অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰুৱা উপাদানেৰে গোৰোহা ফটা সমস্যা ভাল কৰক

সাধাৰণতে ভৰিত নানা সমস্যা হোৱা দেখা যায়। যেনে- গোৰোহা ফটা, খজুৱতি, কৰ্ন, ভেঁকুৰ আদি। এইবোৰৰ সমাধানৰ সহজ উপায় তলত উল্লেখ কৰা হ’ল।

গোৰোহা ফটা সমস্যাৰ বাবে ঘৰতে কৰিব পৰা উপায়

  • এমুঠি নিমপাত গুড়ি কৰি এক চাহ চামুচেৰে ভাল হালধি গুড়ি মিহলাই অলপ গোলাপ জল দি ১০-১৫ মিনিট পেক বনাই সপ্তাহত তিনি দিন সানক।
  • গৰম ভাত তিনি চামুচ, মৌ, তিল তেল একেলগে মিহলাই গোৰোহাত লাহে লাহে মালিচ কৰক। ১০-১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। তাৰ পিছত গোলাপজলৰ লগত গ্লিচাৰিণ মিহলাই লগাই থ’ব।
  • পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগাই ১৫-২০ মিনিট থ’ব।
  • নিশা শোৱাৰ আগতে ভৰি দুখন ধুই ল’ব। সম পৰিমাণে জলফাই তেল আৰু নাৰিকল তেল মিহলাই ভৰিত সানি থ’ব গোটেই নিশা।
  • যিসকলৰ ভৰি ফাটি ছটাছটকৈ এৰাই যায়, তেনে লোকে আম গছৰ ৰস অলপ, পানী মিহলাই ভৰি দুখন তিয়াই থ’ব।

ঘৰুৱা দিহাৰে ভৰিৰ কৰ্নৰ সমস্যা সমাধান কৰক

  • চকৰ গুড়ি পানীৰ লগত মিহলাই কৰ্ন হোৱা অংশত ২০-২৫ মিনিট সদায় লগাওক।
  • চাহগছৰ তেলৰ লগত নাৰিকল তেল মিহলাই ভৰিৰ কৰ্ন হোৱা ঠাইত মালিচ কৰক।
  • ১/২ কেঁচা আমৰ ৰসৰ লগত কেঁচা অমিতাৰ ৰস মিহলাই সংক্ৰমিত অংশত লগাই ১ ঘণ্টা ৰাখিব। পিছত পানীৰে ধুই দিব। দিনটোত ২-৩ বাৰ লগাব।
  • হালধিৰ গুড়িৰ লগত মৌ মিহলাই সদায় লগাব।
  • গোলকৈ নেমু বা পিঁয়াজৰ টুকুৰা কাটি কৰ্নৰ ওপৰত বান্ধি গোটেই নিশা থৈ দিব।

ভেঁকুৰ সংক্ৰমণ নিৰ্মূলৰ উপায়

  • অলপমান বেকিং পাউদাৰ সংক্ৰমিত অংশত পাতলকৈ সানি ১০-১৫ মিনিটৰ পিছত পানীৰে ধুই শুকান কাপোৰেৰে মচি দিব। সপ্তাহত তিনি দিনকৈ লগাব।
  • কিছুমানৰ গোৰোহাত এই সমস্যা হয়, তেনে লোকে পিঁয়াজৰ ৰস সানি থ’ব দিনটোত দুবাৰকৈ। জোতা পিন্ধাৰ আগতে মোজাত এক ফোটা নহৰু ভৰাই থ’ব।
  • আঙুলিৰ ফাঁকত বিশেষকৈ এই ৰোগে দেখা দিয়ে। চাহ গছৰ পৰা এবিধ তেল ওলায়, সেই তেলৰ ৪০ টোপালমান পানীত দি চৰিয়া এটাত লৈ ভৰিখন তিয়াই থ’ব ১০-১৫ মিনিটমান। সপ্তাহত তিনি দিনকৈ এনেদৰে কৰিব।

ভৰিৰ খজুৱতিৰ সমস্যাৰ সমাধান

  • সংক্ৰমিত অংশত ছালকুঁৱৰীৰ ৰস সদায় লগাব।
  • নিমপাত ভালদৰে ধুই ৰ’দত শুকুৱাই গুড়ি কৰি এটা বটলত ভৰাই থ’ব। সেই গুড়ি সদায় ভৰিৰ যি ঠাইত খজুৱতি হৈছে, তাত পানীৰ লগত মিহলাই পেষ্ট বনাই সানিব।

লেখিকা: বৰ্ণালী ভট্টাচাৰ্য, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate