অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফলৰ ৰজা আম

ফলৰ ৰজা আম

ভাৰতবৰ্ষত আমৰ খেতি কৰা অতি পুৰণিৰ কথা। উদ্যান শস্যৰ খেতিৰে যেতিয়া একোখন খেতিৰ পথাৰ পতাৰ কথা ভাৰতীয় লোকে চিন্তাই কৰিব পৰা নাছিল তেতিয়াৰ দিনতে সুস্বাদু ফল আম গছ কিন্তু ভাৰতীয় লোকে শৃংখলাবদ্ধভাৱে ৰুইছিল। মোগল সম্ৰাট আকবৰৰ ৰাজত্ব কাললৈ কাললৈ চালে দেখা যায় যে মহামতি আকবৰে তেওঁৰ দিনত বিহাৰৰ দাৰভাংগা জিলাত একলাখ আম গছ ৰুই ‘লালবাগ’ নাম দিছিল।

সোৱাদ আৰু আকাৰত বিভিন্ন প্ৰকাৰৰ বাবে খ্যাত ভাৰতবৰ্ষত যথেষ্ট মাটিকালিত আম খেতি কৰা হয়। উপযুক্ত জলবায়ুৰ বাবে যথেষ্ট পৰিমাণে উৎপাদনো হয়। উত্তৰ প্ৰদেশ, বিহাৰত নানা ধৰণৰ আমৰ সঁচ পোৱাৰ লগতে উৰিষ্যা, কেৰালা, অন্ধ্ৰ, কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰত বিভিন্ন সোৱাদৰ আম খেতি কৰা হয়। সকলো লোকৰ প্ৰিয় ফল আম নানা প্ৰজাতিৰ আছে যদিও মানুহক সাধাৰণতে আকৰ্ষিত কৰা প্ৰজাতি কেইবিধ হৈছে- লেঙেৰা, ফজলি, দছেৰা, মালগোৱা, কিম্পান, গুলাব খাচ, বম্বে গ্ৰীন, নিলম টোটা পুৰি, হিম সাগৰ, বাগান পলী আদি। হাইব্ৰীডজাতীয় আমৰ সঁচকেইটামানৰ বাহিৰে বাকী আমবোৰ দুবছৰ মূৰে মূৰেহে লাগে বা লাগিলেও অতি কম পৰিমাণৰ হয়।

আহল-বহল নহ’লেও সৰুকৈ বাৰী এখন পাতি থকা অসমীয়া লোকৰ ঘৰবোৰত বৰ বেছিকৈ নহ’লেও দুই-এজোপা হ’লেও আম গছ থকা দেখা যায়। যত্ন নাপালেও বছৰি এইবোৰ গছত কম-বেছি পৰিমাণৰ হ’লেও আম লাগে। অসমৰ থলুৱা আমবোৰৰ বেছিভাগেই কেঁচাতেই হওক বা পকাতেই হওক টেঙা স্বাদযুক্ত আৰু প্ৰায়বোৰতে পোক থকা দেখা যায়। অসমত সহজে পোৱা  আমবোৰ হৈছে টিলিকি আম, বৰ আম, মিঠা আম, সেন্দুৰী আম, ৰৰৈয়া আম, চনচনীয়া আম (যিবিধ আম মাটিত পৰিলে ছিৰালৰ দৰে ফাটি টুকুৰা-টুকুৰ হয়) আদি। অসমৰ মাটিত আন আন আমৰ সঁচবোৰ কৰিব পাৰি যদিও জলবায়ুৰ বাবে গছবোৰ বেছি ওখ হয় আৰু ফুল ফুলাৰ সময়ত বতাহ-বৰষুন হোৱা দেখা যায়। আবতৰতো অসমত বায়ুমণ্ডলত বেছি জলীয় ভাপ থকাত সেইবোৰো এক সমস্যা হৈ পৰে। অমৰাপল্লিৰ দৰে চাপৰ জাতৰ আম খেতি ইচ্ছা কৰিলে কৰিব পৰা যায়। পুলি ৰুওঁতে কলম পদ্ধতিৰে তৈয়াৰ কৰা পুলি ৰোৱাতহে গুৰুত্ব দিয়া উচিত; কিয়নো এনে পদ্ধতিৰ পুলি চাপৰ হয় আৰু সোনকালে লাগে। গুণাগুণতো উন্নত। বীজৰ পৰা হোৱা গছে ফল দিওঁতে বহুত দিন লাগে আৰু গুণগত মানদণ্ডও ইমান উন্নত নহয়।

পুলি ৰোপণ কৰি বহুত খেতিয়কে প্ৰতিপালনৰ দিশত বেছি মনোযোগ দিয়া দেখা নাযায়। ৰুই থৈছো হ’ব ধৰণেৰে গা এৰা দিয়া দেখা যায়। কিন্তু খেতিত যত্ন ল’লেহে উচিত সময়ত ভাল ফল আশা কৰিব পাৰি। উন্নতমানৰ ফল পাবলৈ প্ৰতিপাল কৰিবই লাগিব। উন্নতমানৰ আন আন জাতৰ আম লগাই আমৰ বেহাৰে আয় বৃদ্ধি কৰিবলৈ হ’লে নিয়মীয়া প্ৰতিপালনৰ আৱশ্যক। ছেপ্টেম্বৰ-অক্টোৱৰ মাহত আম গছৰ গুৰিবোৰ চিকুনাই কোৰ মাৰিব লাগে। কাৰণ বাৰিষাকালত গছ আৰু ফুল আক্ৰমণ কৰা পোক-পৰুৱাবোৰ শীতকালি মাটিৰ তলত সোমাই থাকে, সেয়েহে গছৰ তল  কোৰেৰে চিকুণাই গছৰ গুৰি খুঁচৰি, মাটি ওলট-পালট কৰি দিব লাগে আৰু প্ৰতিষেধক ঔষধ চূণ ছটিয়াব লাগে, যাতে পোক-পৰুৱাৰ কণী, পলুবোৰ ৰ’দৰ তাপত ঔষধ চূণৰ পৰশত নষ্ট হৈ যায়। তদুপৰি গছবোৰৰ শুকান ডাল-পাতবোৰ কাটি আৰু গছত বেলিৰ পোহৰ পৰাত বাধা দিয়া সৰু ডাল কাটি পোহৰ পৰাত সুবিধা কৰি দিব লাগে। গছৰ গুৰিত সাৰ-জাবৰ আৰু গোবৰ প্ৰয়োগ কৰা উচিত, তেহে গছে ভাল ফল দিব। ‘কলটাৰ’ নামৰ হৰমোনবিধ মাটিত দিলে প্ৰতিবছৰে গছত ফল লাগে। বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ আদি ৰাজ্যৰ খেতিয়কে আম গছৰ খেতিৰ দ্বাৰাই যথেষ্ট আয় কৰিবলৈ সক্ষম হয়; যাৰ দ্বাৰা তেওঁলোকে আম ব্যৱসায়ৰ উপাৰ্জনেৰে ইচ্ছা কৰিলে বছৰটো চলি থাকিব পাৰে। গছত ফল লগাৰ আগতে বা ফুল ধৰোতেই সেইবোৰ ৰাজ্যত গছজোপা সেই ঋতুৰ বাবে বিক্ৰী হৈ যায় পাইকাৰী হিচাবত। গছত ফল কম-বেছি পৰিমাণে যিয়েই নালাগক পইছাটো খেতিয়কে আগতেই পাই যায়। কিছু খেতিয়কে নিজৰ খেতিৰ ফলেৰে নিজেই ব্যৱসায় চলাই নিয়ে। তেনে খেতিয়কৰ লাভ-লোকচান নিজৰ। গছত ফল লগাৰ সময়ত সেইবোৰ ৰাজ্যত দেখা যায় দিনে-ৰাতিয়ে গছৰ ফল ৰখিবলৈ ৰখীয়া থাকে, যাতে চৰাই-চিৰিকটি, বান্দৰ, মানুহ কোনেও ফল নষ্ট কৰিব বা চুৰ কৰিব নোৱাৰে। ভাৰতবৰ্ষই এছিয়া, ইউৰোপ আদি দেশবোৰলৈ ভাৰতৰ মিঠা আম ৰপ্তানি কৰি দেশৰ অৰ্থনীতিত যথেষ্ট বৰঙনি আগবঢ়াইছে।

অসমৰ বাৰীত হোৱা টেঙা আমবোৰ অতদিন বাৰীতে এলাগী হৈ আছিল-আচাৰ বনোৱা, টেঙা আঞ্জাত দিয়া আদিত ঘৰুৱা ইটো সিটো ৰন্ধনতে সীমাবদ্ধ আছিল। পিছে বৰ্তমান এই টেঙা আমবোৰৰ সুদিন আহি পৰিছে। মুক্ত বাণিজ্যৰ দিনত চীনে টেঙা আমৰ ওপৰত সুদৃষ্টি পেলাইছে। সেয়ে চীনে ভাৰতৰ পৰা মিঠা আমৰ লগতে টেঙা আমো ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তেনেহ’লে আন ৰাজ্যৰ মিঠা আমৰ লগতে অসমৰ টেঙা আমবোৰেও ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিব বুলি আশা কৰিব পাৰি। গতিকে বাৰীত অযত্নপালিত হৈ থকা উদ্যান শস্যৰ টেঙা আমজোপাৰ যত্ন লওঁ আহক।

লিখক: কানন খাউন্দ।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate