আমাৰ গাওঁঅঞ্চলসমূহৰ প্ৰত্যেকটো শস্য সংৰক্ষণ কৰাৰ পিছত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰীৰ অৱশিষ্ট উৎপন্ন হয়৷ ইয়াৰ বেছিভাগ অৱশিষ্ট মুকলি পথাৰত জ্বলাই দিয়া হয়৷ যেতিয়া জৈৱিক কাঠকয়লা চপৰাকৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হ’ব, এই অৱশিষ্টবিলাক অন্য এক প্ৰকাৰৰ ইন্ধন উৎপাদন কৰিবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব যি মূল্যবান আৰু পৰিবেশ উপযোগী৷ ই পৰিয়ালৰ উপাৰ্জন যোগান ধৰিব পাৰে৷
চপৰাকৰণ হৈছে নিম্ন ঘনত্বৰ আকাৰৰ জৈৱিক দ্ৰব্য উচ্চ ঘনত্ব আৰু শক্তি সম্পন্ন ইন্ধন টুকুৰালৈ পৰিৱৰ্তিত কৰা পদ্ধতি৷
কাঠকয়লা চপৰা কৰাৰ দুটা ভিন্ন পদ্ধতি আছে
১) প্ৰত্যক্ষ পদ্ধতি : প্ৰত্যক্ষ পদ্ধতি হৈছে তাপ প্ৰয়োগৰ ফলত জৈৱিক পদাৰ্থৰ এটা অসম্পূৰ্ণ দাহ্য পদাৰ্থ উৎপন্ন কৰা যাৰ ফলস্বৰুপে কাঠকয়লা উৎপন্ন হয়৷
২) পৰোক্ষ পদ্ধতি : পৰোক্ষ পদ্ধতিত জৈৱিক পদাৰ্থ ওচৰা-ওচৰিকৈ কিন্তু নিৰ্গমন পথযুক্ত বায়ুহীন কোঠালীত "জ্বলাবলৈ” এটা বাহ্যিক তাপৰ উৎস ব্যৱহাৰ কৰা হয়৷ পৰোক্ষ পদ্ধতিৰ ফলশ্ৰুতিত কম ধোঁৱা আৰু প্ৰদূষক দ্ৰব্য সহ উচ্চ মানসম্পন্ন কাঠকয়লা উৎপন্ন হয়৷
আৱশ্যকতা
১) স্থানীয়ভাৱে উপলবদ্ধ জৈৱিক পদাৰ্থ (যেনে কাজুৰীনা গছৰ পেলনীয়া পাত, কুহিয়াঁৰৰ জাবৰ, ধানৰ তুঁহ, নাৰিকলৰ আঁহ, বাদামৰ খোলা ইত্যাদি)
২) কাৰ্বনাইজিং চেম্বাৰ (শিখা)
৩) বান্ধনী (শ্বেতসাৰ অথবা কাঠাআলুৰ ময়দা)
৪) সৰু চপৰা কৰা যন্ত্ৰ (১০ কেজি/ঘণ্টা)
১) জৈৱিক পদাৰ্থ সংগ্ৰহ
২) জৈৱিক পদাৰ্থৰ কাৰ্বনাইজিং
১) ধোঁৱাবিহীন : কাঠকয়লাৰ টুকুৰাবিলাক কোনো প্ৰকাৰৰ ধোৱাঁ নোলোৱাকৈ প্ৰজ্বলিত আৰু দহনৰ কৰিব পাৰি৷
২) নিম্নমানৰ ছাঁইযুক্ত : অতিকম পৰিমাণৰ ছাঁই উৎপন্ন হয় (মূল কাঠকয়লাৰ ৫ শতাংশ তকৈ কম)
৩) সৰ্ব্বোচ্চ নিৰ্ণীত কাৰ্বন আৰু কেলৰীৰ পৰিমাণ : সাধাৰণতে নিৰ্ণীত কাৰ্বণৰ গাঢ়তা প্ৰায় ৮২ শতাংশ হ’ব লাগে৷ কাঠকয়লাৰ টুকুৰাবিলাকত নিহিত কেলৰীৰ মূল্য ৭৫০০ কিলোকেলৰী/কিলোগ্ৰাম৷
৪) গোন্ধবিহীন : জৈৱিক কাঠকয়লাৰ টুকুৰাত নিম্নতম বাস্পীভূত দ্ৰব্য নিহিত হৈ থাকে, যাতে সাম্ভাব্য গোন্ধ ই এৰি দিয়ে ৷
৫) দীৰ্ঘতম প্ৰজ্বলন সময় : কঠিন কাঠকয়লাৰ তুলনাত দুগুণ দৈৰ্ঘ্যৰ প্ৰজ্বলন সময়৷
৬) ফিৰিঙতিবিহীন : কঠিন কাঠৰ কাঠকয়লাৰ তুলনাত এই কাঠকয়লাসমূহে ফিৰিঙতি উৎপন্ন নকৰে৷
৭) কম ভংগুৰ আৰু উন্নত শক্তি : কম চপৰা আৰু উন্নত শক্তিয়ে কাঠকয়লাৰ প্ৰজ্বলন দীৰ্ঘ সময়ৰ বাবে ৰাখে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
এই শিতানত জৈৱিক দ্ৰবৰ পৰা শক্তি উৎপাদন কেনেকৈ কৰিব...
ইয়াত জৈৱ ইন্ধনৰ বিষয়ে আলোচনা কৰা হৈছে।