বিজ্ঞান বুলিলে আমি প্ৰায়েই ডাঙৰ ডাঙৰ গৱেষণাগাৰ, ধোঁৱাই থকা ৰসায়ন, বিকাৰ-নলী, বা ডাঙৰ ডাঙৰ অংক-চংক বুলি বুজোঁ যদিও আচলতে বিজ্ঞান আমাৰ চাৰিওফালে। আমাৰ চাৰিওকাষত ঘটি থকা প্ৰতিটো ঘটনাই কিয় ঘটে, কেনেকৈ ঘটে আদি বুজাৰ বাবে কৰা চেষ্টাই হৈছে বিজ্ঞান। বগা দীঘলীয়া এপ্ৰণ, চকুত হাই পাৱাৰৰ চশমা বা ডাঙৰ ডাঙৰ ডিগ্ৰী নোহোৱাকৈও আমাৰ মাহঁতে পাকঘৰত সোমাই এজন পাকৈত বিজ্ঞানীৰ দৰেই বিজ্ঞানৰ বিভিন্ন কৰ্ম-কাণ্ড কৰি থাকে। সেয়ে, এই লেখাটোত মই বৰ সৰু সৰু আৰু সদায় দেখি থকা ঘটনাবিলাকত বিজ্ঞান কেনেকৈ সোমাই থাকে তাকে চোৱাৰ যত্ন কৰিছোঁ।
ভাত ৰন্ধা কাৰবাৰটোত বিজ্ঞানৰ বিভিন্ন নীতি-নিয়মকে সাৰোগত কৰি আগবঢ়া হয়।
যেনে, পানী উতলোৱা! আমি জানোৱেই পদাৰ্থৰ তিনিটা অৱস্থা থাকে, গোটা, জুলীয়া আৰু বাষ্পীয় অৱস্থা। অৱশ্যে চতুৰ্থ অৱস্থা এটাও থাকে, যিটোক প্লাজমা বুলি কোৱা হয়। কিন্তু প্লাজমা-ৰ কথাবিলাক অলপ টান কাৰণে আমি পাকঘৰৰ বিজ্ঞানত তাৰ কথা বাদ দি ৰাখিছোঁ। এই যে বাচন এটাত পানী লৈ তলত জুই দিলেই্ পানীখিনি লাহে লাহে গৰম হৈ শেষত উতলিবলৈ আৰম্ভ কৰে, এই কামটোৰে আমি পানীক তপতাই ইয়াৰ জুলীয়া অৱস্থাৰপৰা বাষ্পীয় অৱস্থালৈ নিওঁ। পানীখিনি গৰম হ’বলৈ দিয়াৰ সময়ত তাত যদি এটা তাপ জোখা যন্ত্ৰ (থাৰ্মোমিটাৰ) থৈ দিওঁ, তেন্তে আমি দেখিম জুই দিয়াৰ আগতে পানীখিনিৰ উষ্ণতা সেই কোঠালিটোৰ উষ্ণতাৰ প্ৰায় সমান। কিন্তু জুই দিয়াৰ পাছত লাহে লাহে উষ্ণতা বাঢ়িবলৈ আৰম্ভ কৰিব। কিন্তু এবাৰ পানীখিনি উতলিবলৈ আৰম্ভ কৰাৰ পাছত আৰু জুই দি থাকিলেও পানীখিনিৰ উষ্ণতা বঢ়া দেখা নাযায়। কিন্তু থাৰ্মোমিটাৰে কিমান উষ্ণতা দেখুৱাব? উত্তৰটো বহুতে জানেই। ১০০° চেণ্টিগ্ৰেড। পানীখিনি যেতিয়ালৈ উতলি শেষ হৈ নাযায়, তেতিয়ালৈ পানীখিনিৰ উষ্ণতা ১০০° চেণ্টিগ্ৰেডৰ ওপৰলৈ নাযায়। কিয়?
যিটো উষ্ণতাত পদাৰ্থ এটা গোটা অৱস্থাৰপৰা জুলীয়া অৱস্থালৈ যাবলৈ আৰম্ভ কৰে তাক গলনাংক বোলে। আৰু যিটো উষ্ণতাত জুলীয়া অৱস্থাৰপৰা গেছীয় বা বাষ্পীয় অৱস্থালৈ যাবলৈ আৰম্ভ কৰে সেইটোক কোৱা হয় উতলাংক। পানী গৰম কৰি যেতিয়া উতলিবলৈ আৰম্ভ কৰে, সেইটোৱেই হৈছে পানীৰ উতলাংক। পানীৰ উতলাংক হৈছে ১০০° চেণ্টিগ্ৰেড, সেয়ে পানী গৰম কৰি গৈ থাকিলেও কেতিয়াও ১০০° চেণ্টিগ্ৰেডৰ ওপৰলৈ যাব নোৱাৰে। তাৰ ওপৰৰ উষ্ণতা পোৱাৰ লগে লগেই পানীখিনি ভাপ হৈ উৰি যাবগৈ।
এতিয়া ধৰি লওঁ, আমি পানীখিনিত আলু এটা সিজিবলৈ দিলো। পানীখিনিৰ উষ্ণতা আচলতে কেতিয়াও ১০০° চেণ্টিগ্ৰেড-ৰ ওপৰলৈ নাযায়, সেয়ে আলুখিনিৰ উষ্ণতাও ১০০° চেণ্টিগ্ৰেড-তকৈ বেছি হ’ব নোৱাৰে। কিন্তু কেনেবাকৈ যদি আলুখিনিক ১০০° চেণ্টিগ্ৰেড-তকৈ অধিক উষ্ণতালৈ নিব পাৰোঁ, তেন্তে আলু সোনকালে সিজিব।
আলুখিনি কেনেকৈ সোনকালে সিজাব পাৰি সেয়া আমাৰ মাহঁতে পিছে ভালকৈ জানে। আচলতে কেইবাটাও উপায় আছে। যেনে, আলু সিজাবলৈ পানীৰ সলনি তেলত গৰম কৰা। তেলৰ উতলাংক পানীতকৈ বহুত বেছি। খোৱাৰ বাবে ব্যৱহৃত বিভিন্ন তেলৰ উতলাংক বেলেগ বেলেগ। এখন তালিকা গাঁঠি দিছোঁ। আমি সাধাৰণতে ব্যৱহাৰ কৰা মিঠাতেল (সৰিয়হৰ তেল)ৰ উতলাংক ২৫৪° চেণ্টিগ্ৰেড। সেয়ে, যদি আলুখিনি পানীৰ সলনি তেলত দিওঁ, তেন্তে আলুখিনিয়ে সৰ্বাধিক ২৫৪° চেণ্টিগ্ৰেড উষ্ণতালৈ যাব পাৰিব, আৰু সোনাকলেই সিজিব। কিন্তু কথাটো হ’ল তেলত দিয়াৰ লগে লগেই সি আলু সিজোৱা হৈ নাথাকে, বৰং আলু ভাজি হৈ যাবগৈ। কাৰণ গৰম তেলৰ সংস্পৰ্শলৈ অহাৰ লগে লগে আলুৰ কিছুমান ধৰ্ম সলনি হ’ব, আৰু সোৱাদ আদি বেলেগ হৈ যাবগৈ। (ভজা, পোৰা, সিজোৱা আদিৰ ভিন্নতাৰ বিষয়ে পাছত লিখিম।)
সেয়ে, আলু সিজাবলৈ অকল পানীয়েই ব্যৱহাৰ কৰাটো জৰুৰী। গতিকে পানীৰ সলনি তেল ব্যৱহাৰ কৰিলে নহ’ব। সেয়ে, আমি এতিয়া চাওঁ পানীৰ উতলাংক কেনেকৈ বঢ়াব পাৰি। এটা একেবাৰে সহজ উপায় হ’ল, পানীখিনিত নিমখ গুলি দিয়া। পানীত নিমখ মিহলোৱাৰ লগে লগে পানীৰ উতলাংক বাঢ়িবলৈ আৰম্ভ কৰে। যদি ১০০ গ্ৰাম পানীত আমি ২০ গ্ৰাম নিমখ মিহলাওঁ তেন্তে পানীৰ উতলাংক ২° চেণ্টিগ্ৰেড বাঢ়ি যায়। এইখিনি পানীত যদি আমি আলু দি সিজিবলৈ দিওঁ, তেন্তে আলুখিনি এইবাৰ ১০০°-ৰ পৰিৱৰ্তে ১০২° চেণ্টিগ্ৰেডলৈ গৰম হ’ব পাৰিব। সাধাৰণ পানীতকৈ সামান্য হ’লেও বেছি গৰম হোৱাৰ বাবে আলুখিনি সোনকালেই সিজিব। কিন্তু ১০০ আৰু ১০২° ৰ মাজত সিমান এটা পাৰ্থক্য নাই, সেয়ে ঘড়ীত চালে পাৰ্থক্যটো সহজে ধৰিব পৰা নহ’ব। তাতে ১০০ গ্ৰাম পানীত ২০ গ্ৰাম নিমখ মিহলাব লাগিলে ১ লিটাৰৰ বাবে ২০০ গ্ৰাম নিমখ মিহলাব লাগিব। সেইখিনি পানী পেলাই দিয়াৰ বাহিৰে উপায় নাই। ইমানেই নিমখীয়া হ’ব যে খাব পৰা নাযাব।
কিন্তু আৰু এটা আমোদজনক কথা হৈছে – নিমখ মিহলোৱা পানীখিনি উতলাংকলৈ আহিবলৈ যিমান সময় লাগিব, তাতকৈ সাধাৰণ পানী উতলাংকলৈ আহিবলৈ বেছি সময় লাগে। সেয়ে, নিমখীয়া পানীখিনিয়ে সোনকালেই ১০২° চেণ্টিগ্ৰেড পাবগৈ। কিয় তেনে হয় বুজিবলৈ আমি পদাৰ্থৰ আন এটা ধৰ্মৰ কথা জানিব লাগিব। সেইটো হ’ল: তাপ ধাৰণ ক্ষমতা (Heat Capacity)। তাপ ধাৰণ ক্ষমতা হৈছে- কোনো এটা পদাৰ্থৰ এটা নিৰ্দিষ্ট উষ্ণতা বঢ়াবলৈ কিমান তাপ-শক্তি ব্যয় কৰিব লাগিব সেইটো। যেনে, পাত্ৰটোত থকা পানীখিনিৰ উষ্ণতা ১° চেণ্টিগ্ৰেড বঢ়াবলৈ কিমান তাপ-শক্তি ব্যয় কৰিব লাগিব (মানে গেছ পুৰিব লাগিব), সেইটো হৈছে পানীৰ তাপ ধাৰণ ক্ষমতা। পানীৰ তাপ ধাৰণ ক্ষমতা অত্যন্ত বেছি। পানীৰ তাপ ধাৰণ ক্ষমতা হৈছে ৪.১৮৪ J/goC (মানে জুল প্ৰতি গ্ৰাম প্ৰতি ডিগ্ৰী চেণ্টিগ্ৰেড); ইয়াৰ অৰ্থ হৈছে ১ গ্ৰাম পানীৰ উষ্ণতা ১ ডিগ্ৰী বঢ়াবলৈ ৪.১৮৪ জুল শক্তি ব্যয় কৰিব লগীয়া হয়। কিন্তু খোৱাতেলৰ তাপ ধাৰণ ক্ষমতা ২.০০০ J/goC, অৰ্থাৎ প্ৰতি গ্ৰাম খোৱা তেলৰ উষ্ণতা ১ ডিগ্ৰী বঢ়াবলৈ ব্যয় কৰিবলগীয়া হয় ২ জুল শক্তি। গেছটো যদি একে মাত্ৰাতে ৰখা হয়, আৰু প্ৰতি মিনিটত গেছৰ জুয়ে ১ জুল শক্তি দিয়ে বুলি ধৰোঁ, তেন্তে পানীৰ উষ্ণতা এক ডিগ্ৰী বাঢ়িব প্ৰায় চাৰি মিনিটত আৰু তেলৰ বাঢ়িব প্ৰতি দুই মিনিটত। সেয়ে, তেল পানীতকৈ সোনকালে গৰম হয়। ঠিক একেদৰে নিমখীয়া পানীৰ তাপ ধাৰণ ক্ষমতা সাধাৰণ পানীতকৈ কম হয়। কথাটো এনেকৈ বুজিব পাৰি, ধৰাহ’ল নিমখীয়া পানীখিনিত নিমখ আছে ২০ গ্ৰাম আৰু পানী আছে ৮০ গ্ৰাম, মুঠ মিলাই ১০০ গ্ৰাম। পৰিমাণ একে হ’লেও ১০০ গ্ৰাম বিশুদ্ধ পানীৰ ১o উষ্ণতা বঢ়াবলৈ আমাক লগা ৪.১৪৮ জুলতকৈ এতিয়া কম শক্তি লাগিব, কাৰণ নিমখীয়া পানীখিনিত পানী আছে ৮০ গ্ৰামহে। (পানীখিনি ইয়াত ভৰ হিচাপেহে ধৰা হৈছে সেইটো মন কৰিব।) সেয়ে, নিমখীয়া পানী সাধাৰণ পানীতকৈ সোনকালে গৰম হয়।
কিন্তু নিমখ দিয়া পানীৰ উতলাংক কমি আহে কিয়? সেইটো প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি অণুৰ মাজত থকা ৰাসায়নিক বান্ধনীৰ কথা জানিব লাগিব। সেইবিলাক অলপ টান টান কথা, পাকঘৰৰ বাহিৰৰ বিজ্ঞানৰ কথা পাতিলে কেতিয়াবা ক’ম।
সাধাৰণ পানীৰ সলনি নিমখীয়া পানী ব্যৱহাৰ কৰি আলুখিনি অলপ সোনকালে সিজাব পাৰি। পিছে, আমাৰ মাহঁত তাতকৈও সিয়ান। তেওঁলোকে অতি সোনকালে সিজাবলৈ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰে। যন্ত্ৰটো আমি চিনিয়েই পাওঁ। প্ৰেছাৰ কুকাৰ। প্ৰেছাৰ কুকাৰটো অলপ মনোযোগ দি চালে মন কৰিব, ইয়াক এনেদৰে সজা হৈছে যাতে এবাৰ ঢাকনি বন্ধ কৰি দিয়াৰ পাছত ইয়াৰ ভিতৰৰপৰা আৰু ভাপ ওলাই আহিব নোৱাৰে। ভাপ ওলাই অহা এটাই বাট আছে, যিটোক গধূৰ বস্তু এটাৰে সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।
কোনো ফালেৰে ভাপ ও্লাই যাব নোৱাৰে বাবে কুকাৰৰ ভিতৰৰ পানী উতলি জমা হোৱা জলীয় বাষ্প ভিতৰতে ৰৈ যায়। ক্ৰমান্বয়ে বাঢ়ি অহা এই জলীয় বাষ্পই কুকাৰৰ ভিতৰৰ চাপ বহুত বঢ়াই দিয়ে। আমি ওপৰত উতলাংকৰ কথা কওঁতে এটা কথা নকলোঁ যে পানীৰ উতলাংক যে ১০০o চেণ্টিগ্ৰেড সেইটো বায়ুমণ্ডলীয় চাপতহে। কিন্তু নিয়মটো হৈছে যিমানেই পানীৰ ওপৰত চাপ বাঢ়ি যায়, সিমানেই পানীৰ উতলাংক বাঢ়ি আহে। পানীৰ বাহিৰে আন যিকোনো জুলীয়া বস্তুৰ ক্ষেত্ৰত একেটা কথাই প্ৰযোজ্য। গতিকে কুকাৰৰ ভিতৰত যেতিয়া জলীয় বাষ্প জমা হ’বলৈ আৰম্ভ কৰে, তেতিয়া কুকাৰৰ ভিতৰত চাপ বায়ুমণ্ডলীয় চাপতকৈ বহুত বাঢ়ি যায়, আৰু লগে লগে উতলাংকও বাঢ়ি আহে। পিছে, এটা সমস্যা আছে। যদি আমি জলীয় বাষ্পৰ চাপ বঢ়ায়েই থাকোঁ, আৰু তাক ৰুধিবলৈ একো উপায় প্ৰয়োগ নকৰোঁ, তেনে ক্ষেত্ৰত কুকাৰৰ ভিতৰত সৃষ্টি হোৱা প্ৰচণ্ড চাপৰ বাবে কুকাৰটোৱেই ধম্কৈ ফুটি যাব পাৰে। তেনেকুৱা অঘটন যাতে একো নঘটে, তাৰ কাৰণে কুকাৰৰ ঠিক সোঁমাজতে এটা ভাপ ওলোৱা বাট ৰাখি সেইটোক এটা ওজন থকা বস্তুৰে ঢাকি ৰাখোঁ, সেইটোকে কুকাৰৰ ‘ৱেইট’ বুলি কোৱা হয়। কুকাৰৰ ভিতৰত জমা হোৱা ভাপ অনবৰত ওপৰলৈ আহিব খোজে আৰু ই ঢাকনিখনকে ভিতৰৰ পৰা হেঁচা মাৰি ধৰে। সেইবাবে চেন-চেনাই থকা কুকাৰৰ ঢাকনি খোলো বুলিলেও খুলিব নোৱাৰি। কিন্তু ভিতৰৰ চাপ যেতিয়া ওপৰৰ পৰা দিয়া ৱেইটটোতকৈ বেছি হয়, তেতিয়া ভিতৰৰ চাপে ৱেইটটোক ওপৰলৈ দাঙি দিয়ে আৰু ‘চুইইইইইইই্’-কৈ ওলাই যোৱা ভিতৰৰ ভাপখিনিক আমি প্ৰেছাৰৰ হুইছেল বজা বুলি কওঁ।
প্ৰেচাৰ কুকাৰ ব্যৱহাৰত যাতে কোনো অঘটন নঘটে (ফাটি নাযায়) তাৰ বাবে এই ভাপ ওলাই অহা ফুটাকেইটা যাতে বন্ধ হৈ নাথাকে, সেইটোলৈ মাজে মাজে লক্ষ্য কৰা উচিত। কেতিয়াবা ভিতৰতে ভাত সোমাই ভাপ ওলোৱা মূল ফুটাকেইটা বন্ধ হৈ যাব পাৰে, তেনে অৱস্থাতো যাতে অঘটনৰপৰা হাত সাৰিব পাৰি তাৰ বাবে প্ৰেচাৰ কুকাৰৰ ঢাকনিত এটা ‘নিৰাপদ কপাট’ (Safety valve) লগোৱা থাকে। সাধাৰণতে ঢাকনিৰ যিডাল হাতল থাকে, সেইডালৰ তলতে এই নিৰাপদ কপাটটো ৰখা হয়।কপাটটো আচলতে ঢাকনিখনত থকা এটা ফুটা, যিটো এবিধ সহজে গলনশীল ধাতু-সংকৰেৰে বন্ধ কৰি থোৱা হয়। যদি প্ৰেচাৰ কুকাৰৰ ভাপ ওলাই আহিব নোৱাৰি ভিতৰখন অতি মাত্ৰা গৰম হয়, তেন্তে ধাতু-সংকৰখিনি গলি পৰি যায়, আৰু ফুটাটো মুকলি হয় আৰু সেইফালেৰে ভাপ ওলাই আহিব পাৰে। তেনে হ’লে কুকাৰৰ ঢাকনিখনত পুনৰ কপাটটো নলগোৱালৈকে তাক ব্যৱহাৰ কৰিব নোৱাৰি। কিছুমান মানুহে কেতিয়াবা এৰাই যোৱা নিৰাপদ কপাটৰ ফুটাটো কাগজ আদিৰে টানকৈ ঠিলা মাৰি থৈ দি প্ৰেচাৰ কুকাৰটো ব্যৱহাৰ কৰে। তেনে কৰাটো অনুচিত, কাৰণ কাগজ আদি সহজে পুৰি নাযায় বাবে ভাপ ওলাই যাব নোৱাৰি প্ৰেচাৰ কুকাৰটো বিষ্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে।
প্ৰেচাৰ কুকাৰৰপৰা সেয়ে কেতিয়াবা বিপদ হ’ব পাৰে। তেনে বিপদৰ পৰা হাত সাৰি থাকিবলৈ ঢাকনিখনৰ সোঁমাজতে থকা ফুটাকেইটা যে বন্ধ হৈ থকা নাই, সেইটো এবাৰ লক্ষ্য কৰিব লাগে। যদি নিৰাপদ কপাট এৰাই গৈছে, তেন্তে দোকানলৈ নি মেৰামতি কৰাইহে কুকাৰটো ব্যৱহাৰ কৰিব লাগে।
মই ইয়াত বাৰে বাৰে কৈ আহিলো যে তাপ দিলে পদাৰ্থ গোটাৰপৰা জুলীয়া আৰু জুলীয়াৰপৰা বাষ্পীয় অৱস্থালৈ আহে। পিছে, সদায়ে তেনে হয় জানো? যেনে কণী এটা যদি ভাঙি চোৱা হয়, দেখা যায় যে ভিতৰখন বিজলুৱা, প্ৰায় জুলীয়া। কিন্তু কণীটো সিজালে, মানে তাপ দিলে দেখোন ভিতৰৰ জুলীয়া বস্তুবোৰ গোটা হৈহে যায়। কিন্তু পদাৰ্থবিজ্ঞানৰ কথাবিলাকতো সাধাৰণতে ভুল হব নালাগে! নে কিবা বেলেগ বস্তু সোমাই আছে? এইবোৰ কথা আমি অহা সংখ্যাত আলোচনা কৰিম।
বিভিন্ন খোৱা-তেলৰ গলনাংকৰ তালিকা
(পিছে এইখন তালিকাত নো এই F-টো কি আহিল। F মানে হৈছে ফাৰেনহাইট, চেণ্টিগ্ৰেড বা ছেলছিয়াছৰ দৰেই উষ্ণতা জোখাৰ আন এটা একক। ফাৰেনহাইট আৰু চেন্টিগ্ৰেডৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেয়া কোনোবাই ইয়াতে মন্তব্য আকাৰে লিখি জনাবচোন। সুন্দৰকৈ বহলাই লিখিব পাৰিলে প্ৰৱন্ধ হিচাপে অহা সংখ্যাত প্ৰকাশ কৰিম।)
লিখক ডাঃ উদ্দীপ তালুকদাৰ
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
“ৰং” বিজ্ঞান-৩
“ৰং” বিজ্ঞান-২
‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত
অকণিৰ বিজ্ঞানৰ খেল