ ক্ষেত্ৰত এই ৰোগ অতি স্বাভাৱিক।
এই পাথৰ কেইবা ধৰণৰ হয়
ঠাণ্ডা লগা।
বিষ ইমানেই তীব্ৰ হয় যে, টোপনীৰ ঔষধ খাব লগাও হব পাৰে। পেট আৰু পিঠি চুই চালে কোমল হব পাৰে। পাথৰ যদি তীব্ৰ আৰু বাৰে বাৰে হয় তেন্তে কিডনি ফেইল হোৱাৰ আশংকা থাকে।
এইবোৰ পৰীক্ষাত পাথৰ আৰু মূত্ৰনলীৰ বাধাবোৰ দেখা পোৱা যাব পাৰে:
তেজ বা পেচাব পৰীক্ষা কৰি কেলছিয়ামৰ মাত্ৰা অধিক পোৱা গ’লে:
আগতে যদি পাথৰ হৈছিল-পেচাব পনীয়া কৰিবলৈ অধিক পৰিমাণৰ পানী বা জুলীয়া পদাৰ্থ খোৱা(৬ৰ পৰা ৮ গিলাচ পানী প্ৰতিদিনে) উচিত। পাথৰৰ ধৰণৰ ওপৰত ভিত্তি কৰি ঔষধ বা আন নিৰাময়ৰ ব্যৱস্থা লব পৰা যায়।
সংজ্ঞা
কিডনিৰ বৰ্জিত পদাৰ্থ বাহিৰ কৰি দিয়াৰ সক্ষমতা নথকা, প্ৰস্ৰাৱক ঘন কৰিব নোৱাৰা, ইলেকট্ৰ’লাইট ধৰি ৰাখিব নোৱাৰাৰ ফলত মূত্ৰাশয়ৰ দীৰ্ঘম্যাদী কাৰ্যক্ষমতা অকাৰ্য্যকাৰী হৈ পৰে।
আন নাম
কিডনি ফেইল- ক্ৰনিক মূত্ৰাশয় ফেইল-ক্ৰমিক, ক্ৰনিক ৰেনেল ইনচাফিচিয়েছি (চিআৰএফ)।
তীব্ৰ মূত্ৰাশয়ৰ বিকলতাৰ ফলত কিডনিৰ কাম-কাজ ঠিকমতে নচলিলে দীৰ্ঘম্যাদী বিকলতা লাহে লাহে অধিক অৱনতি ঘটে। কিডনিৰ কাম-কাজ লাহে লাহে কমি যোৱা ধৰণৰ ৰোগবোৰৰ পৰা এই অৱস্থাৰ সৃষ্টি হয়। এই অৱস্থা অতি ধীৰ গতিত হ’ব পাৰে। এইবোৰ বাঢ়ি গৈ শেষ অৱস্থাত মূত্ৰাশয়ৰ ৰোগ হয়। এইৰোগত তৰল আৰু বৰ্জিত পদাৰ্থবোৰ শৰীৰত জমা হৈ থাকে। ইয়াৰ ফলত এজ’টেমিয়া আৰু ইউৰেমিয়া হয়। নাইট্ৰ’জেন বৰ্জিত পদাৰ্থ তেজত জমা হোৱাটোক এজ’টেমিয়া বোলা হয়। ইয়াৰ কোনো লক্ষণ দেখা নিদিবও পাৰে। ইউৰেমিয়া মূত্ৰাশয়ৰ বিকলতাৰ বাবে হোৱা এটা ৰোগগ্ৰস্থ অৱস্থা। ক্ৰমিক মূত্ৰাশয়ৰ বিকলতাৰ ফলত শৰীৰৰ সকলো অংগই প্ৰভাৱিত হয়। দেহত তৰল পদাৰ্থ জমা হৈ যোৱা আৰু ইউৰেমিয়াৰ ফলত অতি বেছি জটিলতাৰ সৃষ্টি হ’ব পাৰে।
প্ৰাথমিক লক্ষণবোৰৰ ভিতৰত আছে:
পিছলৈ দেখা দিব পৰা লক্ষণবোৰ:
এই ৰোগত অতিৰিক্তভাৱে কিছু লক্ষণ যোগ হ’ব পাৰে:
উদ্বেগ।
অলপ বা খুব বেছি ৰক্তচাপ থাকিব পাৰে। স্নায়ুতন্ত্ৰৰ পৰীক্ষা কৰিলে পলিনিউৰ’পেথি দেখিবলৈ পোৱা যাব পাৰে। ষ্টেথিস্কোপত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ অস্বাভাৱিক শব্দ শুনা যাব পাৰে।
প্ৰস্ৰাৱ বিশ্লেষণ কৰিলে প্ৰটিন বা আন কিবা অস্বাভাৱিকতা পোৱা যাব পাৰে। লক্ষণে দেখা দিয়াৰ ৬ মাহৰ পৰা ১০ বছৰ বা তাৰ আগতেও প্ৰস্ৰাৱ পৰীক্ষা কৰিলে অস্বাভাৱিকতা দেখা পোৱা যাব পাৰে।
ক্ৰনিক ৰেনেল ফেইলাৰৰ নিৰ্দেশক হিচাবে আন আন পৰিৱৰ্তনবোৰৰ লগতে দুয়োটা কিডনি স্বাভাৱিক অৱস্থাতকৈ সৰু যেন দেখিবলৈ পোৱা যাব পাৰে:
তলৰ পৰীক্ষাবোৰৰ ফল এই ৰোগে সলনি কৰি দিব পাৰে:
অৰুচি আৰু বমি যদি দুসপ্তাহতকৈ বেছি দিন ধৰি হৈ থাকে, তেন্তে চিকিৎসকক দেখুৱাব লাগে। প্ৰস্ৰাৱৰ পৰিমাণ কমি গ’লে আৰু দীৰ্ঘম্যাদী মূত্ৰাশয়ৰ বিকলতাৰ লক্ষণে দেখা দিলে চিকিৎসকক দেখুৱাব লাগে।
তলত উল্লেখ কৰা ৰোগবোৰৰ উপযুক্ত চিকিৎসা কৰিলে দীৰ্ঘম্যাদী মূত্ৰাশয়ৰ বিকল হোৱাটো প্ৰতিৰোধ কৰিব পাৰি নতুবা বিকাশত পলম কৰিব পৰা যায়। মধুমেহ ৰোগীসকলে চেনী গ্ৰহণ নিয়ন্ত্ৰণত ৰাখিব লাগে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব লাগে। ধূমপান একেবাৰেই বন্ধ কৰিব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
হোমিঅ’পেথিৰে কিডনী পাথৰৰ চিকিৎসা কেনেকৈ কৰা হয় সেই...
কিডনিৰ পাথৰ হোৱা ৰোগ
কিডনি ভালে ৰাখক
ষ্ট্ৰকৰ বিষয়ে