বহুতো সৰু সৰু অংশ লগ হৈ গঠন হোৱা চকু এটা অতি জটিল অংগ। স্পষ্টকৈ দেখা পোৱাটো নিৰ্ভৰ কৰে, চকুৰ এই উপাদানবোৰে কিমান ভালদৰে সমন্বয় ৰক্ষা কৰি কাম কৰিছে তাৰ ওপৰত।
দুয়োটা চকুৰে একেলগে এটা বস্তুৰ ছবি তৈয়াৰ কৰাটোক দৃষ্টি বোলা হয়। নিখুট দৃষ্টিৰ বাবে দুয়োটা চকুৱেই সুক্ষ্মভাৱে, নিখুটভাৱে, সমানে আৰু একেলগে কাৰ্য্য কৰিব লাগে।
বৰ্তমান সমগ্ৰ পৃথিৱীৰ প্ৰায় ৩৭ নিযুত লোক অন্ধ, আনহাতে ১২৪ নিযুত লোকে ভয়াবহভাৱে দৃষ্টিৰ ৰোগত ভুগি আছে।
ভাৰতৰ অন্ধ লোকসকলৰ ৭০ শতাংশ লোক গাঁও অঞ্চলৰ, য’ত ভাল চকুৰ যত্ন লোৱাৰ ব্যৱস্থা নাই। যদি এতিয়াই উপযুক্ত কাৰ্য্যকৰী ব্যৱস্থা লোৱা নহয় তেন্তে অন্ধলোকৰ সংখ্যা ২০২০ চনত বৰ্তমানৰ দুগুণ হবগৈ।
বিশ্ব স্বাস্থ্য সংস্থাই দৃষ্টিশক্তিৰ তীক্ষ্ণতাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি কেইবাটাও শ্ৰেণীবিভাগ কৰিছে। এইবোৰ শ্ৰেণীবিভাগ দৃষ্টিৰ তীক্ষ্ণতাৰ জোখৰ দ্বাৰা নিৰূপন কৰা হয়। চকুৱে কোনো এটা বস্তু বিতংকৈ দেখা পোৱাটো সক্ষমতাক দৃষ্টিৰ তীক্ষ্ণতাৰে জোখা হয়৷ দৃষ্টিৰ তীক্ষ্ণতা সাধাৰণতে চকুৰ পৰা ৩ মিটাৰ, ৬ মিটাৰ দূৰৈত একোখন তালিকা ব্যৱহাৰ কৰি জোখা হয়। এই তালিকাত আখৰ, সংখ্যা বা বিভিন্ন আকাৰ বিভিন্ন জোখত থাকিব পাৰে।
তলৰ তালিকাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতীয় ব্যাখ্যাসহ বিভিন্ন দৃষ্টিৰ শ্ৰেণীভাগবোৰ দিয়া হ’ল
শ্ৰেণীবিভাগ |
তীক্ষ্ণ দৃষ্টিৰে ভালদৰে দেখা পোৱা |
বিশ্ব স্বাস্থ্য সংস্থাৰ ব্যাখ্যা |
ভাৰতৰ ব্যাখ্যা |
০ |
৬/৬-৬/১৮ |
স্বাভাৱিক |
স্বাভাৱিক |
১ |
< ৬/১৮ - ৬/৬০ |
দৃষ্টিশক্তিৰ দূৰ্বলতা |
দৃষ্টিশক্তিৰ দূৰ্বলতা |
২ |
< ৬/৬০ - ৬/১২০ |
সাংঘাটিক দৃষ্টিশক্তিৰ দূৰ্বলতা |
অন্ধ |
৩ |
< ৩/৬০- ১/৬০ |
অন্ধ |
অন্ধ |
৪ |
<১/৬০– |
অন্ধ |
অন্ধ |
৫ |
পোহৰৰ অনুভূতি থকা পোহৰৰ অনুভূতি নথকা |
অন্ধ |
অন্ধ |
