অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাৰ বাবে ভিটামিন ‘চি’

১৮ শতিকাত ব্ৰিটিছ নৌবহৰৰ শল্য চিকিৎসক ‘জেম্‌চলিণ্ড’এ দেখুৱাইছিল যে টেঙা জাতীয় ফল যেনে নেমু, কমলা আদিৰ ৰস সেৱন কৰিলে ‘স্কাৰ্ভি নামৰ ৰোগটোৰ প্ৰতিৰোধ হয় বা ৰোগটো ভাল হয়। এই ৰোগটোৰ প্ৰধান লক্ষণ হ’ল আঘাত হ’লে বা নোহোৱাকৈয়ে দাঁতৰ আলু বা শৰীৰৰ আন অংশৰ পৰা ৰক্ত ক্ষৰণ হয়। সেই সময়ত এই ৰোগটো নাবিক সকলৰ মাজত আধিক হোৱা দেখা গৈছিল। কিয়নো সাগৰত জাহাজ মেলি দিয়া নাবিক সকলে বহু দিন ধৰি শুকান মাংস, ৰুটি, মাছ আদিৰ ওপৰতে নিৰ্ভৰ কৰিছিল আৰু ফলাহাৰৰ ব্যৱহাৰ নাছিল।

১৯২৮ চনত ভিটামিন ‘চি’ক পৃথক কৰা হয়। সেই বছৰ জেণ্ট গাইৰ’জী (Zent Gyrogyi)নামৰ বিজ্ঞানী জনে হপকিন্স লেবেৰ’টৰীত বিভিন্ন উৎসৰ পৰা এচকৰ্বিক এচিড বা ভিটামিন ‘চি’ পৃথক কৰে। বিজ্ঞানী গৰাকীয়ে শৰীৰৰ অধিবৃক্কিয় গ্ৰন্থি, সেউজীয়া শাক, কমলা, কবি আদিৰ পৰা ভিটামিন ‘চি’ আহৰণ কৰে। কিন্ত সেই সময়তো এই পৃথকিকৃত এচিডি বিধক ভিটামিন হিচাপে জনা নগৈছিল। ১৯৩৮ চনতহে ৰাসায়নিক সংগঠন আৱিষ্কাৰ হোৱাৰ পাছত এই ‘এচকৰ্ৱিক এচিডক’ আনুষ্ঠানিক ভাৱে ভিটামিন ‘চি’ নামকৰণ কৰা হয়।

এটা ভিটামিনটো বগা সফটিক হিচাপে আহৰণ কৰিব পাৰি যিটো এটা পানীত দ্ৰ্বণীয় ভিটামিন। শুকুৱালে, উত্তাপ দিলে, জাৰণ বিক্ৰিয়া ঘটালে আৰু সামান্য পৰিমাণৰ ক্ষাৰীয় সংস্পৰ্শই ইয়াৰ গুণ বিনষ্ট কৰে। শাক বা ফলত থকা ভিটঅমিন “চি’ বেছি ইত্তপত গৰম কৰিলে এই ভিটামিন নষ্ট হয়। কিছুমান শক কেইবিধ মান সময় সিজালে বা গৰম কৰিলেই ইয়াত থকা ভিটামিন ‘চি নষ্ট হৈ যায়।

শৰীৰৰ অন্ত্ৰৰ প্ৰথম ভাগতে এচকৰ্বিক এচিড অৱশোষিত হৈ ৰক্ত প্ৰবাহত মিহলি হয়। অনশ্যে শৰীৰৰ বেলেগ বেলেগ কলাত ইয়াৰ পৰিমাণো ভিন্ন। ইয়াক অধিক পৰিমাণে পোৱা অংগসমূহ হ’ল– অধিবৃক্কিয় গ্ৰন্থি, মস্তিষ্ক, অগ্ন্যাশয়, বৃক্ক, যকৃত, প্লীহা আদি। তদুপৰি ৰক্তৰ জলীয় অংশতকৈ ৰক্তকোষত ভিটামিন ‘চি’ অধিক পৰিমাণে থাকে।

বৃক্কই মূত্ৰৰ লগত শৰীৰত অধিক মাত্ৰাত জমা হোৱা ভিটামিন ‘চি’ বৃক্কই মূত্ৰৰ লগত বৰ্জ্য পদাৰ্থ ৰুপে বাহিৰলৈ উলিয়াই পঠিয়ায়। কিয়নি এই ভিটমিন বিধ শৰীৰে জমা কৰি ৰাখিব নোৱাৰে। যাৰ বাবে দৈনিক ইয়াক সেৱন কৰাটো প্ৰয়োজন। যদি প্ৰতিদিনে ৩ মি.গ্ৰাম্ভিটামিন গ্ৰহণ কৰা হয় তেন্তে অধিক হোৱা অংশ শৰীৰে শোষণ নকৰে আৰু মলৰ লগত মিহলৈ হৈ বৰ্জিত হয়। ইয়াৰে কিছু অংশ মূত্ৰৰ লগত মিহলি হৈ শৰীৰটোৰ পৰা ওলাই যায়।

ভিটামিন ‘চি’ৰ লক্ষণীয় কামটো হ’ল ‘কলাজেন’ কলা গঠন কৰা। এই কলাটো এটা প্ৰোটিন উপাদান যি কোষবোৰ এক মুঠ কৰি ধৰি ৰাখে।

ই লৌহ পদাৰ্থ শোষণ কৰাত শৰীৰক সহায় কৰে। ই স্বাস্থ্য, বল, প্ৰভা তথা মজবুত দাঁত আৰু দাঁতৰ আলু গঠনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। হাঁড়ৰ গঠন ঠিক ৰাখিবৰ বাবে তথা এড্ৰিনেল, থাইৰয়ড গ্ৰন্থিৰ লগতে আন গ্ৰন্থি আৰু অংগবোৰৰ শাৰীৰিক ক্ৰিয়া স্বাভাৱিক কৰি ৰাখিবৰ বাবে ভিটামিন ‘চি’ৰ প্ৰয়োজন হয়। ভিটামিন ‘চি’এ ব্ৰন ৰোপণ খৰতকীয়া কৰে, শাৰীৰিক তথা মানসিক চাপৰ পৰা ৰক্ষা কৰে। আনকি পৰিবেশৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য আৰু আহাৰ, পানী ঔষধ আদিৰ পৰা শৰীৰত প্ৰবেশ কৰা বিষাক্ত দ্ৰব্যবোৰৰ প্ৰতিক্ৰিয়া প্ৰতিৰোধ কৰাত শৰীৰটোক সহায় কৰে।

উৎস: প্ৰধানতঃ নেমু জাতীয় ফল বা সেউজীয়া শাক-পাচলিয়েই ভিটামিন ‘চি’ৰ উৎস। ইয়াৰ ভিতৰত আমলখি, মধুৰিআম, নেমু, কমলা, অমিতা আদি ফলৰ আহাৰত অতি কম পৰিমাণে এই ভিটামিন থাকে। আমিষ আহাৰত অতি কম পৰিমাণে এই ভিটামিন থাকে। শুকান মাহ জাতীয় শস্যবোৰ পানীত ২৪ ঘণ্টা তিয়াই ৰাখি গজালি ওলালে এইবোৰ ভিটামিন ‘চি’ সমৃদ্ধ হয়।

অভৱজনিত ৰোগ

ইয়াৰ সামান্য অভাৱ হ’লেই দুৰ্বলতা, ভোক নলগা, মাংসপেশীৰ বিষ অনুভৱ আদি লক্ষণে দেখা দিয়ে। ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু ৰক্তহীনতা, ৰক্তকোষিকাৰ দুৰ্বলতা আদি হয়। ৰোগীৰ জৈৱিক বয়স অধিক হয় আৰু কলাজেন গঠনত বাধা হোৱাৰ বাবে ব্ৰন ৰোহন হোৱাত পলম হয়। বহু দিনীয়া ভিটামিন ‘চি’ৰ অভাৱে শৰীৰত স্কাৰ্ভি ৰোগৰ উৎপত্তি কৰে।

ভিটামিন ‘চি’ৰ অভাৱ জনিত উপসৰ্গই দেখা দিলে প্ৰতিদিনে ৫০-১০০ মি.গ্ৰাম ভিটামিন ‘চি’ সেৱন কৰি ইয়াৰ পৰা উদ্ধাৰ পাব পাৰি। ইয়াৰ বাবে ওপৰত উল্লেখ কৰা আমলখি আদি উৎস সমূহেই যথেষ্ট। চিকিৎসাৰ কাৰণে বিশেষকৈ তাৎক্ষণিক বিষাক্ততা বা সংক্ৰমণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে ১০০০-২০০০ মি.গ্ৰাম ভিটামিন ‘চি’ৰ বেজী ডেৰ-দুই ঘণ্টাৰ মূৰে মূৰে প্ৰয়োগ কৰা হয়।

তলত কিছুমান ৰোগত ভিটামিন ‘চি’ৰ উপকাৰিতা উল্লেখ কৰা হ’ল।

পানীলগা

নবেল বঁটা বিজয়ী বিজ্ঞানী ড° লিনাচ পাউলিঙৰ (Dr. Linus Pauling)মতে প্ৰত্যেক দিনা নিৰ্দিষ্ট পৰিমাণৰ ভিটামিন ‘চি’ সেৱন কৰা ব্যক্তি এই ৰোগৰ পৰা মুক্ত হৈ থাকে। আৰু ৰোগী ব্যক্তিৰ ক্ষেত্ৰতো অধিক মাত্ৰাত ‘চি’ ভিটামিন ব্যৱহাৰ কৰি ৰোগৰ প্ৰকোপ আৰু কাল হ্ৰাস কৰিব পাৰি।

সংক্ৰমণ

জীৱাণুৰ সংক্ৰমণৰ বিৰুদ্ধে দেহত প্ৰতিৰোধ সৃষ্টি কৰাত ‘চি’ ভিটামিন অতীব প্ৰয়োজনীয় উপাদান। সংক্ৰমণ জনিত ৰোগীৰ প্ৰস্ৰাৱ, তেজ আৰু মস্তিষ্কৰ তৰল পদাৰ্থ পৰীক্ষা কৰিলে তাত কম মাত্ৰাত ‘চি’ ভিটামিন পোৱা যায়। এনে ৰোগীৰ দেহত এই ভিটামিন অধিক মাত্ৰাত প্ৰয়োগ কৰিলেও শৰীৰে ইয়াক বৰ্জন নকৰে আৰু সংক্ৰমণ দূৰ কৰাতো সুফল পোৱা যায়।

চাপ

প্ৰতিদিনে প্ৰয়োজনীয় হাৰত ভিটামিন ‘চি’ পাই থাকিলেও মানসিক চাপ থকা ব্যক্তিৰ দেহত ইয়াৰ অভাৱ হয়। অৰ্থাৎ এনে অৱস্থাত অধিক ‘চি’ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰ সামান্য অভাৱেই ৰক্তনলীকাত জঠৰতাৰ সৃষ্টি কৰে আৰু শৰীৰত ব্ৰনৰ সৃষ্টি কৰে। বান্দৰ আৰু গিনিপিগৰ ওপৰত পৰীক্ষাৰ দ্বাৰা এনে ফল পোৱা গৈছে। এইক্ষেত্ৰত অধিক পৰিমাণে ভিটামিন ‘চি’ প্ৰয়োগ কৰি অধিক সুফল পাব পাৰি।

এথেৰ’স্কেলৰ’ছিছ

বান্দৰৰ দেহট পৰীক্ষা কৰি পোৱা গৈছে যে প্ৰতিদিনৰ  প্ৰয়োজনতকৈ কম ‘চি’ ভিটামিন সেৱন কৰা বান্দৰৰ তেজত ‘কলেষ্ট্ৰেৰল’ৰ পৰিমাণ সাধাৰণ বান্দৰৰ তেজতকৈ ৬ গুণ বৃদ্ধি পায়। অত্যধিক কলেষ্ট্ৰেৰল থকা আৰু তাৰ ফলত উচ্চ ৰক্তচাপ হোৱা ৰোগীক উচ্চ মাত্ৰাত ‘চি’ ভিটাম্ন প্ৰয়োগ কৰিলে তেজত কলেষ্ট্ৰেৰলৰ মাত্ৰা হ্ৰাস হয় আৰু ৰক্ত চাপো ক্ৰমাৎ সাধাৰণ অৱস্থালৈ আহে।

কেন্সাৰ

যিকোনো কেন্সাৰে মানসিক চাপ অত্যন্ত বৃদ্ধি কৰে ফলত ‘চি’ ভিটামিন সেৱনৰ প্ৰয়োজন বাঢ়ি যায়। আনহাতে ৰক্তৰ কৰ্কট ৰোগী শিশুৰ ক্ষেত্ৰত ভিটামিন ‘চি’ৰ অভাৱ জনিত উপসৰ্গই দেখা দিয়ে। এনে ক্ষেত্ৰত প্ৰতি দিনে ৪০০০-৬০০০ মি.গ্ৰাম ‘চি’ ভিটামিন প্ৰয়োগ কৰি ৰোগীৰ মানসিক চাপ কমোৱাৰ লগতে ই অৰ্বুদৰ বৃদ্ধি ৰোধ কৰে আৰু কেতিয়াবা ৰোগৰ উপশমো ঘটাব পাৰে।

নেফ্ৰাইটিছ

ভিটামিন ‘চি’ৰ সামান্য অভাৱে ৰক্তমূত্ৰতাৰ সৃষ্টি কৰিব পাৰে। নেফ্ৰাইটিছ ৰোগীৰ ক্ষেত্ৰত ১০০-১০০০ মি.গ্ৰাম প্ৰতিদিন হিচাবে ‘চি’ ভিটামিন প্ৰয়োগ কৰিলে কেতিয়াবা ৰক্তমূত্ৰতা আৰু ৰক্ত ক্ষৰণ শীঘ্ৰে বন্ধ হৈ যায়।

ভিটামিন ‘চি’ৰ কোনো বিষাক্ত প্ৰতিক্ৰিয়া উৎপন্ন কৰাৰ গুণ নাই। অত্যধিক প্ৰয়োগৰ বাবে কেতিয়াবা ডায়েৰিয়া, অধিক প্ৰস্ৰাৱ, বৃক্কৰ পাথৰ আদি ৰোগ হোৱাৰ লক্ষণ দেখিলে ইয়াৰ মাত্ৰা কমাই দিব লাগে ওপৰত উল্লেখ কৰা ৰোগৰ উপৰিও এই ভিটামিনে মেলিনা, ‘কাৰ্নিয়েল আলচাৰ’, অৰ্শ, দাঁতৰ নানা ৰোগ আৰু ৰক্ত ক্ষৰণ জনিত ৰোগ আদিত চিকিৎসাৰ বাবে প্ৰয়োগ কৰিব পাৰি।

গৰ্ভৱতী অৱস্থাত প্ৰয়োজনীয় মাত্ৰাত ‘চি’ ভিটামিন আৰু ভিটামিন ‘বি’ গ্ৰহণ কৰি থাকিলে সন্তানৰ জন্মজাত ৰোগ হোৱাৰ সম্ভাৱনা অত্যন্ত হ্ৰাস পায়।

এনেবোৰ গুণ তথা চিকিৎসা জনিত ব্যৱহাৰিক ফল সম্পন্ন ভিটামিন ‘চি’ বহুতো ৰোগৰ প্ৰতিৰোধক হিচাবে প্ৰয়োগ কৰিব পাৰি বাবে ভিটামিন ‘চি’ক ‘এণ্টিবায়টিক’ ভিটামিন ৰুপে আখ্যা দিয়া হয়।

লেখক: ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা, সহকাৰী অধ্যাপক, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate