অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নলবাৰীৰ তপন দত্ত বৰুৱাৰ সফলতা

নলবাৰীৰ তপন দত্ত বৰুৱাৰ সফলতা

খাদ্য নিৰ্ভৰ মীনপালন

নলবাৰী চহৰৰ সমীপৱৰ্তী কেন্দুকুছি গাঁৱৰ উচ্চ শিক্ষিত যুৱক তপন দত্ত বৰুৱা উচ্চ কাৰিকৰী প্ৰযুক্তিগত সফলতাৰে মীনপালনত প্ৰতিষ্ঠিত হোৱা মুষ্টিমেয় লোকসকলৰ ভিতৰত এজন। ডেৰকুৰি বসন্ত গৰকা চফল ডেকাজনে মীনপালনত জড়িত হৈ এক বিশাল মীন সাম্ৰাজ্যৰ অধিপতি হ’বলৈ সক্ষম হৈছে। দত্ত বৰুৱাই আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে মুখ্যত: খাদ্য নিৰ্ভৰ মীনপালনৰ পোষকতা কৰি যথেষ্ট সফলতা অৰ্জন কৰিছে। এনে কৌশলত প্ৰাৰম্ভিক মূলধনী ব্যয় কিছু বেছি যদিও তুলনামূলকভাৱে সামগ্ৰিক লাভৰ পৰিমাণো যথেষ্ট বেছি। অৰ্থাৎ একক জলক্ষেত্ৰৰ পৰা উৎপাদন পোৱা যায় বহু বেছি। উল্লেখ্যযোগ্য যে জলভাগত থকা প্ৰাকৃতিক খাদ্যখিনি মাছৰ পৰ্য্যাপ্ত উৎপাদনৰ বাবে যথেষ্ট নহয়। সেইবাবে নিৰ্দিষ্ট হিচাপ আৰু নিয়মত পুষ্টিকৰ, সুষম আৰু সমতুল্য পৰিপূৰক খাদ্য প্ৰয়োগ কৰাটো একান্তই বাঞ্ছনীয় হয়।

১৯৯৭ চনত মহানগৰীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা পৰিৱেশ বিজ্ঞান আৰু জল ব্যৱস্থাপনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা যুৱকজনে মীনপালনৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ। নিজৰ প্ৰচেষ্টাত তেওঁ গ্ৰহণ কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অন্তৰ্গত উদ্যমিতা বিকাশমূলক প্ৰশিক্ষণ আৰু ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ মীনপালন শীৰ্ষক প্ৰশিক্ষণ। এই প্ৰশিক্ষণসমূহে যুৱকজনক বাৰুকৈয়ে উৎসাহিত কৰি ইপসিত লক্ষ্যত উপনীত হ’বলৈ যথেষ্ট সমল যোগায়। এই উৎসাহেৰেই তেওঁ প্ৰথমে পুখুৰী খন্দাৰ উদ্দেশ্যে কম দামত মাটি কিনাৰ প্ৰয়াস চলায়। তামোল বিক্ৰী কৰি পোৱা ধন আৰু বিভিন্ন উৎসৰ পৰা আহৰণ কৰা ধনেৰে তেওঁ ২০০০ চনত অতি কম মূল্যতে ৯ বিঘা মাটি কিনে। এই মাটিত পুখুৰী খান্দে তেওঁ আৰম্ভ কৰে মীনপালন। প্ৰথম বছৰৰ লাভাংশৰ ধন বিনিয়োগ কৰি পৰৱৰ্তী বছৰত পুনৰ পাৰ্শ্বৱৰ্তী খনাবিল অঞ্চলত ভূমি ক্ৰয় কৰে তপনে। এইদৰে চলি থাকে পৰৱৰ্তী বছৰসমূহতো পাম সম্প্ৰসাৰণৰ কাম। বৰ্তমান তেওঁৰ পামৰ মুঠ জলকালি ৮০ বিঘা। ২০০০ চনত সমন্বিত ধান আৰু মীনপালনেৰে কাম আৰম্ভ কৰা তপন দত্ত বৰুৱা এতিয়া খাদ্য নিৰ্ভৰ মীনপালনৰ লগত জড়িত। দেশৰ আগশাৰীৰ খাদ্য উৎপাদক প্ৰতিষ্ঠানৰ পৰা খাদ্য আনি প্ৰথমে পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰাৰ পিছতহে মীনপালনত ব্যৱহাৰ কৰে তপনে। তেওঁৰ হিচাপটো হ’ল দুই কিলোগ্ৰাম পৰিপূৰক খাদ্য প্ৰয়োগ কৰি ন্যূনতম এক কিলোগ্ৰাম মাছ পাব লাগিব। খাদ্য ক্ৰয়ৰ বাবে তেওঁৰ প্ৰাৰম্ভিক ধনৰাশি যোগান ধৰে ভাৰতীয় ষ্টেট বেংকে। ঋণ পৰিশোধ কৰে ফচল বিক্ৰী কৰি। পৰৱৰ্তী সময়ত নিজৰ প্ৰয়োজনীয় গুণগত মানৰ মীন পোনাখিনিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ তেওঁ হাপা পদ্ধতিৰ পোনা উৎপাদনতো মনোনিৱেশ কৰে। এইদৰে নিজৰ চাহিদাৰ জোৰা মৰাৰ উপৰি ওপৰঞ্চিখিনি স্থানীয় মীনপালকক সুলভ মূল্যত যোগান ধৰে। শেহতীয়াকৈ সংমিশ্ৰিত আৰু সমন্বিত মীনপালনক লক্ষ্য হিচাপে লৈ তেওঁ ৫০ বিঘা জলাশয় সমৃদ্ধ আন এটা গোট আৰম্ভ কৰিছে। দত্ত বৰুৱাই জনোৱা মতে, তেওঁৰ প্ৰতি হেক্টৰ জলকালিত মৎস্য উৎপাদন হয় ৪০০০-৪৫০০ কিলোগ্ৰাম। পামখনৰ লগত কাৰিকৰী পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ সোনমইনা ভূঞা। শেহতীয়া মীনপালনৰ কাৰিকৰী দৃষ্টিভংগীৰে সমৃদ্ধ ভূঞাই প্ৰধানত: খাদ্য নিৰ্ভৰ মীনপালনৰ বিভিন্ন দিশত সহযোগিতাৰে দত্ত বৰুৱাৰ উত্তৰণত বিশেষ অৰিহণা যোগাইছে।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate