অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভায়েগ্ৰাৰ পৰা বিপদ

ভায়েগ্ৰাৰ পৰা বিপদ

ভয়েগ্ৰাৰ নাম নুশুনা শিক্ষিত মানুহ এতিয়া নিশ্চয় তেনেই কমহে ওলাব। নক’লেও হ’ব যে ভায়েগ্ৰা হ’ল এবিধ এল’পেথিক ঔষধৰ ব্যৱসায়িক নাম। ইয়াৰ ৰাসায়নিক নাম হ’ল ছিলডেনাফিল চাইট্ৰেট। অপৰিণত বয়সত পুৰুষাংগৰ শিথিলতা প্ৰতিৰোধ আৰু বাৰ্ধক্য অৱস্থাতো পুৰুষাংগৰ পৰ্যাপ্ত দৃঢ়তা বজাই ৰাখিবলৈ এই ভায়েগ্ৰা হ’ল অসাধাৰণ কাৰ্যকৰী ঔষধ। অক্ষম পুৰুষৰ অত্যুগ্ৰ যৌন স্ংসৰ্গ চৰিতাৰ্থ কৰিবলৈ ভায়েগ্ৰাৰ অৱদান অনস্বীকাৰ্য। ভোগসৰ্ব্বস্ব চিন্তাধাৰাৰে পৰিপুষ্ট পৃথিৱীৰ বিত্তশীল দেশকেইখনৰ মধ্যবিত্তসকলৰ মাজত সেয়েহে ভায়েগ্ৰা দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে। আমেৰিকাতে এই ঔষধৰ  বিক্ৰী ইমান বৃদ্ধি পাইছে যে ই বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ পথত।

ভায়েগ্ৰাই কাম কৰে কেনেকৈ?

ৰতিক্ৰিয়াৰ সম্পূৰ্ণ সক্ষমতাৰ বাবে উত্তেজনাৰ লগতে পুৰুষাংগৰ স্ফীতাৱস্থা বাহাল থকাটো অতীব প্ৰয়োজন। যৌন উত্তেজনাৰ সময়ত যৌনাংগৰ দীৰ্ঘকালীন স্ফীতাৱস্থাৰ বাবে নাইট্ৰিক অক্সাইডৰ প্ৰয়োজন। আমাৰ শৰীৰত উৎপন্ন হোৱা ‘ফছফ’ডাই এছটাৰেজ’ নামৰ এবিধ এনজাইমে নাইট্ৰিক অক্সাইড উৎপত্তিত বাধা আৰোপ কৰি যৌনাংগ শিথিল কৰি পেলায়। ভয়েগ্ৰাত থকা ছিলডেনাফিল চাইট্ৰেট নামৰ ৰাসায়নিক পদাৰ্থই ফছফ’ডাই এছটাৰেজ নামৰ এনজাইমবিধৰ উৎপাদনত বাধা দিয়ে, যাৰ ফলত লিংগৰ স্ফীতাৱস্থাৰ বাবে যথোপযুক্ত পৰিমাণে নাইট্ৰিক অক্সাইডৰ যোগান পোৱা যায়—অৰ্থাৎ লিংগৰ শীঘ্ৰ শিথিলতাৰ বাবে ফছফ’ফডাই এছটাৰেজ নামৰ এনজাইমেই দায়ী আৰু ভায়েগ্ৰাই তাক বিনাশ ঘটাই নাইট্ৰিক অক্সাইডৰ পৰ্যাপ্ত উপস্থিতি সুনিশ্চিত কৰে। অৱশ্যে এটা কথা স্পষ্ট কৰি দিয়া প্ৰয়োজন যে ভায়েগ্ৰাই কিন্তু কোনোভাৱেই বা কোনো কাৰণতে যৌনলিপ্সা বা আকাংক্ষা সৃষ্টিত উত্তেজক ঔষধ হিচাপে কাম নকৰে।

ঔষধ কেতিয়া সেৱন কৰিব লাগিব?

ভায়েগ্ৰাৰ পৰা যথাৰ্থ ফল পাবলৈ হ’লে ভায়েগ্ৰা কিমান পৰিমাণে কেতিয়া খাব সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। লিংগৰ দৃঢ়তা আনিবৰ বাবে ২৫ ৰ পৰা ১০০ মিলি গ্ৰাম ভায়েগ্ৰা ৰতিক্ৰিয়াৰ এঘণ্টা আগতে খাব লাগিব। যাৰ মেৰুদণ্ড বা স্পাইনেল কৰ্ডৰ অসুখৰ বাবে লিংগৰ শিথিলতা আহিছে তেওঁলোকে ৫০ মিলিগ্ৰাম ভায়েগ্ৰা সেৱন কৰিলেই হ’ব। ডায়েবেটিছজনিত ৰোগৰ বাবে যৌন অক্ষমতা অহা সকলৰ ক্ষেত্ৰতো এই ঔষধে ভাল কাম কৰে বুলি কোৱা হৈছে। অৱশ্যে ভায়েগ্ৰা সেৱনৰ পাৰ্শ্বক্ৰিয়া আছে। মূৰৰ বিষ, ৰক্তবাহী নলীৰ সম্প্ৰসাৰণ, মুখমণ্ডললৈ তেজৰ আকস্মিক সঞ্চালন বৃদ্ধি, হজমৰ গণ্ডোগোল, পেটৰ অসুখ আদিৰ লক্ষণ ভায়েগ্ৰা সেৱনকাৰীসকলৰ ক্ষেত্ৰত দেখা যায়।

ভায়েগ্ৰা মৃত্যুৰ কাৰণো হ’ব পাৰে

ভায়েগ্ৰা সেৱন কৰি আকস্মিক মৃত্যুক সাবটি লোৱা চাঞ্চল্যকৰ খবৰ দুই এটাকৈ বাতৰি কাকতত প্ৰকাশ পাবলৈ লৈছে: ভোগসৰ্বস্ব জীৱনৰ ভোগী পুৰুষ হ’বলৈ গৈ উচ্চ মধ্যবিত্তসকলৰ বহুতেই ভায়েগ্ৰা সেৱন কৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰিছে।

আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এড্‌মিনিষ্ট্ৰেশ্বনে ৰক্তচাপত ভোগা বৃদ্ধসকলৰ ক্ষেত্ৰত ভায়েগ্ৰা সেৱনত সতৰ্কবাণী শুনাইছে। এই অনুষ্ঠানটোৱে জনাইছে যে একেৰাহে ছমাহ ভায়েগ্ৰা সেৱন কৰিলে হৃদযন্ত্ৰৰ আসোঁৱাহসমূহ বৃদ্ধি পাই গৈ ৰোগীৰ তৎক্ষণাত মৃত্যু ঘটাব পাৰে। যিসকল হৃদৰোগীয়ে নিয়মীয়াকৈ বা মাজে সময়ে নাইট্ৰেট জাতীয় ঔষধ সেৱন কৰে, তেনে লোকৰ ক্ষেত্ৰত ভায়েগ্ৰা সেৱন নিষিদ্ধ আৰু বিপজ্জনক। নাইট্ৰেট জাতীয় ঔষধে ভায়েগ্ৰাৰ স্ংস্পৰ্শত আহি বিপৰীতধৰ্মী ক্ৰিয়া কৰি সেৱনকাৰীৰ মৃত্যু ঘটাব পাৰে। এনে ধৰণৰ দুই-এটা মৃত্যুৰ ঘটনা মাজে মাজে প্ৰচাৰ মাধ্যমত ওলাই থাকে, কিন্তু জনচক্ষুৰ আঁৰত ঘটা বহুবোৰ মৃত্যুৰ কথা জনসাধৰণে জানিবলৈ নাপায়। আনহাতে, ভায়েগ্ৰা সেৱন কৰাৰ্ ফলত ‘প্ৰিয়াপিজম’ নামৰ এটা অৱস্থাৰ কোনো কোনো সময়ত সৃষ্টি হয়। এই অৱস্থাত যৌনক্ৰিয়া সমাপ্ত হোৱাৰ পিছতো যৌন শিথিলতা নাহে। ৰতিক্ৰিয়া শেষ হোৱাৰ পিছত যৌনাংগ স্ফীত হৈ থকাটোও অস্বস্তিকৰ পৰিস্থিতি। ইয়াৰ লগত কষ্টকৰ বেদনাৰো সৃষ্টি হয়। বেছিকৈ ভায়েগ্ৰা সেৱন কৰাটো দৃষ্টিশক্তিৰ বাবেও অপকাৰী। পোহৰৰ প্ৰতি তীব্ৰ স্ংবেদনশীলতা, স্বাভাৱিক স্বচ্ছ দৃষ্টি সাময়িকভাৱে নীলা ৰঙলৈ সলনি হোৱা আদি উপসৰ্গৰ চকুৰ ক্ষেত্ৰত দেখা যায়। কোনো কোনো ক্ষেত্ৰত চকুৰ ৰেটিনাৰো ক্ষতি হ’ব পাৰে। ভায়েগ্ৰা সেৱনে ডায়েবেটিছ, ৰক্তচাপ আৰু মেৰুদণ্ডৰ অসুখৰ মাত্ৰা বৃদ্ধি কৰে। এটা অনুষ্ঠানৰ সমীক্ষা মতে ভায়েগ্ৰা ব্যৱহাৰৰ ফলত শতকৰা ২৪ জন উচ্চ ৰক্তচাপ, ১৬ জন ডায়েবেটিছ আৰু ছয়জন মেৰুদণ্ডৰ অসুখত ভোগে। এই কথাটো অৱশ্যে ক’ব পাৰি যে খন্তেকীয়া যৌনসুখ বা তৃপ্তিৰ বাবে নিজৰ স্বাভাৱিক স্বাস্থ্য বিপন্ন কৰি ব্যয়বহুল তেনে জাতীয় ঔষধ কৰাটো সুস্থ মানসিকতাৰ লক্ষণ নহয়। এনে বিষম পৰিস্থিতিৰ পৰা জনজীৱনক ৰক্ষা কৰিবলৈ সতৰ্কতামূলক প্ৰচাৰ আৰু লেখা-মেলাৰ প্ৰয়োজন আছে।

অৱশ্যে ভায়েগ্ৰাৰ আন ব্যৱহাৰো আছে

ভায়েগ্ৰাৰ সক্ৰিয় উপাদান ছিলডেনাফিল চাইট্ৰেট অৱশ্যে আন কেতবোৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। পালম’নেৰী আৰ্টেৰিয়েল হাইপাৰ টেনছন নামৰ শ্বাসতন্ত্ৰ আৰু হৃদযন্ত্ৰৰ কাৰ্যকলাপৰ লগত জড়িত অসুখ নিৰাময়ৰ বাবে এই ঔষধ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। ছিলডেনাফিল চাইট্ৰেট ক্ল’ম ধমনীৰ বেৰখন নমনীয় কৰি তোলে –যাৰ ফলত হৃদযন্ত্ৰৰ সোঁ-নিলয়ৰ ওপৰত পৰা চাপ কমি যায় আৰু ইয়াৰ ফলত হৃদযন্ত্ৰৰ সোঁ-দিশত হ’ব পৰা হাৰ্ট ফেইলাৰ আশংকা কমি আহে। এনে অসুখত ছিলডেনাফিল চাইট্ৰেটৰ পৰিমাণ দৈনিক ২০ মিলিগ্ৰামতকৈ অধিক হ’ব নালাগে। অৱশ্যে ব্ৰেণ্ড নামত এনে অসুখৰ বাবে ব্যৱহৃত টেবলেট ‘ভায়েগ্ৰা’ নামেৰে নামাকৰণ কৰা হোৱা নাই। ফাইজাৰ কোম্পানীয়ে ‘ৰিভেচিয়’ নামে এনে এটা ঔষধ উৎপাদন কৰিছে। উচ্চ উচ্চতালৈ গতি কৰিলে কিছু লোকৰ শ্বাসতন্ত্ৰৰ এডিমা নামৰ বিশেষ ৰোগে দেখা দিয়ে-য’ত ছিলডেনাফিল চাইট্ৰেটে সকাহ প্ৰদান কৰিব পাৰে। পৰ্বতাৰোহীসকলৰ বহুতে সাধাৰণতে এনে ধৰণৰ সমস্যাত ভোগে যাৰ বাবে ভায়েগ্ৰাৰ উপাদান ছিলডেনাফিল চাইট্ৰেট কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। ২০০৭ চনত পি ডি এগষ্টিন’, চাণ্টিয়েগো এ প্লেনো আৰু ডিয়েগো এ গ’ল’মবেক নামৰ আৰ্জেণ্টিনাৰ তিনিজন বিজ্ঞানীক ভায়েগ্ৰাৰ ব্যৱহাৰৰ বাবেই এভিয়েচন নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়। এই তিনিজন বিজ্ঞানীয়ে দীঘলীয়া প্লেন যাত্ৰাৰ অন্তত হোৱা ‘জেট লেগ’ নামৰ প্ৰচলিত উপসৰ্গত ভায়েগ্ৰাই ক্ষিপ্ৰ সকাহ দিয়ে বুলি এন্দুৰৰ ওপৰত গৱেষণা কৰি প্ৰমাণ কৰিছিল। ‘প্ৰচিডিংছ অৱ নেচেনল একাডেমী অৱ ছাইন্সেজ’ নমাৰ আন্ত:ৰাষ্ট্ৰীয় পত্ৰিকাখনত প্ৰকাশ কৰা এই গৱেষণা পত্ৰখনৰ বাবে বিজ্ঞানীয়ে নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হয়।

লেখক: ডা: প্ৰবীণ কুমাৰ নেওগ,

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate