অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কন্যা শিশুৰ কল্যান

কন্যা শিশুৰ কল্যান

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে কন্যা শিশুৰ কল্যান আৰু উন্নয়নৰ বাবে বহুতো আঁচনি হাতত লৈছে। ২০০৮-০৯ বৰ্ষত দেশৰ ৭ খন ৰাজ্যৰ ১১ টা উন্নয়ন খণ্ডত “ধনলক্ষ্মী” নামৰ এখন আঁচনিৰ অগ্ৰণী প্ৰকল্প হিচাপে ৰূপায়ণ কৰা হয়। এই আঁচনিৰ অধীনত কন্যা শিশুৰ বাবে চৰ্তসাপেক্ষে নগদ ধন হস্তান্তৰৰ ব্যৱস্থা আছে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যমন্ত্ৰী শ্ৰীমতী কৃষ্ণা টিৰথে এই কথা প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জন্ম পঞ্জীয়ন, প্ৰতিষেধন, নামভৰ্তি আৰু অষ্টম মান শ্ৰেণীলৈকে পঢুৱাবলৈ এই আঁচনিৰ অধীনত কন্যা শিশুৰ পৰিয়াললৈ নগদ ধন হস্তান্তৰ কৰাৰ উপৰিও যদি ছোৱালীজনী ১৮ বছৰ বয়সলৈ বিয়া নহয় তাৰ বাবে বীমাৰ ব্যৱস্থাও আছে। ২০০৮-০৯ কালছোৱাত মুঠ ৭৯,৫৫৫ গৰাকী কন্যা শিশু এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰা হৈছে।
বয়সন্ধি (১১-১৮ বছৰীয়া) ছোৱালীৰ বাবে ৬,১১৮ টা সংহত শিশু উন্নয়ন আঁচনিৰ মাজেৰে কিশোৰী শক্তি যোজনা নামৰ আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত সংহত শিশু উন্নয়ন আঁচনিৰ পৰিকাঠামো ব্যৱহাৰ কৰি এই কিশোৰীসকলৰ আত্মবিকাশ, পৰিপুষ্টি আৰু স্বাস্থ্যৰ স্থিতি, সাক্ষৰতা আৰু সংখ্যা জ্ঞান, কাৰিকৰী দক্ষতা, আদি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
কিশোৰীৰ বাবে পৰিপুষ্টিৰ কাৰ্য্যসূচীৰ অগ্ৰণী আঁচনি দেশৰ ৫১ খন জিলাত ৰূপায়ণ কৰা হৈছে। ১১-১৯ বছৰৰ ভিতৰৰ অপুষ্টিত ভোগা প্ৰতিগৰাকী ছোৱালীৰ বাবে প্ৰতিমাহে ৬ কেজিকৈ খাদ্য শস্যৰ ব্যৱস্থা কৰা হৈছে।
ধনলক্ষ্মী আঁচনিৰ বাবে ২০০৯-২০১০ বৰ্ষত মুঠ ১০ কোটি টকা ধাৰ্য্য কৰা হৈছে। কিশোৰী শক্তি যোজনাত ৰাজ্যসমূহৰ বাবে ২০০৯-২০১০ বৰ্ষত ৭১.৩০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই ধন প্ৰতিটো প্ৰকল্পত প্ৰতিবছৰত ১.১ লাখকৈ ৰাজ্য চৰকাৰলৈ মোকলাই দিয়া হব। ২০০৯-২০১০ বৰ্ষত কিশোৰীৰ বাবে পৰিপুষ্টি কাৰ্য্যসূচীৰ বাবে ১৬২.২২ কোটি টকা ধাৰ্য্য কৰা হৈছে। সাম্ভাব্য হিতাধিকাৰীৰ সংখ্যাৰ ভিত্তিত ৰাজ্যৰ বাবে ধনৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ'ব।

উৎস: মহিলা আৰু শিশু কল্যান মন্ত্ৰালয়

শেহতীয়া উন্নীতকৰণ: : 7/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate