প্ৰাণীজগতৰ কৌশলী জীৱ সমূহৰ ভিতৰত মৌ-মাখি অন্যতম। সংগ্ৰহকাৰী মৌ-মাখিয়ে ফুলৰ পৰা আহৰণ কৰা পৰাগ আৰু সুমিষ্ট ৰসক উদ্গলন (regurgitation) আৰু বাষ্পীভৱন (evaporation) পদ্ধতিৰে পুষ্টিকৰ মৌজোললৈ পৰিৱৰ্তিত কৰে আৰু এই প্ৰক্ৰিয়াক খাদ্যনলীৰ পৰা নিৰ্গত উৎসেচকে (enzyme) ত্বৰান্বিত কৰে। প্ৰকৃতাৰ্থত মৌচাকত সংৰক্ষণ কৰা মধু হ’ল মৌ-মাখিৰ প্ৰধান খাদ্য উৎস। গ্লুকজ আৰু ফ্ৰুক্টজৰ উপস্থিতিৰ বাবে মধু চেনিৰ দৰে মিঠা হয়।
বিজ্ঞানীসকলে অনুসন্ধান কৰি দেখিছে যে বিশ্বত প্ৰায় ২০,০০০ বিধ মৌ-মাখিৰ প্ৰজাতি আছে। অৱশ্যে ইয়াৰ ভিতৰৰৰ মাত্ৰ তিনিটা গণেহে (এপিছ, বম্বাচ আৰু মেলিপনা ) মৌ-ৰস সংগ্ৰহ আৰু সঞ্চয় কৰিব পাৰে। আনহাতে এপিছ গণৰ অন্তৰ্ভুক্ত চাৰিটা প্ৰজাতি - পশ্চিমীয়া মৌ-মাখি (Apis mellifera), ভাৰতীয় মৌ-মাখি (Apis cerana), বৰমৌ (Apis dorsata) আৰু পুন-পুনি মৌ-মাখি (Apis florea)- য়েহে মৌ-ৰস উৎপাদনত অভ্যস্ত। বিভিন্ন অধ্যয়নৰ পৰা এইটোও দেখা গৈছে যে ভাৰতীয় সঁচ আৰু পশ্চিমীয়া সঁচৰ মৌ-মাখি পালন কৰি মৌপালকসকল লাভান্বিত হ’ব পাৰে৷
বৰমৌ (Apis dorsata)
এইবিধ মৌ-মাখিৰ আকাৰ অন্যবোৰতকৈ তুলনামূলকভাৱে ডাঙৰ। সচৰাচৰ শিলৰ ফাঁক, ডাঙৰ গছৰ ডালত, অট্টালিকাৰ দেৱালত উন্মুক্তভাৱে প্ৰায় ডেৰ মিটাৰ দীঘল আৰু আধা মিটাৰ বহল বাহ সাঁজে৷ এবছৰত মৌচাকৰ মাজত অৱস্থিত মৌ-ৰস বিশিষ্ট ৰহঘৰাৰ পৰা ৫০ কি:গ্রাম পৰ্যন্ত মৌ-ৰস আহৰণ কৰিব পাৰি। অৱশ্যে বন্যপ্ৰবৃত্তিৰ বাবে এইবিধ মৌ-মাখিক পোহ মনাব পৰা নাযায়।
পুন-পুনি মৌ-মাখি (Apis florea)
এইবিধ মৌ-মাখিৰ আকৃতি আনকেইবিধতকৈ তুলনামূলকভাৱে সৰু। জলাশয়ৰ কাষৰ ঝাউবন, বাঁহৰ পাত, সৰু জোপোহা আদিত মুক্ত বিচৰণ কৰা এই প্ৰজাতিয়ে ৯-১২ ইঞ্চি দীঘল আৰু ৫-৬ ইঞ্চি বহল চাক সাঁজে। পুন-পুনি মৌ-মাখিয়ে তেনেই নামমাত্ৰ মৌ সঞ্চয় কৰে৷ ইয়াক পোহ মনোৱা জটিল।
ভাৰতীয় মৌ-মাখি(Apis cerana)
মজলীয়া আকৃতিৰ এই প্ৰজাতিটোৱে গছৰ ফেৰেঙনি, মাটিৰ গাঁত, দেৱালয়ৰ ফাঁক, মাটিৰ কলহ আদিত সমান্তৰালকৈ প্ৰায় ১২-১৪ ইঞ্চি দীঘল আৰু ৮-১০ ইঞ্চি বহল একাধিক চাক সাজে। এনে একোটা চাকৰ পৰা ৩-৪ কি:গ্ৰাম মৌ-ৰস সংগ্রহ কৰিব পৰা যায়।
পশ্চিমীয়া মৌ-মাখি (Apis mellifera)
ভাৰতীয় প্ৰজাতিৰ মৌ-মাখিতকৈ এইবিধ প্ৰজাতিৰ আকাৰ দুগুণ হোৱাৰ লগতে মৌচাকৰ আয়তনো প্ৰায় দুগুণ। ষাঠিৰ দশকত এইবিধ মৌ-মাখিক ভাৰতলৈ আমদানি কৰি অনা হয়। এবাৰত ৬ৰ পৰা ১০ কি:গ্রাম মৌ-ৰস পশ্চিমীয়া মৌমাখিৰ এটা বাহৰ পৰা চপাব পাৰি।
কৰ্মী মৌ-মাখিয়ে খাদ্যৰ অনুসন্ধান কৰি সুমিষ্ট পুষ্পনিৰ্যাস তথা ৰেণুৰ সম্ভেদ পাই বাহলৈ উলটি আহি খাদ্য সংগ্ৰহকাৰী মৌ-মাখিৰ আগত এক বিশেষ ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্য দুই ধৰণৰ,- ঘূৰণীয়া নৃত্য (প্ৰায় ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে) আৰু খঞ্জন বা ৱেগল নৃত্য (অধিক দুৰত্বত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে)। এইখিনিতে উল্লেখযোগ্য যে মৌ-মাখিৰ এনে খঞ্জন নৃত্যৰ বিষয়ে কৰা বিশদ অধ্যয়নৰ বাবে জীৱৰ আচৰণ অধ্যয়নকাৰী (Ethnologist) কাৰ্ল ভঁ ফ্ৰিছ (Karl Von Frisch)-ক ১৯৭৩ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল।
কৰ্মী মৌ-মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা পুষ্পনিৰ্যাস পাচক ৰসেৰে পাচন ঘটাই মৌ-জোলোঙাত জমা কৰে, পাছত মৌচাকৰ নিৰ্দিষ্ট কুঠৰীত বতিয়াই মৌজোল ৰূপে সঞ্চয় কৰে। মৌ-মাখিয়ে মৌচাক তৈয়াৰ কৰিবৰ বাবে উদৰত অৱস্থিত মম গ্ৰন্থীৰ পৰা মম নিৰ্গত কৰে। কৰ্মী মৌ-মাখিৰ মুখ মণ্ডলত অৱস্থিত মেণ্ডিবুলাৰ গ্ৰন্থীৰ পৰা নিৰ্গত ৰয়েল জেলিক ৰাণী আৰু কমবয়সীয়া পলুৱে খাদ্যৰূপে গ্ৰহণ কৰে। কৰ্মী মৌ-মাখিৰ উদৰৰ শেষ প্ৰান্তত ডিম্ব প্ৰসৱ কৰা অংগটো বিকশিত হৈ এডাল হুললৈ পৰিৱৰ্তিত হয় আৰু ইয়াৰ লগত বিষগ্ৰন্থী সংযুক্ত। শত্ৰুৰ উমান পালে, শত্ৰুৰ দেহত হুলডাল সুমুৱাই দি বিষ গ্ৰন্থীৰ পৰা উদ্গত বিষ ঢালি দিয়ে। হুলডাল খাদ্যনলীৰ লগত লাগি থাকে আৰু এবাৰ ব্যৱহাৰৰ পাছত মৌজনীৰ মৃত্যু হয়৷ মৌ-মাখিয়ে সম্ভাৱ্য বিপদৰ সম্ভেদ পালে, আন মৌ-মাখিক এবিধ বিশেষ গোন্ধেৰে সর্তক কৰি দিয়ে।
মৌপালনৰ বাবে কিছুমান সামগ্ৰীৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত,- মৌ-বাকচ, মৌ-গুটি(সঁচ), লোৰ ষ্টেণ্ড, ধোৱা ভাটি, ওৰণি টুপি, জালমোনা, হাতমোজা, ছুৰি কটাৰী, মৌ নিষ্কাষক যন্ত্ৰ আৰু মৌ সংগ্ৰাহক পাত্ৰ আদিয়েই প্ৰধান৷ মৌ পালনৰ পূৰ্বে উপযুক্ত অভিজ্ঞ ব্যক্তিৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰয়োজন৷ ইয়াৰ লগতে, বাৰ মাহে যাতে সৰস ফুল মৌ-মাখিৰ বাবে উপলব্ধ হয়, তাৰ বাবে সুপৰিকল্পিত ব্যৱস্থাৰ আৱশ্যক।
পঞ্চামৃতৰ শ্ৰেষ্ঠ অনুপান মৌ বা মধু বিভিন্ন ঔষধীয় গুণেৰে সমৃদ্ধ ৷ নৱজাত শিশুৰ পৰা আৰম্ভ কৰি মুমূৰ্ষু বৃদ্ধলৈকে সকলোৱে মৌ পান কৰিব পাৰে৷ মৌচাকত এনে সুমিষ্ট মৌৰ ওপৰিও আন কিছুমান দৰকাৰী বস্তুও উৎপাদিত হয়।
ৰয়েল জেলি
কৰ্মী মৌ-মাখিৰ মুখ মণ্ডলত স্থিত মেণ্ডিবুলাৰ গ্ৰন্থীৰ পৰা ক্ষৰিত ৰয়েল জেলিক ৰাণী আৰু কম বয়সীয়া পলুৱে খাদ্যৰূপে গ্ৰহণ কৰে৷ ৰয়েলেক্টিন নামৰ এবিধ প্ৰটিন ৰয়েল জেলিত পোৱা যায়৷ ঔষধী গুণেৰে সমৃদ্ধ ৰয়েল জেলিত ভিটামিন- বি সমূহ যেনে,- পেন্টথেনিক এচিড ( ভিটামিন বি - পাঁচ) আৰু পাইৰিডক্সিন (ভিটামিন বি - ছয়) পোৱা যায়৷ মুঠতে ৰয়েল জেলিত ৬৭ শতাংশ পানী, ১২.৫ শতাংশ প্ৰটিনৰ লগতে বহু এমিন’ এচিড আৰু ১১ শতাংশ এক শৰ্কৰা আৰু ৫ শতাংশ ফেটি এচিড থাকে৷ ইয়াৰোপৰি, খনিজদ্ৰব্য, কিছুমান উৎসেচক, এন্টিবেক্টেৰিয়েল আৰু এন্টিবায়টিক পদাৰ্থ ইয়াৰ লগত থাকে। ছালৰ সুৰক্ষাৰ বাবে আৰু প্ৰাকৃতিক সৌন্দৰ্যবৰ্ধকৰূপে ৰয়েল জেলি ব্যৱহাৰ হয়৷ তাৰোপৰি, ৰয়েল জেলি বয়স প্রতিৰোধী গুণেৰে সমৃদ্ধ।
মৌ-মম
এইবিধ প্ৰাকৃতিক মম কৰ্মী মৌ-মাখিৰ উদৰাংশত অৱস্থিত ৮ টা মম উৎপাদনকাৰী গ্ৰন্থীৰ পৰা নিৰ্গত হয়। ক্ষৰণৰ প্ৰথমাৱস্থাত এই মম স্বচ্ছ হয়, পাছত কৰ্মী মৌ-মাখিৰ চৰ্বনৰ ফলত অস্বচ্ছ বগা বৰণৰ হৈ পৰে৷ মৌচাকৰ মম লাহে লাহে হালধীয়াৰ পৰা মুগা হৈ পৰে। বিশুদ্ধ তথা পৰিশোধিত মমক খাদ্য, প্ৰসাধন সামগ্ৰী আৰু ঔষধী প্ৰস্তুত কৰণত ব্যৱহাৰকৰা হয়। মৌ-মমক পলিছ, লিপষ্টিক, বাৰ্নিচ, চিয়াঁহী, মালিচৰ বাবে ব্যৱহৃত তেল, পানী সৰকি নোযোৱা বস্ত্ৰ, বৈজ্ঞানিক যন্ত্ৰপাতিত তাপৰোধক ৰূপে আৰু শল্য চিকিৎসাত অস্থিমম হিচাপে ব্যৱহাৰ হয়৷
প্ৰপলিছ
আঠা জাতীয় এইবিধ পদার্থ কৰ্মীমৌৱে পুষ্প নিৰ্যাস আহৰণ কৰাৰ সময়ত সংগ্ৰহ কৰে আৰু ইয়াক মৌচাকৰ মাজত জোৰা লগাবৰ বাবে ব্যৱহাৰ কৰে। কম উষ্ণতাত ই কঠিন আৰু ভংগুৰ হয়। ইয়াৰ লগতে, মৌবাহৰ ভিতৰত মৃত্যু ঘটা অন্য প্ৰাণীক মামীকৰণ কৰি দুৰ্গন্ধৰ পৰা মৌচাকৰ অন্য মৌমাখিক সকাহ দিয়ে। মানুহৰ ক্ষেত্ৰত,- প্ৰদাহ, ভাইৰাছ ৰোগ, আলছাৰ আৰু জ্বলন আদিক প্ৰপলিছে সহায় কৰে।
মৌ-পৰাগ
কৰ্মী মৌমাখিয়ে পুষ্প নিৰ্যাস আহৰণ কৰাৰ সময়ত পৰাগৰেণুও সংগ্ৰহ কৰে। এই পৰাগক মধু নিৰ্যাস আৰু কিছুমান উৎসেচকৰে মিহলাই মৌচাকত সঞ্চয় কৰে। কালক্ৰমত সাধাৰণ পৰাগৰেণুতকৈ অধিক পুষ্টিকৰ মৌ-পৰাগৰ সৃষ্টি হয়। ফুলৰ পৰাগৰেণুৰ ওপৰত ভিত্তি কৰি মৌ-পৰাগৰ অনুপান কিছু কম বেছি হ’ব পাৰে৷ মৌ-পৰাগত প্ৰায় ১৮৮ ধৰণৰ উপকাৰী ভেঁকুৰ আৰু ২৯ ধৰণৰ উপকাৰী বেক্টেৰিয়াৰ উপস্থিতি প্ৰমানিত হৈছে। ঔষধীগুণ সম্পন্ন মৌ-পৰাগে সংবেদনশীললোকৰ এলার্জীৰ কাৰক হব পাৰে।
মৌ-জোলত পানীৰ পৰিমান খুব তাকৰ হোৱাৰ বাবে অপকাৰী বিজাণু সাধাৰণতে নগজে যদিও ক্লষ্ট্ৰিডিয়াম বটুলিনাম (Clostridium botulinum ) নামৰ বিষাক্ত বেক্টেৰীয়াৰ ৰেণু থাকিব পাৰে যি নবজাত শিশুৰ খাদ্যনলীক ক্ষতি কৰে।৷ মধুক মানৱ খাদ্যৰ ৰূপত ব্যৱহাৰৰ দীঘল ইতিহাস পোৱা যায়। ইয়াৰ সুগন্ধ, নিৰ্যাস সংগ্ৰাহিত পুষ্পৰ সুবাসৰ ওপৰত নিৰ্ভৰ কৰে৷ বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে মধু ব্যৱহাৰ হয়৷
মৌ-মাখিয়ে স্থিৰ বৈদ্যুতিক আধান (electrostatic charge) কঢ়িয়াই যিয়ে ফুলৰ পৰা ৰেণু সংগ্ৰহৰ লগতে অন্য কিছুমান কণিকা টানি লয় আৰু পাছত মধুৰ সৈতে মিহলায়। পৰীক্ষাগাৰত melissopalynology পদ্ধতিৰে মধুক বিশ্লেষণ কৰি এনে কণিকাৰ উপস্থিতি ঠাৱৰ কৰি সেই অঞ্চলৰ পৰিবেশ প্ৰদূষণৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি।
লেখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি, বিজ্ঞানী, কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
খাদ্য সামগ্ৰীৰ ভেজালকৰণ
গাউট ৰোগ
কৃত্ৰিম মৌল
‘ছিটা সলনি কৰি পলিও নিৰ্মূল কৰিব পৰা হব’- বিজ্ঞানী