অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰৰ গুণাগুণ

গৰুৰ গাখীৰ

গৰুৰ গাখীৰ তৃপ্তিদায়ক আৰু বলবৰ্দ্ধক। খীৰাই লগে লগে ব্যৱহাৰ কৰা গাখীৰেই সৰ্বোত্তম। ই অমৃতৰ তুল্য। এনে গাখীৰক ধাৰোষ্ণ দুগ্ধ বোলা হয়। এই ধাৰোষ্ণ দুগ্ধ বলকাৰক। বায়ু, পিত্ত আৰু কফ নাশক। ইয়াক নিয়মীয়াকৈ খালে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। গাখীৰ পিত্ত আৰু ৰক্ত দোষ নাশক। মগজু আৰু আয়ুস বৃদ্ধি কৰে। স্মৃতিবৰ্দ্ধক। গাখীৰ – মূৰ্চ্ছা, পাণ্ডু, হৃদ, শূলৰোগ, যোনি ৰোগ, গৰ্ভস্ৰাৱ, অৰ্শ, গুল্ম আদি ৰোগৰ কাৰণে হিতকৰ। জ্বৰ, কফ, গ্ৰহণী, প্ৰমেহ আদি ৰোগত গাখীৰ খাব নালাগে। মাছ, মাংস খাই গাখীৰ খোৱা নিষেধ। মূলা, আনাৰস, জামুৰ সৈতে এঁৱা গাখীৰ খাব নালাগে।

গৰুৰ দৈ

হৃদৰোগৰ কাৰণে খুব উপকাৰী। ই যথেষ্ট আয়ুস বৃদ্ধি কৰে। গৰুৰ দৈ বায়ুনাশক। ভোক বৃদ্ধি কৰে, ই পুষ্টিকৰ আৰু বলকাৰক। দেহ সুস্থ আৰু সৱল কৰি ৰাখে। দৈ খালে পেটৰ গধুৰ গধুৰ ভাৱ নাহে। টোপনি ভাল হয়। পেট খোলোচা হয় আৰু পেটত বায়ু জমা হ’ব নোৱাৰে।

গৰুৰ মাখন

ধাতু পুষ্টিকাৰক। বায়ু নাশক, ভোক বঢ়ায়। কফ আৰু পিত্ত ৰোগৰ কাৰণে বেয়া।

গৰুৰ ঘোল

ভোক বঢ়ায়। দেহত শক্তি বঢ়ায়। বায়ু ৰোগ নাশ কৰে। টোপনি বঢ়ায়। শুক্ৰবৰ্দ্ধক। গ্ৰহণী নাশক। কফ নিবাৰক। অৰ্শ বিনাশক।

গৰুৰ ঘিউ

বলকাৰক, মেধা, তেজ, স্মৃতি আৰু শক্তিবৰ্দ্ধক। বায়ু, পিত্ত, বিষ, উন্মাদ, শূলৰোগ নাশক। চকুৰ কাৰণে হিতকৰ। ই শুক্ৰ বৃদ্ধি কৰে।

গাখীৰৰ সৰ

শীতল তৃপ্তিকৰ, পুষ্টিকৰ, বলকাৰক আৰু শুক্ৰবৃদ্ধি কাৰক। বায়ু আৰু ৰক্তপিত্ত নাশক। সহজে হজম হয়। কফ কাৰক।

ছাগলীৰ গাখীৰ

অতিসাৰ বা পেট চলা, ৰক্ত, পিত্ত, কাহ, জ্বৰ আৰু ৰোগনাশক। ছাগলীৰ গাখীৰ গৰম কৰিহে খাব লাগে। ই লঘুপাকী আৰু শীতল। বায়ু, পিত্ত আৰু কফ নাশক। ইয়াক কাহটো দিব পাৰি।

ছাগলীৰ দৈ

বায়ু, পিত্ত আৰু কফ নাশক। সহজে ভোক লগায়। শ্বাস-কাহ, ক্ষয়-ৰোগ, কেচুমূৰীয়া উপশম কৰে।

ছাগলীৰ ঘোল

বায়ু আৰু পিত্ত নাশক।

ছাগলীৰ ঘিউ

ভোক লগায়, বলবৃদ্ধি কৰে। চকুৰ কাৰণে হিতকৰ। শ্বাস, কাহ আৰু ক্ষয় ৰোগত ব্যৱহাৰ কৰি সুফল পাব পাৰি।

ভেড়াৰ গাখীৰ

পুষ্টিকৰ, বায়ু নাশক, ই শ্বাস ৰোগত উপকাৰী। তৃপ্তিজনক। চুলিৰ কাৰণে উপকাৰী। শুক্ৰ বৃদ্ধিকাৰক। কাহত উপকাৰী কিন্তু কফ আৰু পিত্ত বৰ্দ্ধক।

ম’হৰ গাখীৰ

ই কফ বৃদ্ধি কৰে। শুক্ৰবৰ্দ্ধক আৰু বলকাৰক। সহজে হজম নহয়। টোপনি বৃদ্ধি কৰে। ৰক্তপিত্ত আৰু ভোক নিবাৰক।

ম’হৰ দৈ

কোলম, শ্লেষ্মাকাৰক। তেজ অপৰিষ্কাৰ কৰে। শুক্ৰ বৃদ্ধি কৰিব পাৰে।

ম’হৰ ঘিউ

মধুৰ ৰস, ৰক্তপিত্ত নাশক, শুক্ৰবৰ্দ্ধক কিন্তু গুৰুপাকী আৰু কফকাৰক। বায়ু ৰোগ নাশ কৰে। সহজে হজম নহয়। শ্লেষ্মাকাৰক।

উৎস: বনদৰৱ আৰু আৰোগ্য।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate