স্থান : ঘৰ
গোটৰ আকাৰ : গাইগুটীয়া বা ২-৩ জন
সময় : এঘণ্টা
উপযুক্ত সময় : ৰাতি
যোগাৰ : তেলৰ চাকি, কেৰাচিনৰ সৰু চাকি বা লেম্প, মমবাতি, জুইবাহ, তেল, স্কেল, জৰী, কাগজ, পেঞ্চিল
পূৰ্ৱাৱশ্যকতা : স্কেলৰ সহায়ত দূৰত্ব জুখিব জনা
ভিন ভিন উৎসৰ পৰা অহা পোহৰৰ তীব্ৰতা তুলনা কৰা।
ছাত্ৰ ছাত্ৰীক ঘৰৰ কোঠা এমূৰে ৰাতি এটা মাটিৰ চাকি জ্বলাই ৰাখিবলৈ কওক।
এতিয়া তেওঁক এডাল দীঘল জৰী লৈ এটা মূৰ চাকিটো তলত আৰু আমটো মূৰ কোঠাটোৰ আনটো মূৰত থ’বলৈ কওক।
এখন কাগজত তেওঁৰ নামটো লিখিব। চাকি গছিৰ পৰা ভিন ভিন দূৰত্বত তেওঁ সেই নামটো চাকিটোৰ পোহৰতে পঢ়িবলৈ চেষ্টা কৰিব।
কোঠাটোৰ আনটো মূৰত তেওঁৰ নামৰ আখৰবোৰ চিনিকে নোপোৱা হ’ব। এতিয়া তেওঁ লাহে লাহে চাকিটোৰ ফালে আহি থাকিব আৰু যি ঠাইত তেওঁৰ নামটো পঢ়িবলৈ সমৰ্থ হয়, সেই ঠাইত এটা চিন দিব আৰু চাকিটোৰ পৰা দূৰত্ব টুকি ৰাখিব।
এতিয়া মাটিৰ চাকিটোৰ ঠাইত ভিন ভিন ধৰণৰ চাকি থৈ পৰীক্ষাটো পুনৰায় কৰিব যেনে মমবাতি, কেৰাচিন চাকি আদি।
এনেকৈ টুকি ৰখা দূৰত্ববোৰ তুলনা কৰিব আৰু চাকিবোৰৰ পোহৰৰ শক্তিশালিতাৰ বিষয়ে সিদ্ধান্ত ল’ব।
ছাত্ৰ ছত্ৰী সকলে উজ্জ্বল পোহৰৰ উৎসৰ বিষয়ে আলোচনা কৰিব। মটৰ, ট্ৰক্টৰ আদিৰ সমূখৰ লাইট কিমান দূৰত্বৰ পৰা দেখি? সূৰ্য্যটো বাৰু উজ্জ্বলতাত কিমান শক্তিশালী হ’ব পাৰে?
বিজুলী থাকিলে টেবুল লেম্প এটাত ১৫, ৪০, ৬০, ১০০ ৱাট আদিৰ বাব্ল লগাই পৰীক্ষা কৰিব পাৰে।
গাঁৱত মানুহে তেলৰ চাকি বা কেৰাচিন লেম্প কিয় ব্যৱহাৰ কৰে?
চাকি আৰু লেম্পৰ পৰা বেলেগ বেলেগ দূৰত্বত আখৰ কিয় চিনিব নোৱাৰা হয়? ঘৰ, ৰাস্তা, শিল্প কাৰখানাত ব্যৱহাৰৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলে আলোচনা কৰিব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/29/2020
নিৰাপদ হওক শুভ দীপাৱলী