অসমৰ সেমেকা জলবায়ু আৰু অপৰিস্কাৰ পানী, ধূলি-মাকতিৰে ভৰা পৰিৱেশৰ বাবে ক্ৰণিক ডিচেণ্ট্ৰি অসুখত ভোগা মানুহৰ স্ংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এমিবিক ডিচেণ্ট্ৰি আচলতে এবিধ পৰজীৱীৰ স্ংক্ৰমণৰ ফলতে হয়। এমিবিক ডিচেণ্ট্ৰি হ’লে অতি সোনকালে ইয়াৰ চিকিৎসা কৰি আৰোগ্য লাভৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ভাল।
‘এণ্টাবিমা হিষ্ট’লিক’ নামৰ এবিধ পৰজীৱীৰ দ্বাৰা আক্ৰান্ত হ’লে এই বেমাৰ হয়। এইবিধ পৰজীৱীৰ আক্ৰমণৰ পৰা আৰম্ভ হোৱা এই বেমাৰ সোনকালে চিকিৎসা নকৰিলে ৰোগীয়ে আজীৱন এই ৰোগত ভুগী থাকিব লগা হয়। ই এবিধ অত্যন্ত স্ংক্ৰামক ৰোগ আৰু এই ৰোগত আক্ৰান্ত হ’লে ৰোগী শাৰীৰিকভাৱে দূৰ্বল হৈ পৰে আৰু যিকোনো খাদ্য খালেই এই ৰোগত ভুগিব পাৰে। ইয়াৰ প্ৰধান লক্ষণবোৰ হ’ল-ঘণে ঘণে পাতল পায়খানাৰ লগত শাঁও পৰা আৰু কেতিয়াবা অলপ অলপ তেজ যাব পাৰে। ৰোগৰ প্ৰাথমিক অৱস্থাটোকে এমিবিক ডিচেণ্ট্ৰি বোলা হয়। ইয়াৰ ফলত আমাৰ অন্ত্ৰ আক্ৰান্ত হয়।
এণ্টোবিমা হিষ্ট’লিটিকাৰ দ্বাৰা আক্ৰান্ত হৈ দিনটোত ৭/৮ বাৰ মান পাতল শৌচ হয়। পায়খানাৰ লগত শাঁও পৰে আৰু অলপ অলপ তেজো যায়। পেটত গুৰ গুৰ শব্দ হয়।
এমিবিক ডিচেণ্ট্ৰি যদি পুৰণি হৈ যায়, তেতিয়া অন্যান্য কেইবাটাও লক্ষণে ওপৰঞ্চিভাৱে দেখা দিয়ে। কেতিয়াবা পাতল পায়খানা হয়। কেতিয়াবা পেটৰ বিষ হয়। ভোক নালাগে। পেটটো ফুলি থাকে। গেছ হয়। এনেদৰে বহুখিনি চলি থাকিলে আক্ৰান্ত ব্যক্তিৰ শৰীৰত পুষ্টি দ্ৰব্যৰ অভাৱ ঘটে। কাৰণ শৰীৰৰ লাগতিয়াল ভিটামিন, মিনাৰেল আদি শৌচৰ লগত ওলাই গৈ থাকে।
এমিবিক ডিচেণ্ট্ৰি ধৰা পেলাবলৈ পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ পৰীক্ষা কৰোৱা হয়। সঠিকভাৱে ৰোগটো চিনাক্তকৰণ নহ’লে এই ৰোগৰ উপযুক্ত চিকিৎসা কৰাটো সম্ভৱ নহয়।
সতেজ শৌচ বেমাৰীৰ পৰা স্ংগ্ৰহ কৰি অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰিলে মলৰ লগত এণ্টামিবা হিষ্ট’লিটিকাৰ উপস্থিতি গম পোৱা যায়। অৱশ্যে বেচিলাৰী ডিচেণ্ট্ৰীৰ সৈতে এই ৰোগৰ লক্ষণ একে হোৱাৰ কাৰণে কেতিয়াবা ৰোগটো সঠিকভাৱে নিৰ্ণয় কৰাটো টান হৈ পৰে।
কালচাৰ নিৰ্ণয়ৰোগীৰ মল ‘কালচাৰ’ কৰি মাইক্ৰ্স্ক’পীয় পৰীক্ষা কৰিলে এণ্টামিবা হিষ্টালিটিকাৰ উপস্থিতি গম পোৱা যায়। ইয়াৰ বাহিৰেও আন আন পৰীক্ষা কৰোৱা হয়।
এমিবিক ডিচেণ্ট্ৰি আৰু ক্ৰণিক ডিচেণ্ট্ৰীৰ পৰা হাত সাৰি থাকিবলৈ হ’লে প্ৰধানত: খাদ্যৰ গুণাগুণ সতেজতাৰ ওপৰত চকু ৰাখিব লাগিব। খোৱা পানী অতি কমেও ২০ মিনিট সময় উতলাই ঠাণ্ডা কৰি ৰাখিব লাগে। দোকান বা হোটেলত ৰখা খোলা বস্তু খাব নালাগে। খোৱা বাচন-বৰ্তন পৰিস্কাৰ হ’ব লাগে। এলোপেথিক চিকৎসা মতে, মেট্ৰোনিডাজল টেবলেট’ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও ট্ৰিনিডাজল টেবলেট ব্যৱহাৰ কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শমতে প্ৰতিদিনে তিনিটাকৈ ৫ দিন ধৰি এই ধৰণৰ ঔষধ খাই থাকিলে ৰোগটো নিৰ্মূল হয়। সঘনাই বেমাৰটোৱে উক দি থাকিলে (ক্ৰনিক হ’লে) এবাৰত ১ টাকৈ টেবলেট তিনিবাৰ ৭ দিন খাব লাগে। বয়সীয়া মানুহে তিনিটাকৈ প্ৰতিদিনে ৫ দিন আৰু ক্ৰণিক অৱস্থাত ১ টাকৈ তিনিবাৰ ৭ দিন খাব লাগে। লগতে কেপচুল দিনে দুবাৰকৈ খাব লাগে।
লক্ষণ অনুযায়ী মাৰ্কচল, একোনাইট, মাৰ্ককৰ, নাস্কভমিকা, ব্ৰায়োনিয়া, এপিচ্চমেল আদি ঔষধ প্ৰয়োগ কৰিব লাগে। বায়োকেমিক চিকিৎসাৰ যোগেদিও এমিবিক ডিচেণ্ট্ৰি আৰোগ্য লাভ হয়। বায়োকেমিক ঔষধবোৰ হ’ল-কেলিমিউৰ, ফেৰামফচ, কেলিফচ্, মেগনেচিয়াফচ ইত্যাদি।এমিবিক ডিচেণ্ট্ৰিৰ ফলত যদি ৰোগীৰ পেটত বিষ হয়, ঘনাই ঘনাই পাতল পায়খানা হয়, তেতিয়া এই ঔষধ খাব লাগে। বাকী ঔষধ প্ৰয়োগত এই ৰোগ ভাল হয়।
ডা: উপেন দত্ত, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা