অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন কমোৱাৰ কেইটিমান সহজ উপায়

ওজন কমোৱাৰ কেইটিমান সহজ উপায়

দেহৰ অতিৰিক্ত ওজন কিদৰে কমাব এই লৈ বহুতৰে দুশ্চিন্তাৰ অন্ত নাই।দেহৰ ওজন কমাবলৈ বিভিন্ন উপায় অৱলম্বন কৰে। কিন্ত কোনো কাৰনতে ওজন কমাই আনিব নোবাৰে বা কেনেবাকৈ ওজন কমিলেও আকৌ ওজন বাঢ়ি যায়।তলত ওজন কমাই ৰখাৰ কেইটিমান সহজ উপায়ৰ বিষয়ে উল্লেখ কৰা হ’ল:

খোজকাঢ়া

ওজন কমোৱাৰ আটাইতকৈ সহজ উপায় হৈছে নিয়মিত খোজকাঢ়া। খোজকাঢ়িলে ভৰি দুখনৰ শক্তি বৃদ্ধি পোবাৰ লগতে সামগ্ৰীকভাবে স্বাস্থ্যৰ উন্নতি ঘটে।বতৰৰ বাবে বাহিৰত খোজকাঢ়িবলৈ যাব নোৱাৰিলে ঘৰৰ চৌহদত খোজ কাঢ়িলেও এনে উপকাৰ পোবা যায়। আনকি খটখটি বগাই উঠা-নমা কৰিলেও উপকাৰ পোৱা যায়। সপ্তাহত চাৰি দিন ৪০ মিনিটকৈ খোজ কাঢ়িব। ইয়াৰ পিছত আপোনাৰ ওজন হ্ৰাস পাইছেনে নাই,পৰীক্ষা কৰাব।যদি আপোনাৰ ওজন ৭০ কেজি হৈছেগৈ তেনেহলে দিনে ৪০ মিনিটকৈ খোজ কাঢ়ক।এনেদৰে খোজ কাঢ়িলে দৈনিক ১৬২ কেলৰিকৈ বাৰ্ণ হোবাৰ সম্ভাৱনা থাকে আৰু শৰীৰৰ ওজন অতিৰিক্ত্ভাবে বৃদ্ধি হব নোবাৰে।

সাতোৰা

গৰমৰ দিনত সাঁতুৰিলে বহু পৰিমানে সতেজ হয়।নিয়মিত সাতুৰিলে কেলৰি প্ৰ্চুৰ পৰিমানে বাৰ্ন হয়।ইয়াৰ উপৰিও পেশী শক্তিশালী হয়,দেহটো মজবুত হয়।সপ্তাহত তিনিদিন ২০-২৫ মিনিটকৈ সাতুৰিবঁ।বিভিন্ন কৌশলৰে সাতুৰিলে ৭০ কিলোগ্ৰাম থকা লোক এজনে ৪৫০ কেলৰি বাৰ্ন কৰিব পাৰে।

ৱাটাৰ এৰোৱিক

ৱাটাৰ এক্সাচাইজ বুলিলে অকল সাতোৰাকেঁ নুবুজায়।ছুইমিং পুলত নামি সাতোৰাৰঁ অভ্যাস কৰিলেই দেহটোৰ দহভাগৰ এভাগ ওজন কমি যায়।এই অভ্যাসে দেহৰ তলছোৱা মজবুত কৰি তোলাৰ লগতে দেহটো শক্তিশালী কৰি তোলে।আনকি সাতুৰিঁব নজনাকৈ ছুইমিং পুলত জপিয়াঁ-জপি কৰি থাকিলেও এৰোবিক ব্যায়াম কৰা হয়।৭০ কেজি ওজনৰ এজন লোকে এইদৰে ৱাটাৰ  এৰোবিক ব্যায়ম কৰি প্ৰায় ১৪৫ কেলৰি বাৰ্ন কৰিব পাৰে।সাতোৰাঁৰ সলনি পানীত শৰীৰৰ অংগবোৰ সঞ্চালন কৰিলেও শৰীৰৰ অতিৰিক্ত শক্তি ব্যয় হয় আৰু ওজন কমে।এনেধৰনে পানীত কৰিব পৰা ব্যায়মক পাৱাৰ জাম্প বুলিও কব পাৰি।

  • পাৱাৰ জাম্প সদায় কম পানীত আৰম্ভনি কৰিব।
  • ছয়ৰ পৰা আঠ মিনিট সময় ভৰি দুখন পানীত মাৰি থাকিব।এইদৰে থাকিলে দেহটো পানীৰ ওপৰলৈ উঠি আহিব।
  • সামান্যভাবে হাত-ভৰি মেলি কলাফুল –তপিনা অংশ শিথিল কৰি দিব।এইদৰে দুবাৰ মান অভ্যাস কৰিব।ইয়াৰ পিছত যিমান সময় থাকিব পাৰে,থাকিব।
  • প্ৰথমে টাক জাম্প অভ্যাস কৰিব।পোন হৈ থিয় দিব।আঠু আৰু ভৰিৰ গাঠিঁ একেলগে ৰাখি আঠু দুটা বুকুৰ কাষলৈ আনিব।পুনৰ থিয় দিব।এইদৰে থিয় হোবাৰ সময়ত হাতদুখনৰ দেহৰ চাৰিওফালে বৃত্তকাৰ ঘূৰাব।কিলাকুটি ভাঁজ কৰি ৰখাৰ বিপৰীতে ভৰি দুখন পোনকৈ ৰাখিব।
  • ইয়াৰ পিছত ফ্ৰ্গ জাম্প অভ্যাস কৰিব।ভৰিৰ আঙুলি আঠু,উৰু সামান্য বাহিৰলৈ উলিয়াই ৰাখিব।হাতৰ মুঠি দুটা বুকুৰ কাষত ৰাখি হাতদুখন ডাইমণ্ড আকাৰত ভাজঁ লগাব।ভৰি দাঙি দিয়াৰ লগে লগে বাহু দুটা তপিনাৰ কাষলৈ লৈ যাব।লক্ষ্য ৰাখিব যে আঠুঁ দুটা যাতে বিপৰীতে দিশত সন্মুখলৈ থাকে।আৰু ভেকুলিৰ দৰে অংগ-প্ৰত্যংগ কোচ খুৱাই জপিয়াবঁ।ইয়াৰ পিছত পুনৰ আগৰ অৱস্থালৈ আহিব।

ছিজৰ্ছজাম্প

পোন হৈ থিয় দিব।পানীত জপিয়াবলৈ লোবাৰ সময়ত এখন ভৰি পোনকৈ সন্মুখলৈ আগবঢ়াই দিব আৰু আনখন ভৰি পিছপিনে ৰাখিব।এইদৰে ভৰিদুখন কিছুসময় আগ-পিছ কৰি থাকিব।ভৰিৰ অৱস্থানৰ বিপৰীতে হাত দুখনো অগা-পিছা কৰিব।এনে অৱস্থাত পানীত ভিতৰতো তেনেদৰে ভৰি-হাত লৰাই থাকিব।

  • দুই-তিনি মিনিট সময় ভৰি দুখন পানীত খৰকৈ অগা-পিছা কৰি থাকিব।
  • মন্ত ৰাখিব যে ওজন কমাবলৈ কৰা যিকোনো ব্যায়াম  এৰাধৰাকৈ কৰিলে একো ফল নাপাব।এই ব্যায়ম সদায় নিয়মীয়াকৈ কৰি থাকিব লাগিব।

নৃত্য

নৃত্য কৰিলে ওজন কমাৰ লগতে মনলৈ আনন্দৰ ভাব আহে।আপোনাৰ ভাললগা আৰু কেলৰি বাৰ্ন হোবা যিকোনো নৃত্য এটি বাছি লব পাৰে।ছালচা,বলডেন্স,ভাজঁ আদি নৃত্য ধীৰ গতিৰ যদিও কেলৰি বাৰ্ন কৰাত সহায় কৰে।ধীৰ গতিৰে নৃত্য কৰিলে এশ কেলৰি বাৰ্ন হোবাৰ বিপৰীতে দ্ৰুত লয়ৰ নৃত্য কৰিলে ১৯০ কেলৰি বাৰ্ণ হয়।

স্কোৱাট

গোৰোহাৰ ওপৰত বহা ব্যায়াম কৰিলে ভৰি আৰু তপিনাৰ পেশী শক্তিশালী হয়।এই ব্যায়ামে যোগাসানৰ অধীনৰ বজ্ৰাসনৰ লেখীয়া।এই ব্যায়ামে কৰোতে ভৰিৰ আঙুলি,আঠু,তপিনা আদি পোন কৰি  ৰাখিব।দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে এই ব্যায়াম অভ্যাস কৰিব।৭০ কেজি থকা এজন লোকে এই ব্যায়াম দিনে ত্ৰিছ মিনিটকৈ কৰিলে ১২৫ কেলৰি বাৰ্ন কৰিব পাৰে।

প্ৰাঞ্জনা পাটোবাৰী

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate