পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসা
পেটৰ বিষৰ প্ৰাকৃতিক চিকিৎসাৰ উপায়সমূহ
- পেটৰ বিষ ভাল কৰিবলৈ ক’লা নিমখ, জালুক, ডাঙৰ শিলিখা, বগা জিৰা মিহলাই বটি পানীত দি খাব লাগে।
- মূলাৰ ৰস আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ পিছত হোৱা পেটৰ বিষ আৰু গেছত খাব লাগে।
- তেতেলিৰ কুমলীয়া পাত মিহিকৈ বটি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে পেটৰ বিষ ভাল হয়।
- পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে।
- এক গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা চামুচ বগা জিৰাৰ গুড়ি মিহলাই পেটৰ বিষ হ’লে খাব লাগে।
- এচামুচ আদাৰ ৰসৰ লগত দুচামুচ নেমুৰস আৰু অকণমান চেনি মিহলাই খালে সকলো প্ৰকাৰৰ পেটৰ বিষ ভাল হয়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 7/11/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.