কুষ্ঠ ৰোগ এবিধ বিজাণুৰ পৰা হয়। যক্ষ্মা বা ডিফথেৰিয়াৰ দৰে ই বাহক বাহিত ৰোগ হ’লেও অতি কম পৰিমাণে সোঁচৰে। বহুদিন ধৰি চিকিত্সা নকৰা আক্ৰান্ত ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰাখিলে এই ৰোগ আন ব্যক্তিলৈ সোঁচৰিব পাৰে।
কুষ্ঠৰোগ সম্পূৰ্ণৰূপে ভাল কৰিব পৰা যায়। চিকিত্সকে পৰীক্ষা কৰি কুষ্ঠৰোগ হোৱা বুলি নিশ্চিত হ’লে তলত দিয়া ধৰণে কৰিব লাগে।
কুষ্ঠৰোগ ভাল নহয় বা আনৰ গালৈ সোঁচৰিব বুলি ভয় খোৱা অনুচিত।
মাল্টি ড্ৰাগ থেৰাপী (এমডিটি)
মাল্টি ড্ৰাগ থেৰাপীৰে যিকোনো স্তৰৰ কুষ্ঠৰোগ ভাল কৰিব পাৰি। এই ঔষধ নিয়মীয়াকৈ খাব লাগিব। এই থেৰাপীত কিছুমান কেপচুল আৰু টেবলেট দিয়া হয়।
সকলো জিলাৰ চিকিত্সালয়, কমিউনিটি স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কুষ্ঠৰোগ গোটত এই থেৰাপীৰ ঔষধ বিনামূলীয়াকৈ পোৱা যায়।
চিকিত্সকৰ পৰামৰ্শমতে যিমান ঔষধ যিমান দিনলৈ খাবলৈ দিয়ে ঠিক তেনে দৰেই খাব লাগে।
ঔষধ খোৱাৰ সময়টো নিজে ঠিক কৰি লব লাগে-যাতে এদিনো ক্ষতি নোহোৱাকৈ ঔষধ খোৱা হয়। দুপৰীয়া ভাত খোৱাৰ পাছত খালেই ভাল। এনে সময়ত সাধাৰণতে পাহৰা নাযায়।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণ দহটা
কিডনীৰ ৰোগৰ লক্ষণ
ক্লেপটোমেনিয়া
ছাইনাছাইটিছ ৰোগ কেনেকৈ হয়, ইয়াৰ লক্ষণ, কাৰণ, চিকিৎ...