এনে ধৰণৰ কোষীয় পৰিৱৰ্ত্তন আৰু স্নায়ৱিক পৰিৱৰ্ত্তনৰ বাবে সাধাৰণতে চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱা ৰোগ হয়। এই সময়ত চকুৰ ৰোগীজনে চচমা পৰিধান কৰি বা অন্য চিকিত্সা গ্ৰহণ কৰিহে তেওঁৰ দৃষ্টিশক্তি বঢ়াব পাৰে। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে মেগ্ননিফায়াৰ আৰু টেলিস্কোপ আদি ব্যৱহাৰ কৰিও দৃষ্টিশক্তি বঢ়াব পৰা যায়।
এজন মানুহৰ দৃষ্টিশক্তি কমি গ’লেও কাৰ্য্যকৰণ বিষয়ক জ্ঞান থকাৰ কাৰণে তেওঁ কিছুমান বিশেষ কাম অনুমানতে কৰি যাব পাৰে। উদাহৰণ স্বৰূপে এজন মানুহক চিনি পোৱাতো (ওচৰৰ পৰা) তেওঁৰ বিশেষ অসুবিধা নহয় বা কৰবাত খুন্দা-খুটলি খাব পাৰে বুলি তেওঁ বিশেষভাৱে সাৱধান হয় বা পৰাপক্ষত তেনে পৰিৱেশৰ পৰা আঁতৰি থাকে। মানুহে নিজস্ব অভিজ্ঞতাৰ পৰা দৃষ্টিশক্তি যে অতি প্ৰয়োজনীয় সেই বিষয়ে বুজিব পাৰে আৰু এজন কম দৃষ্টিৰ মানুহক তেওঁৰ দৃষ্টিশক্তি বঢ়াবলৈ উপযুক্ত শিক্ষা দিয়াতো যে কিমান প্ৰয়োজনীয় সেই বিষয়েও বুজিব পাৰে।
কি কি অৱস্থাত অন্ধতা আৰু দৃষ্টিশক্তি লোপ পাই আহে?
এইটো দেখা গৈছে যে চকুৰ কেটেৰেক্ট অন্ধতাৰ এটা প্ৰধান কাৰণ আৰু ৰিফ্লেকটিভ এৰৰ পৰা চকুৰ দৃষ্টিশক্তি কমি অহা দেখা যায়। ইয়াৰ উপৰিও কনজিটাইটেল আই এনমেলি, অপটিক এট্ৰফি, কৰনিয়েল ডিজিজ, গ্লুকমা, ৰেটিনেল ডিজিজ, এমব্লাইঅপিক আদিও চকুৰ দৃষ্টিশক্তি লোপ পোৱা বা অন্ধতাৰ কাৰণ।
কেটেৰেক্ট আৰু ৰিফ্লেকটিভ এৰৰ হৈছে অন্ধতা আৰু চকুৰ দৃষ্টিশক্তি কমি অহাৰ প্ৰধান কাৰণ। তাৰোপৰি এই কাৰণ দুটা প্ৰতিৰোধ কৰাৰ কোনো উপায় নাই। অৱশ্যে কেটেৰেক্টৰ বাবে সৰু-সুৰা অপাৰেচন কৰি আৰু ৰিফ্লেকটিভ এৰৰৰ বাবে চচমা ব্যৱহাৰ কৰি দৃষ্টিশক্তিক ধৰি ৰাখিব পৰা যায়। কিন্তু চকুৰ অন্ধতা দূৰীকৰণৰ বাবে আৰু চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱাটো নোহোৱা কৰিবৰ কাৰণে আটাইতকৈ উপযুক্ত চিকিত্সা হৈছে গোটেই শৰীৰটোক সুস্থ অৱস্থাত ৰখা।
কেতিয়াবা দেখা যায় উপযুক্ত চকু চিকিত্সা দিব পৰা চিকিত্সালয়ৰ অভাৱ বা উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চৰ অভাৱ। কেতিয়াবা আকৌ চকুৰ চিকিত্সাৰ ক্ষেত্ৰত হোৱা খৰছ বহন কৰিব নোৱাৰিও মানুহে কেতিয়াবা তাৰ পৰা আঁতৰি থাকে বা আই কেয়াৰ চাৰ্ভিচলৈ বহু দূৰ বাট যাবলগীয়া হ’লেও এলাহ কৰি নোযোৱাকৈ থাকে। বয়সস্থ মানুহৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যে তেওঁলোকে দৃষ্টিশক্তি হ্ৰাস পাই অহাটো চকুৰ ৰোগ বুলি নধৰি তাৰ কোনো চিকিত্সা নলৈ নিজকে নিজে সম্ভালিব পাৰিম বুলি ভাবি যায়।
কনচাংগুইনিটি বা কিনচিপ মানে হৈছে পূৰ্ব্ব পুৰুষৰ পৰা একে ধৰণৰ তেজ বহন কৰি অহা দুটা ল’ৰা-ছোৱালী। লেটিন ভাষাৰ কনচাংগুইনিটি শব্দৰ পৰা অহা এই শব্দৰ অৰ্থ হৈছে একে ধৰণৰ তেজৰ নমুনা।
কনচাংগুইনিটি ল’ৰা-ছোৱালীৰ পূৰ্ব্ববৰ্ত্তী বংশত এজন হ’লেও পূৰ্ব্বপুৰুষ থকাতো নিশ্চিত। সেইকাৰণে কনচাংগুইনিটি সূত্ৰটো এনেধৰণৰ একে ধৰণৰ তেজ ধাৰণ কৰা দুটা ল’ৰা-ছোৱালীৰ পৰা জন্ম লাভ কৰা এটা সন্তান।
জিনে সদায় এযোৰ হৈ থাকে যাক আমি আমাৰ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাবে লাভ কৰো। একে ধৰণৰ তেজৰ নমুনা আহৰণ কৰা দম্পতিৰ পৰা জন্ম লাভ কৰা শিশুৰ জন্মৰ পৰাই বিকলাঙ্গ হোৱাৰ আশংকা প্ৰৱল কাৰণ তেজৰ সম্বন্ধ থকা দম্পতিৰ অনিষ্টকাৰী জিন সন্তানলৈ আহে দুযোৰ হয়। জন্মৰ পৰা বিকলাঙ্গ হোৱা শিশুসকলৰ হাৰ বহুত বেচি হয় যিসকল কনচাংগুইনিটিৰ লগত জড়িত। কিন্তু কিছুমান কনচাংগুইনিয়াচ দম্পতিৰ ঠিক ৰীতিমত আৰু স্বাস্থ্যবান শিশুও জন্ম হোৱা দেখা যায়।
লক্ষণসমূহ
কনচাংগুইনিটিনিয়াচ বিবাহৰ ফলত জন্ম লাভ কৰা কিছুসংখ্যক ল’ৰা-ছোৱালী বেচি দিন জীয়াই নাথাকে বা ছমাহ মান বয়সৰ পৰা শৰীৰৰ বিসংগতিয়ে দেখা দিয়ে। এইবোৰ বিশেষকৈ চকু, কাণ, নাক, মুখ, ডিঙি ইত্যাদি আৰু স্নায়বিক ব্যৱস্থাত আক্ৰমণ কৰে। কেতিয়াবা দেখা যায় শিশুৰ গাৰ ছালৰ ৰং গুলপীয়া হয়। চুলিবোৰ বগা হয় আৰু চকুত দৰ্কাৰী পিগমেন্টৰ অভাৱ হয়। এই অৱস্থাটোক কোৱা হয় এলবিনিজিম।
কনচাংগুইনিটি বিবাহৰ ফলত জন্ম হোৱা শিশুৰ চকু কেৰা, কুকুৰীকণা ৰেটিনিজ পিগমেন্টৰা, ফটফবিয়া, চকুৰ সঠিক দৃষ্টিশক্তি হ্ৰাস, নিচটেগমাচ আৰু ৰিফ্লেকটিভ এৰৰ আদি হোৱাৰ সম্ভাৱনা থাকে। বংশগত অৱক্ষয়, ৰেটিমা শুকাই যোৱা ইত্যাদিও লক্ষণীয়। ইয়াৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱা, টানেল ভিচনৰ ফালে আগবঢ়া আৰু কুকুৰীকণা ৰোগ হোৱা দেখা যায়। এইৰোগে সাধাৰণতে ল’ৰা-ছোৱালী আৰু যুব চামক বেচিকৈ আক্ৰমণ কৰা দেখা যায়।
এলবিনিজিম: এইৰোগ বংশানুক্ৰমে অহা এবিধ ৰোগ যাৰ ফলত চুলি, ছাল আৰু চকুৰ পিগমেণ্টেচন একেষাৰে কমি অহা দেখা যায়। অকুলাৰ এলবিনিজিমত অকল চকুতহে এই ৰোগৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত সাধাৰণতে ফ’টফবিয়া, চকুৰ সুক্ষ্ম নিৰীক্ষণ ক্ষমতা কমি অহা নিচটেগমাচ আৰু ৰিফ্লেকটিভ এৰৰ ইত্যাদিয়ে দেখা দিয়ে।
এনিৰিডিয়া: জন্মগতভাৱে যেতিয়া চকুৰ আইৰিচ নাথাকে সেই অৱস্থাটোকে এনিৰিডিয়া বুলি কোৱা হয়।
কলবমা অফ আইৰিচ/কৰইড: ক্ৰমশঃ বিকাশত যেতিয়া বিসংগতি থাকে, তেতিয়া এই আইৰিচ ক’লবমা চকুত নাথাকে।
প্ৰতিৰোধ
উপৰোক্ত আলোচনাৰ পৰা আমি এইটো বুজি পালো যে তেজৰ সম্পৰ্ক থকা লোকৰ মাজত বিয়া হোৱাটো একেবাৰে অনুচিত। কনচাংগুইনিয়াচ দম্পতিয়ে সন্তান সম্ভৱা অৱস্থাত বা সন্তান পাবলৈ পৰিকল্পনা কৰাৰ সময়ত চিকিত্সকৰ লগত জিন সম্পৰ্কীয় পৰামৰ্শৰ অতি প্ৰয়োজন আৰু তাৰ পৰা সন্তানৰ হবলগীয়া বিপদৰ পৰা সন্তানটোক ৰক্ষা কৰিবলৈ দৰ্কাৰী পৰীক্ষাসমূহ কৰিব পৰা যায়।
চকুত থকা লেঞ্চসমূহে দূৰৰ বস্তুসমূহ দেখাত সহায় কৰে। বয়স বঢ়াৰ লগে লগে চকুৰ লেঞ্চসমূহে স্বচ্ছতাৰ গুণ হেৰুৱাই ধূসৰ হৈ পৰে। যাৰ ফলত চকুৰে কোনো এটা বস্তু স্পষ্টকৈ দেখা নোপোৱা হয়। চকুৰ লেঞ্চৰ এই ডাৱৰীয়া বা ধূসৰ বা অস্পষ্ট অৱস্থাটোক কেটেৰেক্ট বুলি কোৱা হয়। পোহৰে চকুৰ ৰেটিনা স্পৰ্শ কৰিব নোৱাৰা কাৰণে চকুৰ দৃষ্টিশক্তি লাহে লাহে কমি আহে, আৰু কেতিয়াবা অন্ধতালৈও যাব পাৰে। বহুতো মানুহৰ ক্ষেত্ৰত দেখা যায় চকুৰ দৃষ্টি অস্পষ্ট আৰু বিকৃত চাৱনী হয়। এই কেটেৰেক্টৰ ফলত।
যদিও সাধাৰণতে ৫৫ বছৰ বয়সৰ ওপৰৰ মানুহৰহে কেটেৰেক্ট হোৱা দেখা যায় তথাপিও কম বয়সীয়া মানুহৰো কেটেৰেক্ট হোৱা দেখা যায়। ৬০ বছৰৰ ওপৰৰ পৃথিৱীৰ শতকৰা ১০ ভাগৰ ৪ ভাগেই কেটেৰেক্টত ভোগে। কেটেৰেক্টৰ পৰাই চকুৰ অন্ধতা আৰম্ভ হয়। কেটেৰেক্টৰ একমাত্ৰ উপায় হৈছে চাৰ্জাৰী। আজিকালি চকুৰ অস্ত্ৰোপচাৰ একেবাৰে বিপদমুক্ত আৰু সহজ।
কেটেৰেক্টৰ সঠিক কাৰণটো এতিয়াও জানিব পৰা হোৱা নাই। কেটেৰেক্ট কেইবা প্ৰকাৰৰো আছে। সৰ্বসাধাৰণতে দেখা পোৱা চেনাইল কেটেৰেক্টবিধ ৫০ বছৰৰ ওপৰৰ মানুহৰ চকুত সাধাৰণতে দেখা দিয়ে। চকুত আঘাট পালে, বাৰ্দ্ধক্যৰ কাৰণে, জিনেটিকচৰ অসমতাৰ কাৰণে চকুৰ এই কেটেৰেক্ট আৰম্ভ হয়। যিবোৰ মানুহ চিগাৰেটৰ ধোৱা, আলট্ৰাভায়লেট ৰশ্মিৰ বা কিছুমান দৰবৰ দ্বাৰা প্ৰভাৱিত হয় তেওঁলোকৰ কেটেৰেক্ট হোৱাৰ সম্ভাৱনা বেচি। ফ্ৰি ৰেডিকেল আৰু অক্সিডাইজিং এজেণ্টৰ পৰাও এটা বয়সত গৈ চকুৰ কেটেৰেক্ট আৰম্ভ হব পাৰে।
লক্ষণসমূহ
চিকিত্সা
বৰ্তমান সময়ত চকুৰ লেঞ্চৰ ট্ৰেঞ্চপাৰেঞ্চি বা স্বচ্ছ অবস্থা ধৰি ৰাখিব পৰা কোনো দৰব নাই। চকুৰ ভিতৰেদি পোহৰ সোমাব নোৱাৰিলে চচমাইও কোনো সহায় কৰিব নোৱাৰে। সেইকাৰণে কেটেৰেক্টৰ একমাত্ৰ চিকিত্সা হৈছে অপাৰেচন কৰি কেটেৰেক্ট গুছোৱা।
আজিকালি বিভিন্ন পদ্ধতিৰে কেটেৰেক্ট চাৰ্জাৰী কৰা দেখা যায়। চকুৰ দৃষ্টি সামান্য অস্পষ্ট যেন হ’লেই কেটেৰেক্ট চাৰ্জাৰীৰ দৰ্কাৰ নহয়। তেতিয়া চচমা সলনি কৰি চকুৰ দৃষ্টি বঢ়াব পাৰি কিন্তু এইটো কোনো এটা নিৰ্দ্দিষ্ট সময়ৰ বাবেহে। কেটেৰেক্ট অপাৰেচনটো কৰাবলগীয়া হয় যেতিয়া চকুৰ ৰোগীজনে চকুৰ কোনো বস্তু ভালদৰে নেদেখা হয়, নিজে বিচৰামতে কোনো কাম কৰিব নোৱাৰা হয় তেতিয়া।
চকুৰ অপটিক নাৰ্ভডাল খুউব বেয়া ধৰণে ক্ষয় গ’লে চকুৰ দৃষ্টিশক্তি লাহে লাহে কমি আহে এটা সময়ত নোহোৱা হৈ পৰে। আমি যেতিয়া এটা বস্তু দেখো তেতিয়া বস্তুটোৰ আকৃতিটোৰ বিষয়ে অপটিক নাৰ্ভডালে ৰেটিনাৰ পৰা মগজুলৈ নি আমাক অৱগত কৰে। গ্লুক’মাত ইন্ট্ৰাঅকুলাৰ প্ৰেচাৰত আক্ৰান্ত হোৱাৰ চকুৰ কাৰ্য্যক্ষমতা নোহোৱা কৰি দিয়ে, অপটিক নাৰ্ভডালৰ ক্ষতিসাধন কৰে ফলত চকুৰ দৃষ্টি নোহোৱা হৈ পৰে।
গ্লুক’মা থকা এজন মানুহে যেতিয়া কোনো এটা বস্তুলৈ চাই তেতিয়া তেওঁ বস্তুটোৰ মাজৰ অংশটোহে দেখা পায়। কিন্তু সময়ৰ লগে লগে এইখিনিও নেদেখা হৈ পৰে। সাধাৰণতে আমাৰ মানুহে সাংঘাটিক কিবা এটা অনিষ্ট নোহোৱালৈকে চকুলৈ বৰ বিশেষ এটা মনকান নিদিয়ে। গ্লুক’মাই কোনো ধৰণৰ লক্ষণ নেদেখুৱাকৈয়ে চকুৰ অনিষ্ট কৰি বাঢ়ি আহি থাকে সেইকাৰণে গ্লুক’মাক “স্নিক থিড অফ চাইট” বুলি কোৱা হয় মানে দৃষ্টিৰ খেহেটা চোৰ।
গ্লুক’মাই পৃথিৱীৰ আনুমানিক ৬ কোটি মানুহক আক্ৰান্ত কৰিছে আৰু ভাৰতৰ মানুহৰ অন্ধতাৰ দ্বিতীয় প্ৰধান কাৰণ গ্লুক’মা। ভাৰতত গ্লুক’মাত আক্ৰান্ত ১ কোটি মানুহৰ মাজৰ ১.৫ লাখ মানুহ ইতিমধ্যেই অন্ধ হৈ গৈছে। গ্লুক’মাই দুইটা চকুতে আক্ৰমণ কৰে। যদিও ৪০ বছৰৰ ওপৰৰ বয়সৰ মানুহৰ গ্লুক’মা হোৱা দেখা যায় তথাপি কেতিয়াবা নতুনকৈ জন্ম হোৱা শিশুৰো গ্লুক’মা হোৱা দেখা যায়।
ধৰণ
গ্লুক’মা সাধাৰণতে দুই ধৰণৰ হোৱা দেখা যায়।
১) প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মা
প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মাত চকুৰ পানী ওলোৱা বাটটো লাহে লাহে বন্ধ হৈ পৰে আৰু ইয়াৰ ফলত চকুৰ ইনাৰ প্ৰেচাৰ বাঢ়িবলৈ ধৰে। যদিও চকুৰ ড্ৰেইনেজ কেনেলৰ সন্মুখভাগে কাম কৰি থাকে, ভিতৰৰ ফালে বাটটো বন্ধ হৈ যোৱাৰ ফলত চকুৰ পৰা ফ্লুইড ওলাই আহিব নোৱাৰে আৰু তেতিয়া চকুৰ ভিতৰৰ প্ৰেচাৰটো বাঢ়িবলৈ ধৰে।
প্ৰাইমাৰী অপেন এঙ্গোল গ্লুক’মাত তেনে কোনো বিশেষ লক্ষণীয় চিন নাথাকে। সময় সাপেক্ষে কৰা চকুৰ পৰীক্ষা অতি প্ৰয়োজনীয়/গ্লুক’মাৰ ক্ষেত্ৰত যিমান পৰা যায় সোনকালে চকুৰ পৰীক্ষা কৰা উচিত আৰু সোনকালে দৰব ব্যৱহাৰ কৰি ইয়াক নিৰাময় কৰিব পৰা যায়।
২) এঙ্গোল ক্লজাৰ গ্লুক’মা
এঙ্গোল ক্লজাৰ গ্লুক’মা হৈছে একপ্ৰকাৰ জটিল চকুৰ ৰোগ। এইৰোগত চকুৰ প্ৰেচাৰটো খুউব সোনকালে বাঢ়ে। চকুৰ আইৰিচ আৰু কৰনিয়া কোচ খাই আহে আৰু ইয়াৰ ফলত ড্ৰেইনেজ কেনেলা সংকুচিত হৈ পৰে।
বয়সস্থলোকৰ লক্ষণসমূহ
ল’ৰা-ছোৱালী
কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰত চকু ৰঙা পৰা, চকুৰ পৰা পানী ওলোৱা, চকু ফুলা, কৰনিয়েল ক্লাউডিং আৰু ফ’টফবিয়া দেখা যায়।
চকুৰ অন্ধতাৰ এটা প্ৰধান কাৰণ হৈছে চকুৰ ট্ৰমা। সাধাৰণতে ট্ৰমাত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত দেখা যায় বেচিভাগেই চিকিত্সা বিষয়ক সুবিধা নোপোৱা কাৰণে বা এইৰোগ বিষয়ক উপযুক্ত জ্ঞান বা প্ৰশিক্ষণ নথকা কাৰণে ভোগিবলগীয়া হয়। চকুৰ আঘাটক যথেষ্ট গুৰুত্ব প্ৰদান কৰি পলম নকৰাকৈ চিকিত্সা কৰাটোৱে শ্ৰেয়। তাত্ক্ষণিক প্ৰাথমিক চিকিত্সা প্ৰদান আৰু উন্নত চিকিত্সাৰ বাবে চিকিত্সালয়লৈ প্ৰেৰণ কৰাতো অতি প্ৰয়োজন দৃষ্টি ৰক্ষণৰ ক্ষেত্ৰত।
কাৰণসমূহ
ঘৰুৱা আঘাট
শ্ৰম বিষয়ক
দূৰ্ঘটনা
ৰাসায়নিক জ্বলন
চকুৰ ট্ৰমাত ভোগা ৰোগীৰ লগত লাগি থাকোতে কেইটামান গুৰুত্বপূৰ্ণ কথালৈ মন কৰিব লাগে
আঘাটৰ পৰা চকুবোৰে ৰক্ষা কৰিব পৰা কেইটামান উপদেশ দিয়া হ’লঃ
চিকিত্সা
সকলো ধৰণৰ চকুতে যদি ৰাসায়নিক দ্ৰব্য পৰে তেতিয়া হ’লে তত্ক্ষণাত পৰিষ্কাৰ পানী বা আন কোনো খোৱা পানীয় চকুত মাৰিব লাগে। আক্ৰান্ত হোৱা চকুটো চাৱাৰ বা দমকলৰ মুখত পাতি দি ধুব লাগে বা এটা পৰিস্কাৰ পাত্ৰত পানী লৈ চকুত ঢালিব লাগে। পানী মাৰি থকা সময়ত চকুটো যিমান পৰা যায় বহলকৈ মেলি ৰাখিব লাগে। এইদৰে প্ৰায় ১৫ মিনিট মান সময় চকুত পানী মাৰি থাকিব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
কেটেৰেক্ট ৰ বিষয়ে লিখা হৈছে
শিশুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কেইটামান পৰামৰ্শ
এই শিতানত শৰীৰতাত্বিক ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈ...
শিশুটিৰ দৃষ্টিশক্তি কম হোৱাৰ কাৰণ