অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ ফল বতৰত খাওক

বৰ্ষা ঋতু প্ৰকৃতি জগতৰ বাবে আটাইতকৈ অনুপম সময়। এইখিনি সময়ত চাৰিওফালে ডাল ভৰি ভৰি লাগি থাকে আম, জাম, আনাৰস, তৰমুজ, লিচু, কঁঠাল ইত্যাদি বিভিন্ন ধৰণৰ সোৱাদভৰা ফল।

ফল হৈছে প্ৰকৃতিৰ অনন্য অৱদান। ভিটামিনযুক্ত ফল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ভিটামিন ‘এ’ আৰু ‘চি’ থকা ফল আমি নিয়মিত খাব লাগে। কেঁচা ফলৰ পৰা আমাৰ শৰীৰে যি ভিটামিন পায়, সেয়া এশ শতাংশই পৰিশুদ্ধ।

প্ৰখৰ ৰ’দৰ বাবে সকলোৰে শৰীৰ ভাগৰুৱা হৈ পৰে। এনে সময়ত শৰীৰত প্ৰয়োজন হয় শক্তিবৰ্ধক ৰসযুক্ত ঠাণ্ডা ফলৰ। গৰমৰ দিনকেইটাত আম, জাম, আনাৰস, তৰমুজ, লিচু আদি ফল খালে গা শাঁত পৰে আৰু শৰীৰলৈ সতেজতা আনে।

গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে বজাৰত, ফুটপাথৰ কাষত ফলৰ সমাহাৰ ঘটে। গৰমৰ পৰা পৰত্ৰাণ পাবলৈ সকলোৱে ফল নাইবা ফলৰ ৰস গ্ৰহণ কৰে। এই সময়খিনিত অত্যন্ত গৰমৰ ফলত বিভিন্ন ধৰণৰ ৰোগত ভোগাৰো সম্ভাৱনা থাকে। এইক্ষেত্ৰত ফলে আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাত সহায় কৰে। সেয়েহে জনাবলৈ বিচাৰিছোঁ কেইবিধমান ফল আৰু তাৰ পৰা পাব পৰা পুষ্টিৰ বিষয়ে-

আম

আমাৰ ভাৰতৰ মানুহে উত্কট গৰম স্বত্ত্বেও বৰ্ষা কালক আমন্ত্ৰণ জনাই ৰসেৰে ভৰা আমৰ সোৱাদ ল’বলৈ। এই দিনকেইটা সকলোৱে ভাল পায় আম খাবলৈ। সেয়েহে আমক কোৱা হয় ‘ফলৰ ৰজা’ বুলি। ই অকল সু-স্বাদুৱেই নহয়, আমাৰ শৰীৰৰ বাবে আৰু ইয়াত এণ্টিঅক্সিডেণ্টজাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্ৰব্য থাকে। তাৰ উপৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, মেংগেলেছ, চেলিয়ামাম, বেলছিয়াম, আইৰন আৰু ফছফৰাছ আদিও থাকে। আমত থকা ভিটামিন ‘এ’ আৰু ‘চি’ লগ হৈ ‘বেটা-কেৰাটিন’ নামৰ স্বাস্থ্যবৰ্ধক দ্ৰব্য উত্পন্ন কৰে, যিয়ে ছাল উজ্জ্বল কৰে আৰু কেঞ্চাৰ ৰোগ নিৰাময় কৰাতো সহায় কৰে।

আনাৰস

আনাৰস বহু লোকৰে প্ৰিয় ফল। আনাৰসৰ মিঠা-টেঙা ৰসাল সেৱাদে ইয়াক সকলোৰে প্ৰিয় কৰি তোলে। সোৱাদৰ লগতে আনাৰসৰ গুণাগুণো যথেষ্ট আছে। হজমশক্তি বঢ়োৱা আটাইকেইবিধ ভিটামিন আৰু খনিজ পদাৰ্থ ইয়াত থাকে। তাৰ উপৰি ই কিডনীক সবল কৰি ৰাখে আৰু হৃদযন্ত্ৰ আৰু ক্ষুদ্ৰান্তৰ বেমাৰৰ পৰাও ৰক্ষা কৰে। কেঁচা আনাৰসৰ ৰসে অন্ত্ৰত হোৱা পেলু নোহোৱা হোৱাত সহায়ক হয়। আনাৰসৰ ৰসত থকা চি ভিটামিৰ দ্বাৰা বেক্টেৰিয়া বা ভাইৰাছৰ ফলত হ’ব পৰা সংক্ৰমণৰ পৰাও শৰীৰক ৰক্ষা কৰে। শৰীৰত লৌহ পদাৰ্থ শোষণতো সহায় কৰে। আনাৰসত চৰ্বিৰ পৰিমাণ একেবাৰে কম থাকে। ভিটামিন চি-ৰ পৰিমাণ বেছি থকা বাবে আনাৰস দাঁতৰ বাবে উপযোগী। তদুপৰি ই হাৰ্ট আৰু কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায়ক হয় বুলি জানিব পৰা গৈছে। মুঠতে আনাৰস যথেষ্ট সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ ঔষধি গুণো যথেষ্ট বেছি। গতিকে নিয়মিত আনাৰস খোৱা উচিত। কিন্তু এইখিনিতে জনাই থোৱা ভাল যে কিডনী বা লিভাৰ ৰোগ বা তেজৰ হিমঅ’ফিলিয়া ৰোগত ভোগা ৰোগীয়ে আনাৰস খাব নালাগে।

তৰমুজ

গৰমৰ দিনত ঠাণ্ডা ফলৰ কথা মনলৈ আহিলে তৰমুজৰ নামটোও মনলৈ আহে। গৰম-ভাগৰ লাগিলে তৰমুজ খালে পিয়াহ পলায়। তৰমুজত পানীৰ পৰিমাণ প্ৰায় ৯৫ শতাংশ থাকে। সেয়েহে গৰমৰ দিনত এই ফলবিধ বাট-পথ, বজাৰ সকলোতে পোৱা যায়। সাধাৰণতে তৰমুজ ৰঙা, গুলপীয়া ধৰণৰ হয় যদিও কিছুমান ঠাইত মকলা, হালধীয়া বা বগাও হয়।

তৰমুজত নাইক’পিল ভিটামিন বি-৬, ভিটামিন চি, ভিটামিন এ আদি প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন বি-৬য়ে মগজুৰ কোষবোৰ সজীৱ কৰি ৰখাত সহায় কৰে। তাৰ ফলত মানুহে হতাশ বা বিষাদৰ পৰা আঁতৰি থাকিব পাৰে। তাৰ উপৰি বিভিন্ন ধৰণৰ ৰোগ যেনে, কেঞ্চাৰ, হাৰ্টৰ সমস্যা, এজমা আদিৰ পৰাও শৰীৰটোক বচাই ৰাখে। এই ফলবিধত চৰ্বি নাথাকে যদিও শক্তি উত্পন্ন কৰাত সহায় কৰে। ইয়াত ইলেক্ট্ৰ’লাইট যেনে- ছডিয়াম আৰু পটাছিয়ামৰ পৰিমাণ বেছি থকা বাবে ঘামৰ লগত দেহৰ পৰা ওলাই যোৱা ছডিয়াম, পটাছিয়ামৰ পৰিমাণ সন্তুলিত কৰি ৰাখিব পাৰে।

অমিতা

অমিতা গৰমৰ দিনত খোৱাৰ বাবে উপযোগী আন এবিধ পুষ্টিদায়ক ফল। পকা অমিতা খাবলৈ খুব ভাল আৰু সোৱাদভৰা হয়। অমিতাৰ বাকলি, গুটি আৰু শাহ আদিয়ো শৰীৰৰ বাবে অতিকৈ উপকাৰী দ্ৰব্য থাকে। অমিতাত থকা বেটা-কেৰাটিন, ভিটামিন চি আৰু ই-য়ে বিষ আৰু এজমা ৰোগ নিৰ্মূল কৰাত সহায় কৰে।

জাম

জাম হৈছে বৰ্ষা ঋতুত হোৱা শৰীৰৰ বাবে উপযোগী আন এবিধ ফল। ইয়াত কেল’ৰীৰ পৰিমাণ কম থাকে লগতে এই ফলবিধ পুষ্টিদায়কো। তদুপৰি ইয়াত গৰম বতৰত শৰীৰৰ বাবে উপযোগী পটাছিয়াম, ভিটামিন আদিও থাকে।

লিচু

বৰ্ষা কালত হোৱা আন এবিধ ফল হ’ল লিচু। এনেকুৱা সময়ত ৰঙা ৰঙা লিচুবোৰ লমালমে লাগে গছত। লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰক শক্তিশালী কৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ উপৰি লিচুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।

এইবোৰৰ উপৰি কল, আপেল, আঙুৰ, প্লাম, চেৰি আদি সকলো ধৰণৰ ফল গৰমৰ দিনত আমাৰ শৰীৰৰ বাবে উপকাৰী।

লেখক: ৰিমি নাথ, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate