অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতল পানীয়

শীতল পানীয়

বজাৰত উপলব্ধ শীতল পানীয়ৰ মূল উপাদান হৈছে পানী। ইয়াৰ সৈতে মিহলি কৰা হয় বিভিন্ন এচিড। যেনে-ফছফৰিক এচিড, চাইট্ৰিক এচিড, মেলিক এচিড বা টাৰটাৰিক এচিড। কোলাজাতীয় পানীয়ত ফছফৰিক এচিড বেছি পৰিমাণে থাকে। এচিডৰ টেঙা সোৱাদ নোহোৱা কৰিবলৈ এনে পানীয়ত চেনি বা চেকাৰণি মিহলি কৰা হয় কোকো। এনে পানীয়ৰ প্ৰতি এশ মিলিলিটাৰৰ কোকোত থকা কেফেইনৰ পৰিমাণ প্ৰায় ১৫ মিলিগ্ৰাম। বটলত এনে পানীয় ভৰ্তি কৰাৰ পিছত যাতে তাৰ কোনো পৰিৱৰ্তন নহয় সেইবাবে ইয়াৰ লগত মিহলি কৰা হয় নানা ধৰণৰ কৃত্ৰিম ৰাসায়নিক সংৰক্ষক। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ছডিয়াম বেঞ্জয়েট আৰু ছালফাৰ ডাই অক্সাইড।

তদুপৰি ৰং, সোৱাদ আৰু গোন্ধৰ বাবে বেলেগ বেলেগ পানীয়ত বেলেগ বেলেগ ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়। কোলাজাতীয় পানীয়ত ক’লা ধৰণৰ ৰং সৃষ্টিৰ বাবে কাৰমোইডিন, কমলা ৰঙৰ বাবে টাৰ্ট্ৰাজিন, হালধীয়া ৰঙৰ বাবে ছানছেট ইয়লো আদি দ্ৰব্য মিহলি কৰা হয়। তদুপৰি বটলত ভৰাই ছীল কৰাৰ সময়ত উচ্চ চাপৰ কাৰ্বন ডাই অক্সাইড ভৰোৱা হয়।

নিয়মিতভাৱে শীতল পানীয় খোৱাৰ অভ্যাসৰ পৰা দাঁতৰ বিপদ সৃষ্টি হোৱাটো অসম্ভৱ নহয়। বিশেষকৈ শিশুৰ দাঁতৰ বাবে ই চৰম ক্ষতিকাৰক। এনে পানীয়ত থকা ফছফৰিক এচিড বা অন্যন্যা এচিডৰ বাবে দাঁতৰ এনামেলৰ ক্ষয় যাব পাৰে। তদুপৰি ইয়াত থকা চেনিয়ে দাঁত আৰু আলুৰ ক্ষতি কৰে। শীতল পানীয়ে খোৱাৰ পিছত মুখ ধোৱা নহয়, ফলত এইবোৰ দাঁতৰ সংস্পৰ্শত ৰৈ যায় দীৰ্ঘ সময় আৰু দাঁতৰ ক্ষয় অব্যাহত থাকে।

শীতল পানীয়ত থকা কাৰ্বন ডাই অক্সাইড পাকস্থলীত গৈ পানী আৰু ছ’ডিয়ামৰ সৈতে মিহলি হয় আৰু কাৰ্বনিক এচিড আৰু ছডিয়াম বাই কাৰ্বনেট উৎপন্ন কৰে। ছডিয়াম বাই কাৰ্বনেট হ’ল একধৰণৰ ক্ষাৰ আৰু ই তাৎক্ষণিকভাৱে পাকস্থলীৰ কিছু হাইড্ৰ্ক্লৰিক এচিডক প্ৰশমিত কৰিলেও শীতল পানীয়ত দ্ৰৱীভূত কাৰ্বন ডাই অক্সাইড পাকস্থলীৰ ভিতৰত জমা হৈ লাহে লাহে পাকস্থলীৰ প্ৰসাৰণ ঘটায় আৰু তেতিয়া এচিডৰ ক্ষৰণ বৃদ্ধি হয়। যিসকলৰ দীৰ্ঘদিনৰ পৰা অধিক মাত্ৰা এচিড ক্ষৰণ হয় বা যিসকলৰ পাকস্থলীৰ আলচাৰ হৈছে তেওঁলোকৰ বাবে শীতল পানীয় গ্ৰহণৰ অভ্যাস মাৰত্মক হ’ব পাৰে।

নিয়মিতভাৱে শীতল পানীয় গ্ৰহণৰ অভ্যাস মাৰাত্মক হ’ব পাৰে। কোলাজাতীয় পানীয় দীৰ্ঘদিন গ্ৰহণ কৰি থাকিলে ইয়াত থকা ফছফৰিক এচিডে অন্ত্ৰৰ পৰা কেলচিয়াম আৰু ফছফৰাছৰ স্বাভাৱিক শোষণত ব্যাঘাত জন্মায়। ফলত এই দুবিধ উপাদানৰ সমতা বিঘ্নিত হোৱাৰ উপৰি হাড়ত কেলচিয়ামৰ অভাৱ দেখা দিব পাৰে।

খালী পেটত শীতল পানীয় গ্ৰহণৰ অভ্যাসে গেষ্ট্ৰাইটিছ বা গেষ্ট্ৰিক আলচাৰৰ সৃষ্টি কৰি পাৰে। কোলাজাতীয় পানীয়ত থকা কোকেইন বেছি পৰিমাণে পেটলৈ গ’লে ভোক কমায়। ফলত ই গৈ অপুষ্টিৰো সৃষ্টি কৰিব পাৰে। শীতল পানীয়ত ৰঙা ৰং সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা কাৰমোয়ছিন দীৰ্ঘদিন ধৰি শৰীৰত প্ৰৱেশ কৰিলে কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ স্বাভাৱিক বৃদ্ধিও ই ব্যাহত কৰে। এই ৰং আমেৰিকা আৰু কানাডাত নিষিদ্ধ। তেনেদৰে কমলা ৰঙৰ বাবে ব্যৱহাৰ কৰা টাৰ্ট্ৰাজিন নৰৱে আৰু ফিনলেণ্ডত নিষিদ্ধ।

শীতল পানীয়ত ব্যৱহৃত বিভিন্ন ৰাসায়নিক সংৰক্ষকেও শৰীৰত বিপদৰ সৃষ্টি কৰিব পাৰে। যেনে-ছডিয়াম বেঞ্জয়েট। ইয়াৰ পৰা বিভিন্ন এলাৰ্জী আৰু হাপানি ৰোগ হ’ব পাৰে। ছালফাৰ ডাই অক্সাইড আৰু অধিক বিপদজনক ই অন্যান্য বিপদৰ লগতে ক্ৰমোজমৰ বিকৃতিও ঘটাব পাৰে।

শীতল পানীয়ত কোনো পুষ্টিমূল্য নাই, যিখিনি কেলৰি ইয়াৰ পৰা পোৱা যায়। সেয়া ইয়াত থকা চেনিৰ পৰাহে পোৱা যায়।

উৎস: দৈনিক অসম:

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate