অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাগুৰ মাছৰ পোনা উৎপাদনত ব্যস্ত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ছাকিনা আহমেদ

মাগুৰ মাছৰ পোনা উৎপাদনত ব্যস্ত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ছাকিনা আহমেদ

মহিলা সৱলীকৰণ বৰ্তমান সময়ৰ এক অতি প্ৰাসংগিক বিষয়বস্তু। এইক্ষেত্ৰত মীনপালন হ’ব পাৰে অন্যতম ফলপ্ৰসূ ব্যৱস্থা। ৰাজ্যখনৰ তেনে এক আদৰ্শনীয় উদাহৰণ হ’ল বৰপেটা জিলাৰ ধাকালিয়াপাৰা গাঁৱৰ উদ্যমী মহিলা ছাকিনা আহমেদ। ৰাজ্যৰ কৃষি তথা মীন খণ্ডৰ এইটো এটা পৰিচিত নাম। ই নিশ্চিতভাৱে মহিলা সৱলীকৰণৰ লগতে গ্ৰামীণ মহিলাসকলৰো সামাজিক উত্তৰণৰ বাৰ্তা বহন কৰে। অতি দুখ আৰু কাৰুণ্যৰে ভৰা শৈশৱ অতিবাহিত কৰা ছাকিনাৰ মতে, অভাৱেই উদ্‌গতিৰ মূল। অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই ছাকিনাৰ পৰিয়ালটোলৈ নামি আহিছিল অনাকাংক্ষিত অৰ্থনৈতিক বিপৰ্যয়। দুই ভাতৃসহ পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান আছিল ছাকিনা। শুভাকাংক্ষী আৰু আত্মীয়সকলৰো বহুতেই ছাকিনাক ইমানতে শিক্ষা সাং কৰি উৎপাদনমুখী কাম-কাজত মনোযোগ দিবলৈ পৰামৰ্শ দিছিল। ছাকিনা কিন্তু দৃঢ় প্ৰতিজ্ঞ, পঢ়া-শুনাৰ মাজতে পৰিয়ালটোৰ জীৱিকাৰ আহৰণৰ দায়িত্ব গ্ৰহণ কৰিব। এই যে আৰম্ভণি, ছাকিনাই আৰু পিছলৈ উভতি চোৱা নাই। ২০০১ চনত প্ৰথমে পশুপালন বিভাগৰ পৰা ক্ষুদ্ৰ ঋণ এটা লৈ তিনিটা ছাগলী কিনি ছাকিনাই ব্যৱসায় ব্যৱসায় আৰম্ভ কৰে। ছাগলী পালনত লাভ কৰা সফলতাৰ সুবাদত অতি কম দিনতে পামখন সমৃদ্ধ হয় দুহাজাৰ ছাগলীলৈ। এই ধাৰা অব্যাহত ৰাখি সমান্তৰালভাৱে মীনপালন কৰাৰ সিদ্ধান্ত ল’লে ছাকিনাই। ইতিমধ্যে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাকিনাই স্থানীয় মহাবিদ্যালয়ত নামভৰ্তি কৰে। ধাকালিয়াপাৰাৰ স্থানীয় আন দহগৰাকী মহিলাক সংগঠিত কৰে গঠন কৰে এখন মীনপাম। স্থানীয় এলাহাবাদ বেংকৰ তদানীন্তন শাখা পৰিচালকজনে মঞ্জুৰ কৰে ১০,০০০ টকা। মীনপালনৰ লগতে পুখুৰীতে আৰম্ভ কৰে হাপা পদ্ধতিৰে পোনা উৎপাদন। সকলোখিনি কাম মহিলাসকলৰ দ্বাৰাই সম্পন্ন কৰা হ’ল। ব্যৱসায়ো হ’ল আশাপ্ৰদ। হাতলৈ ধনো আহিল অনাকাংক্ষিতভাৱে। পিছলৈ তেওঁলোকৰ দিহা-পৰামৰ্শৰে আন মহিলাসকলেও আৰম্ভ কৰে মীন পালন। এনেকৈয়েই সমগ্ৰ অঞ্চলটোতে নীল বিপ্লৱৰ জোৱাৰ উঠিল। অঞ্চলটোৰ অৰ্থনৈতিক উত্তৰণ ঘটিল চকুত লগাকৈ। প্ৰশস্ত হ’ল মহিলা সবলীকৰণ। এইদৰে ছাকিনাৰ নেতৃত্বত চলি থাকিল গোটটোৰ কাম-কাজ। ইতিমধ্যে ছাকিনাই সুখ্যাতিৰে স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰ মাজতে ২০০৭ চনত কৃষি বিভাগৰ তত্ত্বাৱধানত আচাৰ প্ৰস্তুতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি খাদ্য সংসাধনৰ ক্ষেত্ৰতো জড়িত হৈ পৰে ছাকিনা। ২০০৯ চনত ছাকিনাই মৰসাহ কৰি এটা সাংঘাটিক সিদ্ধান্ত লয়। সিদ্ধান্তটো হ’ল- অতি অত্যাধুনিক আৰু শেহতীয়া কাৰিকৰী জ্ঞানৰ উন্মেষেৰে মাগুৰ মাছৰ পোনা উৎপাদন। এই ক্ষেত্ৰত যাৱতীয় প্ৰশিক্ষণৰ বাবে কাষ চাপে দেশৰ ভিতৰতে প্ৰথম মাগুৰ মাছৰ সফল আবিষ্ট প্ৰজননৰে পোনা উৎপাদনকাৰী ডাবালিয়াপাৰাৰ মাজিদ আলীৰ। মাজিদ আলীয়েও মহিলাগৰাকীৰ উৎসাহ দেখি সকলোখিনি অতি পৰিপাটীকৈ হাতে-কামে শিকাই দিয়ে। এইখিনি সমলকে আধাৰ হিচাপে লৈ ২০১০ চনত ছাকিনাই আৰম্ভ কৰে অপেক্ষাকৃতভাৱে জটিল মাগুৰ মাছৰ পোনা উৎপাদন। প্ৰথম বছৰতে তেওঁ ৫০ শতাংশ সফল হয়। লগে লগে ছাকিনাৰ নাম সংযোজিত হয় ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মাগুৰ মাছৰ পোনা উৎপাদনকাৰী হিচাপে। পৰৱৰ্তী বছৰৰ ৮০ শতাংশ সফলতা। তাৰ পৰৱৰ্তী বছৰ বানপানীয়ে তেওঁক ক্ষতি কৰে। তাৰ পিছত ছাকিনাই চলিত বৰ্ষত এতিয়ালৈ মাগুৰ মাছৰ পোনা বিক্ৰী কৰি লাভ কৰে প্ৰায় দুই লাখ টকা। মজুত আছে বাৰ হাজাৰমান আঙুলি জোখৰ মাগুৰ পোনা। আত্মসহায়ক গোট আৰু ব্যক্তিগতভাৱেও মাগুৰ মাছৰ পোনা উৎপাদন, কাৰ্প মাছৰ পোনা উৎপাদন, মীন পালন আদি চলাই গৈছে নিৰৱচিচ্ছিন্নভাৱে। বছৰেকত আয় হয় প্ৰায় সাত লাখ টকা। ছাকিনাৰ মাগুৰ মাছৰ পোনা উৎপাদনত আছে যথেষ্ট উদ্ভাৱনী চিন্তা। কম খৰছত মাগুৰৰ পোনা উৎপাদনৰ বাবে প্ৰস্তুত কৰি উলিওৱা আন্ত:গাঁথনিখিনি অধ্যয়ন কৰি দেশৰ অগ্ৰণী মীন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান উৰিষ্যাৰ ভূৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱনীয় জলসংবৰ্ধন প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ভুয়সী প্ৰশংসা কৰিছে। ছাকিনাৰ কাম-কাজ প্ৰত্যক্ষ কৰি দেশৰ প্ৰথিতযশা মীন বিজ্ঞানী ড০ এ কে ছাহু অতিশয় আপ্লুত হয় আৰু তেওঁৰ প্ৰতিষ্ঠানৰ তৰফৰ পৰা কিছু আন্ত:গাঁথনিমূলক সাহায্য সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰে। ২০১২ বৰ্ষত কোচিনৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ উদ্যোগত ছাকিনাই গ্ৰহণ কৰে মাছৰ পৰা মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য-সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ। আৰম্ভ হয় আন এক যাত্ৰা। মাছৰ পৰা প্ৰস্তুত কৰা আচাৰকে আদি কৰি বিভিন্ন মান সংযোজিত খাদ্য-সামগ্ৰী তৈয়াৰ কৰি বিপণন আৰম্ভ কৰে ছাকিনাই। সঁহাৰিও আশাপ্ৰদ। বিভিন্ন প্ৰদৰ্শনী আৰু মেলাত ছাকিনাৰ আচাৰৰ জুতি লোৱাৰ সু যোগ পোৱা বহুতেই পৰৱৰ্তী সময়ত ছাকিনাৰ লগত আচাৰ যোগানৰ বাবে যোগাযোগ কৰিছে। তাৰ ভিতৰত অসমৰ লক্ষিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰৰ উপৰি ভূটান, নেপালৰ গ্ৰাহকো আছে। ছাকিনাই অৱশ্যে তেওঁৰ এই উত্তৰণত মীন বিভাগৰ সহায়-সহযোগিতাক কৃতজ্ঞতাৰে স্বীকাৰ কৰে। মীন পালনৰ লগতে সমান্তৰালভাৱে পঢ়া-শুনা চলাই যোৱা ছাকিনাই শেহতীয়াকৈ কম্পিউটাৰৰ ডিপ্ল’মা পাঠ্যক্ৰমো সফলতাৰে সাং কৰিছে। নিশ্চিতভাৱে ছাকিনা মহিলা সবলীকৰণৰো এক উজ্জ্বল প্ৰতিভূ।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate