সেয়া ১৮৮৭-৮৮ চনৰ কথা। লাহে লাহে থন ধৰি উঠা কেলিফৰ্ণিয়াৰ নেমুটেঙাৰ উদ্যোগবোৰ এক ভয়াৱহ ভাবুকিৰ সন্মুখীন হ’ল। কাটনি কুশ্বন স্কেল নামৰ পতংগ বিধৰ আক্ৰমণত সতেজ নেমুটেঙাৰ বাগিচাবোৰ জয় পৰি যাবলৈ ধৰিলে। ৰাসায়নিক পদাৰ্থইও এই পতংগক ধ্বংস কৰিবলৈ অক্ষম হ’ল। জাতীয় অৰ্থনীতিত ভয়াৱহ ধৰণে আঘাট হনা এই পতংগ বিধক নিয়ন্ত্ৰণৰ বাবে চিন্তা-চৰ্চাৰ আৰম্ভ হ’ল। চি.ভি.ৰিলে নামৰ বিশিষ্ট পতংগবিদ জনে সহকাৰী এলবাৰ্ট ক’য়েবেলিক এই সংক্ৰান্তত এক কামত নিয়োগ কৰিলে। অপকাৰী পতংগ বিধৰ প্ৰকৃত উদ্ভৱ স্থল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হোৱাৰ সূত্ৰে ইহঁতৰ জৈৱ নিয়ন্ত্ৰকসমূহ সেই অঞ্চলসমূহত উপলব্ধ হ’ব বুলি তেওঁ ধাৰণা কৰিলে, লগতে ক’য়েবেলিক তেনে জৈৱ নিয়ন্ত্ৰক সংগ্ৰহৰ বাবে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰিলে। যদিও ওপৰৱালাৰ নিৰ্দেশক্ৰমে, অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব লগাত পৰিল, পতংগ সংগ্ৰহৰ দৰে আমনিদায়ক কামৰ বাবে নিয়োজিত হৈ ক’য়েবেলি যথেষ্ট অসুখী হ’ল। তালৈগৈ তেওঁ ভ্ৰমণ বিলাস কৰি অধিক সময় কটাই আৰু এখন নেমুটেঙাৰ বাগিছাত আক্ৰমণ কৰি থকা স্কেল পোকৰ কাষত পোৱা ক্ষুদ্ৰকায় “ভেদালিয়া বিটল” কেইটামান সংগ্ৰহ কৰি ৰিলেৰ ওচৰলৈ ১৮৮৮ চনৰ নবেম্বৰ মাহত প্ৰেৰণ কৰাৰ লগতে চাকৰি ত্যাগ কৰিবৰ বাবে থিৰাং কৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল,- ক’য়েবেলিয়ে নজনাকৈয়ে পতংগ নিয়ন্ত্ৰণৰ ইতিহাসত তেওঁ নিজে এগৰাকী যুগান্তকাৰী পাত্ৰলৈ ৰূপান্তৰিত হ’ল।
“ভেদালিয়া বিটল” মেলি দিয়াৰ পাছৰ বছৰৰ পৰা নেমুটেঙা উৎপাদন দুগুণলৈ বাঢ়িল। জাৰ্মানসকলে ক’য়েবেলিৰ সন্মানাৰ্থে এই পদ্ধতিক ‘ক’য়েবেলি পদ্ধতি’ আখ্যা দিলে। আজি পৰ্য্যন্ত “ভেদালিয়া বিটল” ৰ গুৰুত্ব কেলিফৰ্নিয়াত বিদ্যমান। শেহতীয়া সমীক্ষা মতে, প্ৰতি ডলাৰ ব্যয়ৰ ফলত, ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবদ লাভ হোৱা পাঁচ ডলাৰৰ বিপৰীতে জৈৱিক নিয়ন্ত্ৰণৰ দ্বাৰা ত্ৰিশ ডলাৰ লাভ হয়।
চিত্ৰ (৩৫): সৰ্ব প্ৰথম পতংগ নিৰ্মূলৰ বাবে পতংগ নিয়োগৰ উদাহৰণ- “Vedalia beetle” ক
নেমুৰ “Cottony cushion scale” নিৰ্মূলৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
১৯৭৫ চনত ভাৰতৰ নাইনিতালস্থ, প্ৰাথমিক বিদ্যালয় এখনৰ তদানীন্তণ শিক্ষক, চন্দ্ৰশেখৰ ল’হোমিয়ে অপতৃণ লেন্টানাৰ জৈৱ নিয়ন্ত্ৰক পতংগ লেচবাগক আৱিষ্কাৰ কৰাৰ বাবে ভাৰতীয় কৃষি গৱেষণা সংস্থানয়ে পুৰষ্কাৰ স্বৰূপে নগদ ১৫,০০০ টকা প্ৰশস্তি পত্ৰ প্ৰদান কৰে।
প্ৰাচীন কালত চীনাসকলে ওচৰা-ওচৰিকৈ থকা গছৰ ডাল বাঁহৰ কাঠিৰে সংযুক্ত কৰি আমৰলি পৰুৱাক আঁহ-যাহৰ ব্যৱস্থাৰে অপকাৰী জীৱৰ পলুবোৰ ধ্বংস কৰিছিল। জৈৱিক নিয়ন্ত্ৰণ শব্দটোক সৰ্ব্বপ্ৰথমে স্মিথ নামৰ বিজ্ঞানীজনে ১৯১৯ চ অনত ব্যৱহাৰ কৰিছিল। নিয়ন্ত্ৰকসমূহক কৌশলৰে অপকাৰী পতংগৰ ওপৰত প্ৰয়োগ কৰাকে জৈৱিক নিয়ন্ত্ৰণ বোলা হয়।
চিত্ৰ (৩৬): প্ৰাচীন কালত চীনদেশত ব্যৱহৃত গছৰ
ডাল বাঁহৰ কাঠিৰে সংযুক্ত কৰি আমৰলি পৰুৱাক
আঁহ-যাহৰ ব্যৱস্থাৰে জৈৱ নিয়ন্ত্ৰণৰ এক উদাহৰণ
সহজ ভাষাত মানুহ, পশুধন বা উদ্ভিদৰ ক্ষতিকাৰক জীৱবোৰক অন্যপ্ৰাণী বা প্ৰাকৃতিক শক্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা পদ্ধতিকে জৈৱিক নিয়ন্ত্ৰণ বোলা হয়। নিগনিৰ উপদ্ৰৱৰ পৰা ৰেহাই পাবলৈ মেকুৰী পোহাটো জৈৱিক নিয়ন্ত্ৰণৰ এক উদাহৰণ।
পতংগৰ ক্ষেত্ৰত জৈৱিক নিয়ন্ত্ৰকবোৰক পেৰাচাইট, পেৰাচাইটড আৰু প্ৰিডেটৰ আদি ভাগত ভাগ কৰা হয়।
প্ৰিডেটৰ: এইবোৰ মুক্তভাৱে বিচৰণ কৰিব পৰা জীৱ। প্ৰিডেটৰবোৰ ইহঁতৰ খাদ্যৰূপত ব্যৱহৃত জীৱবোৰতকৈ আকাৰত ডাঙৰ হোৱাৰ লগতে সম্পূৰ্ণ বিকাশৰ বাবে একাধিক খাদ্যযোগ্য জীৱৰ প্ৰয়োজন হয়। যেনে: ধান খেতিৰ অনিষ্টকাৰী গান্ধীপোকৰ প্ৰিডেটৰ “টাইগাৰ বিটল” আৰু মোৱাপোকৰ ভক্ষনকাৰী ক্ৰায়চ’পাৰ্লা কাৰ্ণিয়া, প্ৰিডেটৰৰ প্ৰকৃষ্ট উদাহৰণ।
চিত্ৰ (৩৭): জৈৱ নিয়ন্ত্ৰক পতংগ,
(ক) প্ৰাপ্তবয়স্ক আৰু (খ) ঠাৰিৰ আগত সুৰক্ষিত ডিম্ব
পেৰাছাইটবোৰ পোষকতকৈ যথেষ্ট ক্ষুদ্ৰ জীৱ। অসংখ্য পেৰাছাইটে একে সময়তে একেটা পোষকক আক্ৰমণ কৰিব পাৰে কাচিৎহে পোষকৰ মৃত্যু হয়। যেনে: ওকনি, ম’হ আৰু কৃমি আদি। পেৰাছাইটয়ডবোৰ এক বিশেষ ধৰণৰ পেৰাছাইট; যিবোৰ সাধাৰণতে পোষকৰ সমাকৃতিৰ। ইহঁতে পোষকক হত্যা কৰাৰ লগতে মুক্ত বিছৰণকাৰী পূৰ্ণাংগ পতংগলৈ বিকশিত হ’বৰ বাবে মাত্ৰ এটা পোষকৰহে প্ৰয়োজন হয়। যেনে: ধানৰ মজাখোৱা পোকৰ ডিম্ব-পেৰাছাইটয়ড আদি।
চিত্ৰ (৩৮): অপকাৰী পতংগৰ ডিম্বৰ ওপৰত জৈৱ নিয়ন্ত্ৰক ট্ৰাইক’গ্ৰামাৰ ডিম্ব-প্ৰসৱ
অসময়ত অলাগতিয়াল ভাৱে কৃষিভূমিত জন্মা উদ্ভিদক অপতৃণ আখ্যা দিয়া হয়। বৰ্তমান অপতৃণসমূহ নিৰ্মূলৰ বাবে ৰাসায়নিক পদ্ধতিৰ বিকল্পৰূপে জৈৱ নিয়ন্ত্ৰকৰ ওপৰত মনোনিৱেশ কৰা হৈছে। আজিকালি চৰণীয়া পথাৰ, ৰেল লাইন আৰু পথৰ দাঁতি কাষৰিয়া অঞ্চলকে ধৰি সৰ্বত্ৰতে ভাবুকিস্বৰূপে দেখা দিয়া পাৰ্থেনিয়াম বা কংগ্ৰেচগ্ৰাচক ধ্বংস কৰিবৰ বাবে মেক্সিক’ৰ পৰা ১৯৮৩ চনত Zygograma bicolorata নামৰ পতংগবিধ আমদানি কৰি ভাৰতলৈ অনা হয়। আনফালে জলজ অপতৃন পানীমেটেকাক নিৰ্মূলৰ বাবে ১৯৮২ চনত ত্ৰি-অৰি পানী মেটেকা পোক (Mottled water hyacinth weevil, Neochetina eichhorni)ক All India coordinatied Research Project on Biological control of Crop Pests and Weeds; চমুকৈ AICRP on Bio-Control (বাঙ্গালোৰ)ৰ তত্বাৱধানত আমদানি কৰি জলাশয়ত মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হয়।
চিত্ৰ (৩৯): “মেগট” আক্ৰমণৰত অৱস্থাত দুটা জৈৱ নিয়ন্ত্ৰক পতংগ
১) জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি পাৰ্শ্বক্ৰিয়াহীন হোৱাৰ লগতে ই প্ৰদূষক্মুক্ত হোৱাৰ বাবে সুস্থ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে যথেষ্ট উপযোগী।
তালিকা (৭): ভাৰতলৈ আমদানিকৃত জৈৱিক নিয়ন্ত্ৰকৰ সাফল্য
চন |
জৈৱ নিয়ন্ত্ৰকৰ প্ৰকৃত উৎপত্তিস্থল |
উদ্ভিদ |
অপকাৰী পতংগ |
জৈৱনিয়ন্ত্ৰক |
১৯২০ |
ইংলেণ্ড |
আপেল |
Eriosoma lanigeram |
Aphalinus mali |
১৯৫৮-৬০ |
চীন |
আপেল |
Quadraspidiotus Perniciosus |
Prospatilla pernciost |
১৯৬০ |
আমেৰিকা |
আপেল |
Quadraspidiotus Perniciosus |
Aphytis diaspidis |
১৯৬৪ |
নিউগিণি |
এৰী |
Achaea janata |
Telenomia sp. |
১৯৬৫ |
জাঞ্জিৱাৰ |
নাৰিকল |
Oryctes rhinoceros |
Platymeris laevicollis |
২) জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি স্ব-প্ৰজননক্ষম আৰু স্ব-ৰক্ষণশীল।
৩) জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিত নিয়োজিত নিয়ন্ত্ৰক জীৱৰ বিৰুদ্ধে অপকাৰী পতংগই প্ৰতিৰোধ ক্ষমতা গঢ়িব নোৱাৰে। সঁচৰাচৰ যিটো ঘটনা ৰাসায়নিক পদ্ধতিত দেখা যায়।
৪) মানুহ, পশুধন বা অন্যান্য জীৱৰ ওপৰত জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰয়োগৰ ফলত কোনো ক্ষতিকাৰক প্ৰভাৱ পৰা পৰিলক্ষিত নহয়।
৫) জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি তুলনামূলকভাৱে স্থায়ী।
৬) জৈৱিক নিয়ন্ত্ৰকসমূহে অপকাৰী পতংগসমূহৰ সন্ধান নিজেই কৰিব পাৰে সেয়েহে ৰাসায়নিক পদ্ধতিৰ দ্বাৰাও নিয়ন্ত্ৰণ কৰিব নোৱাৰা কীট-পতংগৰ ক্ষেত্ৰটো জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি সফল হোৱা দেখা যায়।
৭) জৈৱিক নিয়ন্ত্ৰকসমূহৰ উৎপাদন ব্যয় ৰাসায়নিক পদাৰ্থৰ উৎপাদন ব্যয়তকৈ যথেষ্ট কম।
জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ অপকাৰীতা
১) জৈৱ নিয়ন্ত্ৰকসমূহে অপকাৰী পতংগক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম।
২) ৰাসায়নিক পদ্ধতিতকৈ জৈৱিক নিয়ন্ত্ৰকসমূহৰ কাৰ্য্যকলাপ যথেষ্ট ধীৰ। সেয়েহে কৃষকসকলে এই পদ্ধতিৰ প্ৰতি সিমান আগ্ৰহ নেদেখুৱাই।
৩) অধিক গুণগত জৈৱ নিয়ন্ত্ৰক উৎপাদন সহজ নহয়।
লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
জৈৱিক কৃষি আৰু কেঁচুসাৰ প্রস্তুত প্রণালী
অসমত জৈৱিক খেতিৰ সম্ভাৱনা
ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়ত
জৈৱিক কীট নাশক আৰু কৃষি কাৰ্য্যত ইয়াৰ প্রয়োগ