অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হতাশা আতৰোৱাৰ উপায়

হতাশা আতৰোৱাৰ উপায়

  • নিয়মিতভাৱে যোগাসন কৰিলে মনৰ পৰা হতাশা ভাব আতঁৰাব পাৰি।
  • নিজৰ ভাল লগা কিতাপ, টিভি, ৰেডিঅ’ৰ অনুষ্ঠান আদি মন দি চাবলৈ যত্ন কৰক। সেইবোৰৰ মাজত হেৰাই যোৱাৰ প্ৰয়াস কৰিলে হতাশাক নিয়ন্ত্ৰণ কৰিব পাৰি।
  • নি:সংগতাক বেছিকৈ প্ৰাধান্য দিলে হতাশাৰ জন্ম হয়। লগতে বিচ্ছিন্নত বোধেও হতাশাৰ সৃষ্টি হোৱাৰ অৰিহণা যোগায়। পৰাপক্ষত নি:সংগতা আৰু বিছিন্নতাবোধৰ পৰা নিজক আতঁৰাই ৰখাৰ চেষ্টা কৰিব লাগে। অন্যথাই শাৰীৰিক মালিচেও হতাশা দূৰ কৰিব পাৰে।
  • সতেজ শাক-পাচলি, পানী খোৱা, সুনিদ্ৰা আৰু শাৰীৰিক ব্যায়াম- জগিং কৰা, সাতোঁৰা, চাইকেল চলোৱা আদিৰ জৰিয়তে হতাশা কমাব পাৰি।
  • হতাশাত ভোগা চিন্তাবোৰক লৈ যদি যোগাত্মক দিশৰ কথা ভবা হয় তেন্তে হতাশা বহু পৰিমাণে কমিব।
  • নিজৰ আবেগিক সমস্যাবোৰৰ বিষয়ে ভাল লগা নতুবা ভাল বন্ধুজনৰ সৈতে আলোচনা কৰক। এই আলোচনাই হতাশা কমোৱাত সহায়ক হ’ব।
  • এজন অভিজ্ঞ হোমিঅ’পেথিক চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিও হতাশা কমোৱাৰ উপায় উলিয়াব পৰা যায়। হোমিঅ’পেথিক চিকিৎসকৰ দ্বাৰা হতাশাক নিয়ন্ত্ৰণ কৰিব পৰা যায়।
  • নিজৰ কল্পনা শক্তিৰ জৰিয়তেও হতাশাক মনৰ মজাৰ পৰা আতৰাই ৰাখিব পাৰি।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate