ভিন ভিন পাতৰ পৰা পানীৰ টোপালবোৰৰ কি হয় তাৰ তুলনামূলক অধ্যয়ন।
ছাত্ৰ-ছাত্ৰীসকলক এনে এখন ঠাইলৈ নিব য’ত তেওঁলোকে পানীৰ উদ্ভিদকে ধৰি নানা গছগছনি পাব। লগত কিছু পানী নিয়া আৱশ্যক হ’ব। তেওঁলোকক একো একোটা পাত ল’বলৈ ক’ব আৰু পাতৰ ওপৰ ফালত পানী চটিয়াই দিবলৈ ক’ব।
সাৱধানে পাতটো লৰাই দিব আৰু পানীৰ টোপালবোৰৰ কি হয় সেয়া চাব। তেওঁলোকে টোপালবোৰৰ আকৃতি কেনে হয় আৰু টোপালবোৰে কেনেকৈ পাতৰ ওপৰত লৰচৰ কৰে নিৰীক্ষণ কৰিব।
ছটিয়াই দিয়া পানী পাতৰ ওপৰত টোপাল হৈ থাকিব পাৰে(পাৰাৰ টোপালৰ দৰে), নাইবা পানীখিনি পাতৰ পিঠিত বিয়পিও পৰিব পাৰে।
পৰীক্ষা ভিন ভিন পাত লৈ কৰিব দিব। কি গছৰ পাত আৰু সেই পাতৰ ওপৰত পৰা পানী কেনে হয়, তাক টুকি ৰাখিবলৈ ক’ব।
পানীৰ উদ্ভিদৰ পাতৰ ওপৰৰ টোপালে আন উদ্ভিদৰ পাতৰ ওপৰৰ টোপালতকৈ বেলেগ ধৰণে আচৰণ কৰেনে?
পাতৰ ওপৰত ধুলি থাকিলে আচৰণৰ কিবা পাৰ্থক্য হয়নে?
সাধাৰণ কাগজ এখনৰ ওপৰৰ পানীৰ টোপাল আৰু মম ঘঁহা কাগজ এখনৰ ওপৰৰ পানীৰ টোপালৰ আচৰণ মন কৰক।
কোনো কোনো পাতৰ ওপৰৰ টোপালে কিয় ইফালে সিফালে সহজে লৰচৰ কৰে সোধক।
পাতৰ ওপৰ পিঠিত যে মমৰ নিচিনা এটা তৰপ থকে বুজাই দিয়ক। শ্বাস নিশ্চাসৰ বাবে পত্ৰৰন্ধ্ৰবোৰ পাতৰ তল পিঠিতহে থাকে। এই পিঠি মম সনাৰ নিচিনা নহয়।
পদুমৰ পাত প্ৰায়ে তজবজীয়া ফুল বান্ধি লব’লৈ ব্যৱহাৰ কৰা হয়। যিহেতু মমৰ পিঠিৰে ভাপ সৰকি নাযায়, সেয়ে ফুলবোৰ সতেজ হৈ থাকে। ই এটা পৰম্পৰাগত ব্যৱহাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তিও আছে।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/4/2020
পাতৰ আকৃতি
ইয়াত দমৰা-দামুৰিৰ যতন পৰিচালনা কেনেদৰে কৰা হয় সেই ...
শৰীৰত থকা তিলৰ বিষয়ে
পানীৰ মানদণ্ড বিচাৰৰ নীতি সম্পৰ্কে ইয়াত উল্লেখ আছে...