অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বাবে সৰ্বোত্তম মাতৃদুগ্ধ

শিশুৰ বাবে সৰ্বোত্তম মাতৃদুগ্ধ

মাতৃদুগ্ধই হ’ল শিশুৰ সৰ্বোত্তম আহাৰ। শিশুৰ সু-স্বাস্থ্য আৰু স্বাভাৱিক বিকাশৰ বাবে মাতৃদুগ্ধৰ বিকল্প নাই। ই খাদ্যপ্ৰাণ যুক্ত শিশু খাদ্য, যি খাদ্য খাই শিশুৱে ছমাহ বয়সলৈকে আন কোনো পৰিপূৰক খাদ্য নোখোৱাকৈয়ো জীয়াই থাকিব পাৰি। শিশুক মাতৃদুগ্ধ পান কৰোৱালে মাতৃৰ স্বাস্থ্যো ভালে থাকে। শিশুৰ ৰোগ আৰু মৃত্যুৰ হাৰ কমাবলৈ জন্মৰে পৰা মাতৃদুগ্ধ পান কৰোৱা উচিত। বিজ্ঞানী সকলেও প্ৰকাশ কৰিছে যে এটি কেচুৱাৰ আহাৰ হিচাপে মাতৃদুগ্ধৰ সমতুল্য কোনো আহাৰেই নাই। যথেষ্ট পৰিমাণে গাখীৰ থকা মাতৃয়ে শিশুক জন্মৰ পৰা আঠ মাহ পৰ্যন্ত মাতৃদুগ্ধই খুউৱা উচিত। তাৰ পিছত দুবছৰ বা ততোধহিক কাল অন্যান্য পৰিপূৰক খাদ্যৰ লগতে শিশুক মাতৃদুগ্ধ পান কৰোৱা উচিত। শিশুৰ স্বাভাৱিক বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো উপাদানেই শিশুটিয়ে মাতৃদুগ্ধৰ পৰা অতি বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰে।

মাতৃদুগ্ধত শিশুক লগা সকলো প্ৰকাৰৰ উপাদানৰ উপৰি এনে কিছুমান ৰাসায়নিক উপাদান থাকে, যিয়ে শিশুৰ বহুতো ৰোগ সংক্ৰমণত প্ৰত্যক্ষ ভাৱে বাধা দিয়ে। শেহতীয়া ভাৱে মাতৃদুগ্ধৰ ওপৰত চলোৱা এক গৱেষণাত চাইট’কিন নামৰ এবিধ নতুন উপাদানৰ সম্ভেদ পোৱা গৈছে। অতি সক্ৰিয় এইবিধ উপাদানে লিউকেমিক চেলৰ ভাঙোন আৰু বৃদ্ধিত বাধা দি ব্লাড কেন্সাৰ পৰ্যন্ত প্ৰতিৰোধ কৰিব পাৰে। মাতৃদুগ্ধই শিশুৰ মৃত্যুৰ হাৰ কমোৱাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। মাৰ্কিন স্বাস্থ্য পত্ৰিকা ‘পেডিয়েট্ৰিক্স’ত প্ৰকাশ কৰা মতে শিশু এটিক জন্মৰ এঘণ্টাৰ ভিতৰতে মাতৃদুগ্ধ পান কৰালে নৱজাতকৰ মৃত্যুৰ সম্ভাৱনা ২২ শতাংশ লৈকে হ্ৰাস কৰিব পাৰি। মাৰ্কিন স্বাস্থ্য বিজ্ঞানী সকলে ঘানাত ১০ হেজাৰ নৱজাতক শিশুৰ ওপৰত চলোৱা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।

উন্নয়নশীল দেশসমূহত প্ৰতি বছৰে প্ৰায় চাৰি নিযুত নৱজাতকে জন্মৰ পৰা এমাহৰ ভিঅতৰত মৃত্যুক সাবটি লয়। ভাৰতত প্ৰতি বছৰে ১২ নিযুত শিশুৱে জন্মৰ প্ৰথম মাহতে মৃত্যুবৰণ কৰে।

