পিছপৰা মহিলাসকলে, বিশেষকৈ যিসকল লুণীয়া পানীৰ অঞ্চলত বাস কৰে তেওঁলোকক খোৱা পানী সংগ্ৰহৰ কৰি তাক নিষ্কাশন কৰি খোৱাৰ উপযুক্ত কৰিবলৈ যথেষ্ট সময়ৰ আৱশ্যক হয়৷ সৌৰ শক্তি প্ৰয়োগৰ দ্বাৰা লুণীয়া পানী নিষ্কাশন কৰাৰ ই এক সহজ, কম মূল্যৰ আৰু গ্ৰহণযোগ্য শক্তি পুনঃনবীকৰণ কৰাৰ কাৰিকৰী কৌশল৷
সৌৰ পাতন যন্ত্ৰত অন্তভুৰ্ক্ত হয় –স্থানীয়ভাৱে উপলব্ধ হোৱা থলুৱা সামগ্ৰীৰে নিৰ্মিত প্ৰয়োজনীয় সামৰ্থ্যৰ এটা সৰু অগভীৰ চৌব্বাচা৷ চৌব্বাচাৰ তলৰ অংশটো উপযুক্ত ক’লা ৰঙেৰে ৰঙ কৰা হয়৷ চৌব্বাচাটো কাচঁৰ পাতিৰে বেৰি ৰখা হয়, টেংকৰ ওপৰত এটা হেলনীয়া অংশ তৈয়াৰ কৰি কাঠৰ সহায়ত ঢোকা দি ৰখা হয়৷ যন্ত্ৰৰ মধ্যম অংশ ওপৰত ৰখা হয় আৰু কাচঁৰ পাতিসমূহে কাষৰ বেৰ চুই থাকে৷
এই কাৰিকৰী কৌশল নিৰ্ভৰ কৰে সাধাৰণ বাস্পীভৱন-ঘনীভৱন নীতিৰ দ্বাৰা যি প্ৰক্ৰিয়াৰে সূৰ্য্যই সাগৰৰ পানীভাগ বাস্পীভূত কৰে আৰু তাৰ পিচত ইয়াক বৰষুণৰ পানীৰ আকাৰত ঘনীভূত কৰে৷ নিমখীয়া পানী সূৰ্য্যৰ পোহৰত মুক্ত ভাবে ৰখা চৌব্বাচাত পৰিব| টেংকৰ তলৰ ক’লা অংশটোৱে সূৰ্য্যৰ পোহৰ শোষণ কৰিব আৰু উত্তাপিত হ’বলৈ ধৰিব৷ এই তাপে চৌব্বাচাৰ পানীভাগ বাস্পীভূত কৰিব যি কাচঁৰ পাতত ঘনীভূত হ’ব আৰু অৱশেষত ই বিশুদ্ধ খোৱা পানীৰ টোপাল হিচাপে ৰুপান্তৰিত হ’ব৷ এই নিষ্কাশিত পানীভাগ টেপৰ দ্বাৰা সংযোগীত কৰি সংগ্ৰহ কৰা হ’ব৷ এইদৰে,আপুনি মাত্ৰ সাধাৰণভাৱে টেপ ঘূৰাই বিশুদ্ধ খোৱ পানী পাব পাৰে আৰু ভবিষ্যতৰ ব্যৱহাৰৰ বাবে ইয়াক সঞ্চয় কৰিব পাৰে৷ এই পদ্ধতিৰে প্ৰতি বগৰ্মিটাৰত প্ৰতি দিনে গড়ে ২-৩ লিটাৰ খোৱাপানী বহিৰ্গমন হয়৷
উৎস : চেন্ট্ৰেল চল্ট আৰু মেৰাইন কেমিকেলচ ৰিচাৰ্ছ ইনষ্টিটিউট,(চিএচএমচিআৰআই), গিজুভাই বাডেকাৰ মাৰ্গ, ভৱনগৰ-৩৬৪০০২,গুজৰাট
সৌৰলোণমুক্তকৰণউৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
অমিতাৰ উন্নত কৃষি পদ্ধতি
আহু ধানৰ উন্নত কৃষি পদ্ধতি
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি
আধুনিক বনাম বিকল্প চিকিৎসা