টকৌৱে খোৱা ৰোগক ইংৰাজীত Alopecia areata বুলি কোৱা হয়। Alopecia areata হ’লে মূৰৰ এঠাইত বা কেইবা ঠাইতো ঘূৰণীয়াকৈ চুলি সৰি যায়। কেতিয়াবা এই ঠাইবোৰ অলপ বহল হৈ চুলি নোহোৱা হৈ জিলিকি উঠে। কেতিয়াবা কিছুমান ৰোগীৰ মূৰৰ চুলি সৰাৰ উপৰি শৰীৰৰ সমস্ত অংশৰ অৰ্থাৎ গা নোম, চকুৰ ভ্ৰূ, চেলাউৰি, গোঁফ, নাকৰ নোম আদিও সৰি যায়। ইয়াৰ মূল কাৰণটো হ’ল-মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মানসিক চাপ।
এই ৰোগক কেইবা প্ৰকাৰতো ভাগ কৰা হৈছে-
- Monolocularis: এই ৰোগীৰ মূৰত এডোখৰ ঠাইত টপা হয়।
- Multilocularis: এই ৰোগীৰ মূৰত বহু ঠাইত চকলা-চকল ঘূৰণীয়াকৈ চুলি সৰি যায়।
- Totalis: এই ৰোগীৰ গোটেই মূৰটোৰ চুলি সৰি টকলা হৈ পৰে।
- Universalis: এই ৰোগীৰ মূৰৰ চুলি সৰাৰ উপৰি চকুৰ নোম, চেলাউৰি, ভ্ৰূ, দাঢ়ি আদি সৰে।
- Trichotillomania: কেতিয়াবা শিশুৰ বদ অভ্যাসৰ ফলত নিজৰ অজানিতে নিজৰ মূৰৰ চুলি নিজেই টানি টানি ছিঙে। তেনে কৰোঁটে মূৰৰ একো একোটা অংশৰ চুলি অসমানভাৱে ছিগি আহে। কেতিয়াবা ভ্ৰূ আৰু চকুৰ নোমৰ গুৰিও শিশুটিয়ে টানি উঘালি পেলায়। কেতিয়াবা পঢ়ি থাকোতে বা টিভি চাই থাকোতেও তেনেদৰে নিজৰ অজানিতে চুলি টানি উঘালি পেলায়।
ইয়াৰ দুটা প্ৰধান কাৰণ হ’ল:
হাইপো থাইৰডিজম আৰু ডায়েবেটিছ মেলিটাছ।
ইয়াৰ আন কাৰণবোৰ হ’ল-
- হ’ৰমনৰ বিসংগতি।
- থাইৰয়ডৰ অসুস্থতা।
- ঔষধৰ পাৰ্শ্বক্ৰিয়া।
- গৰ্ভনিৰোধক বড়ি সেৱন।
- চুলিৰ সৌন্দৰ্য বঢ়াবৰ বাবে ৰাসায়নিক প্ৰয়োগ কৰা।
- গৰম বতাহ দিয়া আদি।
- উপযুক্ত খাদ্যৰ অভাৱ। যেনে-প্ৰ’টিন, খাদ্যপ্ৰাণ খনিজ পদাৰ্থৰ অভাৱৰ ফলত চুলি সৰে।
- শাৰিৰীক চাপ: ডাঙৰ শল্য চিকিৎসা, বহুত দিনৰ পৰা অসুখত ভুগি থকা, ক্ষীণাবৰ কাৰণে ডায়েট কৰা আদি।
- মূৰৰ ছালৰ লগতে চুলিত ভেঁকুৰৰ সংক্ৰমণ আদি।
লক্ষণ
অতি কম সময়ৰ ভিতৰত মূৰত সৰু সৰু ঘূৰণীয়া চকলা-চকলকৈ চুলি সৰি যায়।
- মূৰৰ চুলি সৰাৰ উপৰি চেলাউৰি, চকুৰ নোম, দাঢ়ি, গোঁফ সকলো সৰি যায়।
- এডোখৰ বা বহু ঠাইত চুলি সৰি টপা হৈ যায়।
- গোটেই শৰীৰৰ চুলি, নোমবোৰ সৰি যায়।
- টকৌৱে খোৱা ৰোগত হোমিঅ’ চিকিৎসা উন্নত মানৰ ঔষধ আছে। এই ঔষধবোৰ ব্যৱহাৰ কৰিলে নিশ্চয় উপকৃত হ’ব।
ঔষধবোৰ হ’ল
- Arsenic alba: এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ মূৰত ভয়ানক খজুৱতি থাকে। মূৰৰ ছাল শুকান হোৱাৰ বাবে চুলিৰ গুৰিত উফি জমা হয়। ৰাতি মূৰটো খজুৱায় আৰু জ্বলা-পোৰা কৰে।
- Phospharus: এই ঔষধটো ব্যৱহাৰ কৰা ৰোগীৰ এডোখৰ ঠাইত চুলি সৰি বহল হৈ যায়। আৰু উফিৰ লগতে ভয়ানক মূৰত খজুৱতি হয়।
- Sepia: বতৰ পৰিৱৰ্তনৰ সময়ত চুলি সৰিলে এই ঔষধটো ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়। মূৰৰ য’ত ত’ত পাছফালে চকলা-চকলকৈ চুলি সৰি যোৱাত ভাল কাম কৰে।
- Graphities: এই ঔষধটো গোটেই মূৰটোত চুলি সৰা, মূৰৰ পাছফালে আৰু কপালত চুলি সৰা আদিত ব্যৱহাৰ হয়।
- Floric acid: এই ঔষধটো জ্বৰৰ পিছত চুলি সৰিলে, চিফিলিচ হৈ চুলি সৰিলে ব্যৱহাৰ হয়। আৰু কেতিয়াবা ৰোগী টাইফয়েড বা কোনো বহুদিনীয়া ৰোগত ভুগি চুলি সৰিলেও এই ঔষধটো ব্যৱহাৰ কৰিলে ৰোগ উপশম হয়।
টকৌৱে খোৱা ৰোগত হোমিঅ’ ঔষধ ব্যৱহাৰ কৰাৰ উপৰি তাৰ লগতে আকুপাংচাৰ চিকিৎসা কৰিলে অতি সোনকালে ৰোগ নিৰাময় হয়। আকুপাংচাৰ বিন্দুবোৰ হ’ল: Ren12, U B 20, St-36, UB 21, DU 20 আদি। এই বিন্দুবোৰত ১৫-২০ মিনিট সময় চিকিৎসা কৰা হয়। তাৰ লগতে হাম্পাৰিং দিও চিকিৎসা কৰা হয়।
আন কাৰণকেইটামানৰ কাৰণেও চুলি সৰাৰ বিষয়ে জনাব বিচাৰিছোঁ। কাৰণকেইটা হ’ল:
- অত্যাধিক মানসিক চাপ।
- মূৰৰ ছালত সঠিক পৰিমাণে তেজ চলাচল হৈ নাথাকিলে।
- কোষ্ঠকাঠিন্য।
- ভিটামিন আৰু চৰ্বিৰ অভাৱৰ বাবে।
- বংশানুগত কাৰণত।
- তিতা চুলিত মূৰ ফণিয়ালেও চুলি সৰিব পাৰে।
সাৱধানতা
আমি অত্যাধিক মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগিব। আমি চুলিখিনিৰ কাৰণে যি ঔষধ নাখাঁও বা চিকিৎসা নকৰোঁ কিয় আমি চুলিখিনি পৰিষ্কাৰ কৰিও ৰাখিব লাগিব। চুলিৰ বাবে নিয়মীয়া যতন ল’ব লাগিব। ইয়াৰ কাৰণে পুষ্টিকৰ আহাৰ খাব লাগিব। দিনে ১০-১২ গিলাচকৈ পানী খাব লাগিব। এই নিয়ম-নীতিবোৰ মানি চলিলেও টকৌৱে খোৱা ৰোগৰ লক্ষণবোৰ মিলিলে পলম নকৰি এগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
লেখিকা: ডা: ডুলুমণি দাস বণিয়া, দৈনিক অসম।