ভাৰতবৰ্ষত মাতৃদুগ্ধ পান কৰোৱা মাতৃৰ সংখ্যা শেহতীয়া ভাৱে হ্ৰাস পাই অহাটো উদ্বেগ জনক ঘটনা। এক পৰিসংখ্যা মতে ভাৰতৰ মেট্ৰ’পলিটান চিটি সমূহত মাতৃদুগ্ধ পান কৰোৱা মাতৃৰ সংখ্যা ৪৫% ৰ পৰা ৩৫% লৈকে হ্ৰাস পোৱাটো চিন্তাৰ বিষয়। স্বাস্থ্য বিজ্ঞানী সকলৰ মতে কেঁচুৱাৰ অকাল মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে সবাতোকৈ সহজ উপায়টি হৈছে শিশুৰ জন্মৰ এঘণ্টাৰ ভিতৰতে মাতৃদুগ্ধ পান কৰোৱাটো। শিশুৰ মস্তিষ্কৰ গঠনৰ বাবেও মাতৃদুগ্ধ উপকাৰী। কেচুৱাৰ বাবে মাতৃদুগ্ধ স্বয়ং সম্পূৰ্ণ পৰিপুষ্টিকাৰক দ্ৰব্য। মাতৃদুগ্ধ সহজে হজম হয় আৰু ই শিশুক নানা ধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে। শিশুৰ জন্মৰ পিছত দুই-তিনি দিন লৈকে মাতৃৰ বুকুৰ পৰা নিঃসৰণ হোৱা ঈষৎ হালধীয়া বৰণৰ কল’ষ্ট্ৰাম বা ফেঁহুত থকা বিভিন্নহ উপাদানে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। সেয়ে মাতৃদুগ্ধ হ’ল শিশুৰ এক প্ৰকাৰ ছিটা বা সুৰক্ষা কবচ। মাতৃদুগ্ধত থকা ইমিউনোগ্লোবিলিন-এ নামৰ প্ৰ’টিন বিধেও শিশুক বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। দেখা গৈছে মাতৃদুগ্ধ পান কৰা শিশু সকলৰ মগজুৰ প্ৰখৰতা বা বুদ্ধিমত্তা মাতৃদুগ্ধ পান নকৰা শিশুতকৈ ১০ গুণ বেছি হয়। তদুপৰি বুদ্ধিমত্ত নিৰ্ভৰ কৰে কিমান দিন মাতৃদুগ্ধ পান কৰে তাৰ ওপৰত। আচলতে মাতৃদুগ্ধত নৱজাতকৰ মস্তিষ্কৰ বিকাশৰ বাবে অত্যাৱশ্যকীয় চিষ্টিন, ট’ৰিন আদি এমাইনো এচিড, শিশুৰ চকু, মস্তিষ্ক, ৰক্তবাহী নলীৰ বিকাশৰ বাবে প্ৰয়োজনীয় ফেটি এচিড ওমেগা-৩ থাকে। এই বিধ ফেটি এচিডক DHA (Decosa Hexaenoic Acid) নামেৰেও জনা যায়। এই বিলাক উপাদানৰ উপৰিও মাতৃদুগ্ধত ক’লেষ্ট্ৰ’ৰেলো থাকে। দুগ্ধপোষ্য শিশুৰ মগজুৰ গঠনৰ বাবে কলেষ্ট্ৰৰেল দৰকাৰ। মাতৃদুগ্ধত থকা গ্লুক’জে শিশুক শক্তি যোগায়। প্ৰ’টিনে বিভিন্ন নিউৰো হৰমোন বা নিউৰোট্ৰান্সনিটাৰ গঠনত সহায় কৰে। এইবোৰে শৰীৰৰ এটা কোষৰ পৰা আন এটা কোষলৈ সংবাদ বহন কৰে। আকৌ মাতৃদুগ্ধত থকা কোলিন নামৰ পদাৰ্থই স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।

লেখক: প্ৰসাদ দাস, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate