অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত চুলিৰ যত্ন

চুলি সৰাৰ কাৰণ

  • গৰমত চুলিৰ গুৰি ঘামি থাকে। বিশেষকৈ তেলেতীয়া ছালত উফি, ঘাম আদি একে লগ হৈ চুলিৰ কোষসমূহ বন্ধ হৈ যায় আৰু চুলি সৰিবলৈ লয়।
  • আমি বিভিন্ন ধৰণৰ চুলিৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰো। তাৰ ফলতো চুলিৰ কোষসমূহ বন্ধ হৈ চুলি সৰিবলৈ লয়।
  • খুব টানকৈ বান্ধি থ’লেও চুলি সৰিবলৈ লয়। শৰীৰৰ সমস্যাৰ বাবেও আমি ঔষধ খাবলগীয়া হয়। যাৰ ফলত আমাৰ চুলি দীঘল হোৱাত বাধা দিয়ে। থাইৰয়ড, এলপেচিয়া আদিৰ বাবে অতিপাত চুলি সৰে।
  • মদ, চিগাৰেট, ৰ’দৰ তাপ আদিৰ বাবেও আমাৰ চুলি সৰিবলৈ লয়।
  • হৰম’নৰ তাৰতম্যৰ বাবে আমাৰ মাহেকীয়াৰ বিভিন্ন সমস্যাই দেখা দিয়ে। যাৰ ফলত চুলি অতিপাত সৰিবলৈ লয়।
  • আইৰন, টং আদি কৰিলেও আমাৰ চুলি খুবকৈ সৰিবলৈ লয়। ইয়াৰ ব্যৱহাৰৰ ফলত চুলি ফাটিবলৈ লয় আৰু ক্ৰমান্বয়ে ছিঙিবলৈ লয়।
  • ভিটামিন ‘বি’ৰ অভাৱতো চুলি সৰিবলৈ লয়। সেইবাবে মাছ, ফলমূল, সেউজীয়া শাক-পাচলি, বাদাম আদি নিয়মীয়াকৈ খাব লাগে।
  • এমিনো এচিড আমাৰ চুলিৰ বাবে অতি প্ৰয়োজন। পুষ্টিগুণবিহীন খাদ্যত এমিনো এচিড নামমাত্ৰ থাকে। যাৰ ফলত আমাৰ চুলি সৰিবলৈ লয়।
  • বয়সৰ মাত্ৰা বঢ়াৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ভিটামিনৰ অভাৱ ঘটে। ইয়াৰ ফলত চুলি সৰিবলৈ লয়।
  • বংশগতভাৱেও আমাৰ চুলি সৰে।
  • মানসিক আৰু শাৰীৰিক হেঁচাৰ বাবেও চুলি সৰে।
  • উফিৰ বাবেও চুলি যথেষ্ট পৰিমাণে সৰে।
  • চুলিৰ গুৰি পৰিষ্কাৰকৈ নৰখাৰ বাবেও চুলি সৰে।

প্ৰতিকাৰ

  • ৰ’জমেৰী অইল আৰু চেইজ সমানে মিহলাই সিজাব। পাছত ঠাণ্ডা কৰি চুলিৰ গুৰিত কপাহৰ সহায়ত লগাব লাগে। ই চুলিত পুষ্টি যোগায়।
  • আইৰনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। চুলি গজাৰ বাবে আইৰনে যথেষ্ট সহায় কৰে। এই ক্ষেত্ৰত শুকান ফল-মূল, কাজু, শাক-পাচলি, জামু আদি অতি উত্তম।
  • পুষ্টিকৰ খাদ্যৰ ভিতৰত ভিটামিন ‘চি’, জিংক, চিলিকা, আইৰন, প্ৰ’টিন, ভিটামিন ‘বি’ জাতীয় খাদ্য খাব লাগে।
  • সেউজীয়া শাক-পাচলি, পাচলিৰ চালাডত নাৰিকল ৰুকি খাব পাৰি।
  • গজালি ওলোৱা বুট-মগু, বাদাম, গাখীৰ, মাখন, ইষ্টজাতীয় খাদ্য, চয়াবিন ইত্যাদি খালে চুলিৰ বাবে ভাল।
  • চাহ, কফি, মাদক দ্ৰব্য, মাংস, ভজা-পোৰা, তেলেতীয়া খাদ্য, জাংকফুড জাতীয় খাদ্যৰ পৰা বিৰত থাকিব।
  • এচামুচ মৌৰ লগত আধা চামুচ আদাৰ ৰস মিহলাই পুৱাই খালে চুলি পকা ৰোধ কৰে। খং, হেঁচা, হতাশা দূৰ কৰাৰ বাবে মেডিটেচন কৰি মনক শান্ত কৰি ৰাখিব।

লেখিকা: ভানু শৰ্মা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate