অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত দাইল শস্য

স্বাস্থ্য ৰক্ষাত দাইল শস্য

গুটি (Pod) হোৱা উদ্ভিদকেই সাধাৰণতে দাইলজাতীয় শস্য বুলি কোৱা হয়| সকলো দাইলজাতীয় উদ্ভিদেই লেণ্ডমিনোছি গোত্ৰৰ উদ্ভিদ| ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত খাদ্য আৰু কৃষি সংস্থাই দাইল শস্যৰ এটি সংজ্ঞা এনেদৰে নিৰ্ধাৰণ কৰিছে-যিবিলাক দাইলজাতীয় শস্য খোৱাৰ বাবে কেৱল শুকান অৱস্থাত সংগ্ৰহ কৰা হয় সেইবোৰকেই দাইল শস্য বা pulse বুলি কোৱা হয়| এই স্ংজ্ঞাৰ বাহিৰত বীন বা চিমজাতীয় শস্য, বাদাম, ছ’য়াবীন ইত্যাদি তৈল উৎপাদন শস্য পৰিছে| সাধাৰণ ভাৱে শুকোৱা বীজৰ খোলা গুচোৱাৰ। পাছত যুক্ত বা বিভক্ত বীজপত্ৰকে দাইল বুলি  কোৱা হয়| ভাৰতত প্ৰ্ধান দাইল শস্য হ’ল-

১) ৰহৰ

২) বুটমাহ

৩) মাটিমাহ

৪) মুগমাহ

৫) খেচাৰি মাহ

৬) মচুৰ মাহ

৭) মটৰ মাহ

৮) ৰাজমাহ

৯) কুলথি|

ৰহৰ, মচুৰ, মাটিমাহ, মুগমাহ, কুলথিৰ উৎপত্তি ভাৰত উপ-মহাদেশত| ইয়াৰ উপৰি বুটমাহ তুৰস্ক আৰু ছিৰিয়া, মটৰ মাহ আৰু খেচাৰি মাহ দক্ষিণ ইউৰোপ আৰু ৰাজমা মেক্সিকোত উৎপত্তি| ভাৰত হ’ল বিশ্বৰ সকলোতকৈ অধিক দাইল শস্য উৎপাদন কৰা দেশ| বছৰি প্ৰায় ১৮৫ লাখ টন দাইল শস্য ভাৰতত উৎপাদন হয়| তথাপি আভ্যন্তৰীণ চাহিদাৰ বাবে ভাৰতে প্ৰায় ৩৫ লাখ টন দাইল, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আদি দেশৰ পৰা আমদানি কৰিব লগা হয়|

দাইলৰ খাদ্যগুণ

দাইল শস্য কেৱল প্ৰ’টেইন নহয়, খাদ্যতন্ত, শৰ্কৰা আৰু খনিজ উৎপাদনৰো উৎস| যিসকল লোকে মাছ-মাংস-কণী আদি প্ৰাণীজ প্ৰ’টেইন গ্ৰহণ নকৰে তেওঁলোকৰ বাবে দাইল আৰু গাখীৰ হ’ল প্ৰ’টেইনৰ সমৃদ্ধ উৎস| প্ৰতিদিনে যদি একাপকৈ দাইল খোৱা হয় তাৰে ৰক্তচাপ যেনেদৰে বৃদ্ধি নাপায়, তেজত থকা দূষিত কলেষ্টেৰ’ল ( এল ডি এল)ৰ মাত্ৰাও কমি থাকে| জীৱদেহৰ প্ৰধান আধাৰ প্ৰ’টেইন, প্ৰটিন প্ৰতিটো জীৱকোষৰ অন্যতম প্ৰধান উপাদান| সেয়ে শিশু সকলৰ খাদ্যত উপযুক্ত পৰিমাণে প্ৰ’টিন থকা জৰুৰী| আমাৰ দেহত প্ৰতি মুহুৰ্ততে যি ক্ষয়ক্ষতি হয় তাক প্ৰ’টিনে পূৰণ কৰে| দেহৰ ৰোগ প্ৰতিৰোধৰ বাবে যি এণ্টিব’ডী উৎপন্ন কৰে সেয়া প্ৰ’টেইনৰ দ্বাৰাই গঠিত হয়| আমাৰ দেহত এনজাইম, হৰম’ন, হিম’গ্ল’বিন, মেনানিন, ৰোডপচিন, প্লাজমা প্ৰটিন আদি গঠনৰ বাবে আমাৰ খাদ্য তালিকাত প্ৰ’টিন নিয়মিত থকা দৰকাৰ| প্ৰ’টিন বিজাড়িত হৈ দেহৰ ভিতৰত প্ৰস্তুত হয় এমাইনো এচিড| আমাৰ দেহৰ ভিতৰত কেইবাটাও এমাইনো এচিড সংশ্লেষিত হয়| আমাৰ দেহত প্ৰয়োজনীয় ২০ টা এমাইনো এচিডৰ ভিতৰত ৮ টা এমাইনো এচিড সংশ্লেষিত নহয়| এইবোৰক কোৱা হয় অপৰিহাৰ্য এমাইনো এচিড| সমস্ত প্ৰাণীজ প্ৰ’টিনত ৮ টা অপৰিহাৰ্য এমাইনো এচিড থাকিলেও দাইল শস্যত মাত্ৰ এটাহে অপৰিহাৰ্য এমাইনো এচিড নাথাকে| সেয়েহে দাইল শস্য হ’ল দ্বিতীয় শ্ৰেণীৰ প্ৰ’টিন| অৱশ্যে সেয়া নিৰামিষভোজী সকলৰ বাবে খুব এটা সমস্যা নহয়| কাৰণ চাউল, গম, আটা ইত্যাদি বীজ শস্যত মেথিঅ’নিন থাকে| আমাৰ দেহত ভাতৰ লগত বা ৰুটিৰ লগত দাইল খোৱা হয়| সেয়ে দাইলত মেথিঅ’নিনৰ ঘাটি পূৰণ হয়| তদুপৰি কাৰ্বহাইড্ৰেট জাতীয় খাদ্যৰ পৰা যিমান শক্তি পোৱা যায় সম পৰিমাণে প্ৰ’টিনৰ পৰাও প্ৰায় সিমানে শক্তি পোৱা যায়| এবছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত প্ৰ’টিনৰ অভাৱ হ’লে অপুষ্টিজনিত ৰোগ ‘কোৱাচিঅ’ৰকৰ’ হয়| সেয়ে শিশু সকলক মাছ, কণী, মাংস খুৱাবলৈ সমৰ্থ নহ’লেও দাইল নিয়মিত খুওৱা উচিত|

পাৰ্থ প্ৰতিম দাস

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate