শক্তিৰহিত শীতলীকৰন কক্ষ হ'ল উদ্যান শস্য মজুত কৰিবলৈ কৰা বিকল্প ব্যৱস্থা। এইটো সতেজ ফল-মূল, শাক-পাচলি আৰু ফুল বিলাকৰ বজাৰকৰনৰ সময়কাল বৃদ্ধি কৰিবলৈ পামত মজুত কৰাৰ ব্যৱস্থা। অত্যধিক জলীয়বাষ্প থকা বাবে ফল-মূল আৰু শাক-পাচলিৰ স্ব-জীৱনকাল অতিশয় কম থাকে আৰু সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি এইবিলাক জীৱন্ত বস্তু আৰু চপোৱাৰ পিছতো ইহঁতে বাষ্পমোচন, শ্বাস-প্ৰশ্বাস আৰু পকা কাৰ্য্য সমাপন কৰে। মজুতকৰাৰ উঞ্চতা হ্ৰাস কৰি ফল-মূল আৰু শাক-পচলিৰ মজুত অবস্থাত হব পৰা লোকচান নিয়ন্ত্ৰন কৰিব পাৰি।
ইটা, বালি, বাহ, খেৰ, বস্তা আদিৰ সহায়ত অতি সহজতে শক্তি ৰহিত শীতলীকৰন কক্ষ প্ৰস্তুত কৰিব পাৰি। শীতলীকৰন কক্ষটোৱে বাহিৰৰ উঞ্চতাতকৈ ১০-১৫O চে.গ্ৰেড কম উঞ্চতা আৰু ৯০% আপেক্ষিক আৰ্দ্ৰতা বজাই ৰাখিব পাৰে। শুকান বতৰত ই অতিশয় কাৰ্য্যকৰী।
নিৰ্মান
- ওচৰতে পানীৰ উত্স থকা বাম মাটি বাচি লওক।
- ইটাৰে ১৬৫ চে.মি x ১১৫ চে.মি মজিয়া সাজি লওক।
- মাজত ৭.৫ চে.মি.গহ্বৰ এৰি ৬৭.৫ চে.মি ওখলৈ দুই তৰপীয়া বেৰ ওঠাওক।
- কক্ষটো পানীৰে তিয়াওক।
- নদীৰ পৰা অনা বালি পানীৰে তিয়াই লওঁক।
- দুই তৰপীয়া বেৰৰ মাজত থকা ৭.৫ চে.মি. গহ্বৰটো তিতা বালিৰে পূৰ্ণ কৰি লঁওক।
- বাহ আৰু খেৰ বা শুকান ঘাঁহেৰে ঠাই ডোখৰ (১৬৫ চে.মি. x ১১৫ চে.মি.) আৱৰি ছানি দিয়ক।
- প্ৰত্যক্ষ ৰদ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ কক্ষটোৰ ওপৰত এটা বাৰান্দা দিয়ক।
কাৰ্য্যপ্ৰণালী
- বালি, ইটা আৰু কক্ষটোৰ ওপৰৰ ছানিটো পানীৰে তিয়াই ৰাখক।
- প্ৰয়োজনীয় উঞ্চতা আৰু আপেক্ষিক আৰ্দ্ৰতা বজাই ৰাখিবলৈ দিনত দুবাৰকৈ পানীৰে তিয়াই ৰাখক বা ওপৰত ৰখা পানীৰ টেঙ্কিৰ পৰা প্লাষ্টিক পাইপ আৰু মাইক্ৰ’ টিউব সংযোগ কৰি ড্ৰিপৰ ব্যৱস্থা কৰক।
- এইটো কক্ষত বিন্দাযুক্ত প্লাষ্টিক ক্ৰেটত ফল-মূল আৰু শাক-পাচলি সংৰক্ষন কৰক।
- এই ক্ৰেটবিলাক পাতল পলিথিলিন শ্বীটৰ দ্বাৰা আবৃত্ব কৰি ৰাখক।
- এই শীতলীকৰন কক্ষটো তিনি বছৰৰ মূৰে-মূৰে পুৰনি ইটাবিলাক নতুন ইটাৰে সলাই পুনঃসজাব লাগে, পুৰনি ইটাবিলাক বেলেগ কামত লগাব পাৰি।
সাৱধানতা
- কক্ষটো বতাহ বলা ঠাইত সজাবলৈ যত্ন কৰক।
- পানী জমা হব নোৱাৰা ওখ ঠাইত প্ৰস্তুত কৰক।
- ভালমানৰ পৰিষ্কাৰ, নভঙা ইটা ব্যৱহাৰ কৰক।
- বালি খিনি পৰষ্কাৰ হব লাগে আৰু ইয়াত কোনো জৈৱিক পদাৰ্থ বা বোকা থাকিব নালাগে।
- ইটা আৰু বালি পানীৰে সংপৃক্ত কৰি ৰাখক।
- চালটো এনেভাবে সজাব লাগে যাতে সূৰ্য্যৰ তাপ প্ৰত্যক্ষভাবে নপৰে।
- কেৱল প্লাষ্টিক ক্ৰেটহে ব্যৱহাৰ কৰিব; বাহৰ পাঁচি, কাঠৰ/ফাইবাৰ ব’ৰ্ড/বাকচ, বস্তা আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
- মজুত কৰি ৰখা বস্তু বিলাকত যাতে ৰ’দ নপৰে তালৈ সাৱধান হব।
- কক্ষটো পৰিষ্কাৰ কৰি ৰাখক আৰু অনুমোদন কৰা কীটনাশক দৰৱ /ভেকুৰনাশী দৰৱ /ৰাসায়নিক আদি প্ৰয়োগ কৰি ভেকুৰ, পোক-পৰুৱা কীট-পতঙ্গ আদিৰ পৰা বচাওক।
প্ৰায়োগিক ক্ষেত্ৰ
- অলপ দিনৰ বাবে সতেজ শাক-পাচলি, ফল-মূল আৰু ফুল মজুত কৰিবলৈ।
- হোৱাইট বটন মাশ্বৰূম উত্পাদন কৰিবলৈ।
- বিলাহী আৰু কল পকাবলৈ।
- গছৰ বংশ বৃদ্ধি কৰিবলৈ।
- প্ৰনালীকৃত ফল-মূল মজুত কৰিবলৈ।
উপকাৰিতা
- সতেজ ফল-মূল,শাক-পাচলি আৰু ফুল অতিশয় কম দামত বিক্ৰী কৰিবৰ পৰা সাত সাৰিব পাৰি।
- সাধাৰন শাক-পাচলিতকৈ সতেজ শাক-পাচলিৰ ভাল বজাৰ মূল্য পোৱা যায়।
- পুষ্টি মূল্য ধৰি ৰাখিব পাৰি।
- প্ৰদূষন ৰহিত পৰিবেশ বন্ধুভাৱাপন্ন ব্যৱস্থা।
- উৎপাদন ক্ষমতা: কক্ষ প্ৰতি ১০০ কুইন্টেল ৬-৭ টনলৈকে ক্ষমতা বঢ়াব পাৰি।
প্ৰয়োজন হোৱা সামগ্ৰী
- ঘৰ: খোলা ঘৰ (বায়ু চলা-চলৰ ব্যৱস্থা সম্পন্ন)
- মাটি: ১০০ বৰ্গ মিটাৰ
- পানী: ২৫-৫০ লিটাৰ প্ৰতিদিন (অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি)
- প্ৰয়োজনীয় কৰ্মী: মুঠ ২, এজন কাৰিকৰীবিদ, এজন অপৈনত কৰ্মী
প্ৰয়োজনীয় খৰচ
আঁচনিটোৰ খৰচ: প্ৰতিগোটৰ বাবে প্ৰায় ৩০০০ টকা
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.