অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য ৰক্ষাত আপোনাৰ চকুযুৰি

সৌন্দৰ্য ৰক্ষাত আপোনাৰ চকুযুৰি

সুন্দৰ সুঠাম এটি লাহি দেহ আৰু বৈ পৰা উজ্জল মোহনীয় এযুৰি চকুৱে কাক বাৰু আকৰ্ষন নকৰে।আনহাতে চকুযুৰিয়ে হৈছে ব্যক্তি মনৰ দাপোন স্বৰুপ।সেয়েহে চকুযুৰিৰ সুস্থতা ৰক্ষাৰ বাবে নিয়মিত কিছু পৰিচৰ্যা আৰু ব্যায়মৰ আৱশ্যক।ব্যায়মে চকুলৈ সতেজতা আনে।মাংসপেশীবোৰ সবল কৰি তুলি ৰক্ত সঞ্চালনৰ গতি বঢ়ায়।

প্ৰ্তিদিনে পুৱা শুই উঠি চকুহাল পৰিস্কাৰ ঠাণ্ডা পানীৰে ভালদৰে ধুই সেউজীয়া ঘাঁহনিত খালি ভৰিৰে খোজকঢ়াৰ অভ্যাস কৰক।চকুৰ সাধাৰন স্বাস্থ্য ৰক্ষাত ই বৰ লাভদায়ক।দিনটোৰ ভিতৰত আপুনি কিছু সময় উলিয়াই এই ধৰনে নিয়মিত কেইটামান ব্যায়ম কৰিবলৈ লওক:

  • চকীত বহী হাতৰ কিলাকূটি দুটা টেবুলত থৈ দুয়ো হাতৰ তলুবাৰে চকু দুটা ঢাকি কেইবাৰমান ঘনাই চকু পচাৰি পিছত সেই অৱস্থাতে চকুহাল মুদি জিৰনি লব।
  • চকুহাল ৰবলৈ নিদিয়াকৈ ঘুৰাই থকাটো ভাল ব্যায়ম।পাঁচবাৰমান ঘুৰাই চকুহালক জিৰনি দিব।
  • চকুহাল ভালদৰে মেলি সন্মুখলৈ যিমান দূৰ সম্ভব হয় চাওক।এক দুই ছেকেণ্ডমান চাই পুনৰ চকুহাল মুদি দিব।তাৰ পিছত চকুহাল পুনৰ মেলি এবাৰ সোঁফালে এবাৰ বাঁওফালে চাওক।তাৰপিছত কিছু সময় চকুহালক জিৰনি দিয়ক।
  • কেতিয়াবা ব্যস্ততাৰ হেতু-মনৰ অৱসাদ ইমানেই বাঢ়ে যে চকুহাল মেলিবৰ মন নাযায়।এনে অৱস্থাত চকুহালৰ অৱসাদ আতঁৰাবলৈ হলে কপাহৰঁ পেড বনাই বৰফৰ পানী বা গোলাপ জল মিহলাই পেডটো তিয়াই তাৰ ওপৰত দি আন্ধাৰ কোঠাত জিৰনি লব।তিয়ঁহ পাতলকৈ কাটি চকুৰ ওপৰত ৰাখি জিৰনি ললেও একে ফলেই পাব।

দিনটোত যিমান বাৰ পাৰে চকুত ঠাণ্ডা পানী মাৰিব আৰু নিশা কাম-কাজৰ অন্তত কুহুমীয়া গৰম পানী চকুত মাৰি পিছত চেঁচাপানী মাৰি চকুযুৰিক জিৰনি দিব।এহাল উজ্জল চকু সকলোৱে আশা কৰে যদিও চকুৰ উচিত যতন আৰু পৰিচৰ্যাৰ অভাৱত আমাৰ মাজৰ বহুতৰে চকুহাল দুৰ্বল,শেতাঁ পৰি যোবাৰঁ লগতে চকুৰ গুৰি কলা পৰি যায়।কেতিয়াবা শৰীৰৰ ওজন  হঠাতে কমি গলেও চকুৰ গুৰিত টোপোলা বান্ধে।খোৱাৰ প্ৰ্তি যত্ন লব লাগে।খাদ্যপ্ৰান ক চকুৰ কাৰনে পৰম উপকাৰী।গাজৰ,বিলাহী,অমিতা,আম,গাখীৰ,মাখন,কনী,মাছৰ তেল,আদি খাদ্য আপোনাৰ দৈনিক আহাৰৰ তালিকাত অন্তৰ্ভক্ত কৰি লব।খাদ্যৰ অভাৱত চকুৰ মনি বগা পৰা,নিশাৰ ভাগত দেখা নোপোৱা আদি উপসৰ্গই দেখা দিয়ে।সময়ত ব্যক্তি অন্ধ হৈও যাব পাৰে।

দিনটোত যিমান পাৰে পানী খোৱাৰ অভ্যাস কৰিব।চকুৰ গুৰিৰ কলা পৰা ভাব আতঁৰ হব।জ্ব্লা,ভজা,পোৰা,নিমখীয়া আৰু অধিক তেলযুক্ত খাদ্য খোৱাৰপৰা বিৰত থাকক।এনে খাদ্যসমূহৰ বাবেই পেটৰ বিভিন্ন ৰোগ হয়।অন্যহাতে চকু জ্বলা-পোৰা কমিব ধৰে।

অতিমাত্ৰা গৰম খাদ্য-বস্তবে চকুৰ স্বাস্থ্য হানি কৰে।চাহ-কফি কমাই খাব।তামোল ধপাত আদি নিচা জাতীয় বস্তবোৰ খোৱাতকৈ শিলিখা আমলখি আদি খাওঁক।অৰুচি দূৰ হোৱাৰ উপৰি ভোক বঢ়ায় আৰু ছালো সতেজ হয়।

তদুপৰি চকুৰ সুস্থতা ৰক্ষা কৰিবলৈ হলে কেইটামান বিশেষ কথা সদায় মনত ৰাখিব লাগে—

  • বাহিৰৰপৰা আহিয়েই গৰম শৰীৰৰ পানী নাঢালিব অথবা নাখাব।ছালখনৰ সতেজতা নাইকীয়া হব।
  • চকুৰ বাবে আৱশ্যকীয় প্ৰসাধন কাজল,আইলাইনাৰ,মাস্কাৰা আদি নামী উৎপাদৰকহে কিনিব।প্ৰয়োজন নহলে প্ৰসাধন নকৰাই ভাল।
  • মনটোক যিমান পাৰি চিন্তামুক্ত কৰি প্ৰ্ফুল্লিত ৰাখক।অন্যাথা চকুৰ গুৰিত বলি ৰেখা পৰিব।
  • অতিপাত গৰমৰ দিনত বাহিৰলৈ ওলোবাৰ সময়ত চশমাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।
  • ৰাতি টোপনি ক্ষতি নকৰিব।
  • চকুৰ সাধাৰন অসুখ হলেই চকু বিশেষজ্ঞৰ কাষ চাপিব।নজনাকৈ কোনো দৰৱ ব্যৱহাৰ নকৰিব।
  • আন্ধাৰ কোঠাত বহি আৰু শুই টি ভি চোবা চকুৰ কাৰনে ক্ষতিকাৰক।টি ভি সদায় চকুৰপৰা দহ ফুটমান আতঁৰত ৰখা উচিত।একেৰাহে চাই থকাৰ অভ্যাস নকৰিব।মাজে সময়ে চকুহালক জিৰনি দিব।
লেখিকা: ৰীণা দেৱী।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate